ETV Bharat / state

নগা উগ্ৰপন্থী সংগঠনে মুকলি কৰিলে নামতোলাৰ ব্যৱসায়ী মুছলেক আলীক

২৫ নৱেম্বৰত নিষিদ্ধ ড্ৰাগছৰ বেহা চলোৱাৰ অভিযোগত অস্ত্ৰধাৰী নগা উগ্ৰপন্থী সংগঠন NSCN/GPRN-এ অপহৰণ কৰিছিল মুছলেকক ৷

Naga militants released Namtola businessman Muslek Ali
নগা উগ্ৰপন্থী সংগঠনে মুকলি কৰিলে নামতোলাৰ ব্যৱসায়ী মুছলেক আলীক (ETV Bahrat Assam)
author img

By ETV Bharat Assamese Team

Published : December 21, 2024 at 10:49 AM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : নাগালেণ্ডৰ নগা উগ্ৰপন্থী সংগঠনে অসমভূমিৰ পৰা এজন ব্যৱসায়ীক অপহৰণ কৰি নিয়া ঘটনাৰ আজি যৱনিকা পৰিল । নগা উগ্ৰপন্থী সংগঠন NSCN/GPRN-এ শনিবাৰে মুকলি কৰি দিলে চৰাইদেউৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী নামতোলাৰ পৰা অপহৰণ কৰি নিয়া ব্যৱসায়ী মুছলেক আলীক । নিষিদ্ধ ড্ৰাগছৰ বেহা চলোৱাৰ অভিযোগত অস্ত্ৰধাৰী নগা উগ্ৰপন্থী সংগঠনে নিজা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰাই অপহৰণ কৰি লৈ গৈছিল মুছলেক আলীক ।

ইতিমধ্যে সকলোৰে জ্ঞাত যে, যোৱা ২৫ নৱেম্বৰৰ সন্ধিয়া নামতোলা আৰক্ষী চকীৰ নিচেই কাষৰ পৰা নগা দুৰ্বৃত্তই গুলী ফুটাই অপহৰণ কৰিছিল মুছলেক আলী নামৰ অসমৰ ব্যৱসায়ীজনক । মুছলেক আলী নামৰ লোকজনক নিজা ব্যৱসায় প্ৰতিষ্ঠানত বহি থকা সময়তে উক্ত দিনা সন্ধিয়া নামতোলা আৰক্ষী থানাৰ পৰা ১০০ মিটাৰ আঁতৰতে অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ কৰি এখন বগা ৰঙৰ টাটা চুম'ত লৈ গৈছিল ।

মুছলেক আলী (ETV Bharat Assam)
লগতে পঢ়ক : চাঞ্চল্যকৰ অপহৰণ; অসম-নাগালেণ্ডৰ সীমান্তৰ নামতোলাত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ

ব্যৱসায়ীজনৰ দোকানৰ সন্মুখত এটা গ্ৰেণেডো এৰি গৈছিল দুৰ্বৃত্তৰ দলটোৱে । এই অপহৰণৰ ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল CC TV কেমেৰাত । নগা দুৰ্বৃত্তই গুলীচালনা কৰি নাগালেণ্ডৰ পৰা আহি অসমৰ ভূমিত সংঘটিত কৰা এই ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

Naga militants released Namtola businessman Muslek Ali
ড্ৰাগছৰ বেপাৰ নচলাব, অন্যথা... ৷ নগা উগ্ৰপন্থী সংগঠনৰ ভাবুকিপত্ৰখন ৷ (ETV Bharat Assam)

মুছলেক আলীৰ মুক্তিৰ বাবে নগা বিদ্ৰোহী সংগঠনে দাবী কৰিছিল ২৫ লাখ টকা । কিন্তু তেনে সময়ত অপহৃত মুছলেক আলীক বিনাচৰ্তে মুক্তিৰ দাবীত চৰাইদেউৰ নামতোলাত নাগালেণ্ড সংযোগী মূল পথ অৱৰোধ কৰি দিছিল অসমৰ দল-সংগঠনে ।

লগতে পঢ়ক : কিয় অপহৃত মুছলেক আলী: অজ্ঞাত স্থানৰ পৰা ভিডিঅ’ বাৰ্তাত দোষ স্বীকাৰ

৯ নৱেম্বৰত মুছলেক আলীক মুক্তি দিয়াৰ দাবীত নাগালেণ্ডৰ বিৰুদ্ধে পথ অৱৰোধ কৰিছিল অসমৰ দল-সংগঠনে । পথ অৱৰোধৰ ফলত সম্পূৰ্ণৰূপে অচল হৈ পৰিছিল চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাৰ সৈতে যাতায়ত । ইয়াৰ পাছতে আজি পুৱাই নগা উগ্ৰপন্থী সংগঠনটোৱে মুছলেকক মুকলি কৰি দিয়াৰ কথা এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে সদৰী কৰে ৷

লগতে অসম-নগালেণ্ড সীমান্তত ভৱিষ্যতে কোনো লোকে অবৈধ ড্ৰাগছৰ বেহা চলালে চূড়ান্ত শাস্তি বিহা হ'ব বুলি সকীয়নিও প্ৰদান কৰিছে GPRN-এ এখন পত্ৰৰ জৰিয়তে ।

লগতে পঢ়ক : এতিয়াও পণবন্দী মুছলেক আলী, কন্যাক ইউনিয়নৰে আলোচনা অসমৰ দল-সংগঠনৰ