ETV Bharat / state

কেতিয়া সমাধান হ'ব অসম-নাগালেণ্ড সীমান্ত সমস্যা ?

এইবাৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত ৰবৰ খেতি কৰিছে নগাই । উক্ত অঞ্চল পৰিদৰ্শন কৰি অসম আৰক্ষীয়ে দিলে নগাক সকীয়নি ।

Naga Aggression
অসমত প্ৰৱেশ নকৰিবলৈ নগাক সকীয়নি আৰক্ষীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 6, 2025 at 6:30 PM IST

4 Min Read
Choose ETV Bharat

যোৰহাট : চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ সৈতে অসমৰ সীমান্ত বিবাদ ১৯৬৩ চনৰ ১ ডিচেম্বৰতেই আৰম্ভ হৈছিল । তদানীন্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে যেতিয়া নগা পিপ’লছ কনভেশ্যনৰ লগত ১৬ দফীয়া চুক্তি স্বাক্ষৰ কৰি নাগালেণ্ড গঠন কৰিছিল । তেতিয়াৰ পৰাই নগাই অসমৰ ভূমিত অবাধ হাৰত আগ্ৰাসন চলাইয়ে আছে ।

নগাই এইবাৰ যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নীৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ সেউজ ভূমি উচন কৰি ৰবৰৰ বাগিচা স্থাপন কৰিছে । এই বাতৰি ইটিভি ভাৰতত সম্প্ৰচাৰ হোৱাৰ পিছতে গা লৰিছে অসমৰ প্ৰশাসনৰ ।

দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ আগ্ৰাসন পৰিদৰ্শন প্ৰশাসনৰ (ETV Bharat Assam)

মৰিয়নীৰ নাগাজাংকা চাহ বাগিচাৰ কাষতে থকা দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত অগ্নিসংযোগ কৰাৰ পিছতে আগ্ৰাসী নগাই বেদখলীকৃত অসমৰ ভূমিত ৰবৰৰ বাগিচা স্থাপন কৰাৰ পিছতে দেওবাৰে ঘটনাস্থলীত উপস্থিত হয় অসমৰ প্ৰশাসনৰ এটা বৃহৎ দল ।

Naga Aggression
অসমৰ ভূমিত নগাৰ আগ্ৰাসন (ETV Bharat Assam)

তিতাবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত সীমান্ত দণ্ডাধীশ তথা মৰিয়নীৰ আঞ্চলিক বনবিষয়া সহিতে অসমৰ প্ৰশাসনৰ দলটোৱে দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই বেদখল কৰা স্থান পৰিদৰ্শন কৰে । ইফালে নাগালেণ্ডৰ মোককচাং জিলাৰ সীমান্ত দণ্ডাধীশ তথা নাগালেণ্ডৰ মাকোলুম্বা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত অহা নাগালেণ্ড প্ৰশাসনৰ এটা দলেও দিচৈ ভেলীত অসমৰ প্ৰশাসনৰ সৈতে সীমা সমস্যা সন্দৰ্ভত এক আলোচনাত মিলিত হয় ।

Naga Aggression
অসমৰ ভূমিত প্ৰৱেশ কৰি নগাই কাটিলে গছ (ETV Bharat Assam)

মন কৰিবলীয়া যে দিচৈ ভেলী বনাঞ্চলৰ ওচৰেৰে যোৱা ঐতিহাসিক দুলাল বৰুৱা পথক দুয়োখন ৰাজ্যৰ সীমাৰেখা হিচাপে নগা প্ৰশাসনে চিহ্নিত কৰি অসমৰ প্ৰশাসনক বেদখল সন্দৰ্ভত বিপথে পৰিচালিত কৰিবলৈ প্ৰচেষ্টা চলায় । এনে কাৰ্যকলাপক অসমৰ স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰি অসম চৰকাৰে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ দাবী উত্থাপন কৰে অন্যথা প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰে ।

Naga Aggression
নগাক সকীয়নি অসম আৰক্ষীৰ (ETV Bharat Assam)

আনহাতে, সীমান্তৰ গাঁৱৰ এগৰাকী লোকে কয়, "১৯৬৩ চনত অসমৰ পৰা পৃথক হোৱা দিনৰ পৰাই নগাই অসমৰ মাটি তথা দিচৈ ভেলী সংৰক্ষিত বনাঞ্চল দখল কৰি আহিছে । মোৰ জন্মৰ পৰাই সীমান্তত আছো আৰু ইয়াত ডাঙৰ দীঘল হৈছোঁ, তেতিয়াৰ পৰাই আমি দেখি আহিছোঁ যে নগাই ওচৰৰ বনাঞ্চল দখল কৰি ঝুম খেতি কৰিবলৈ আহে । তেতিয়াই অসমৰ প্ৰশাসনে বাধা দিয়ে, ফলত সেই স্থান ত্যাগ কৰি গুচি যায় । তদানীন্তন সাংসদ দুলাল বৰুৱাই ইয়াত এটা বন নিৰীক্ষণ পথ নিৰ্মাণ কৰিছিল । সেই পথৰ অচিলা লৈ নগাই দিচৈ ভেলী সংৰক্ষিত বনাঞ্চল দখল কৰি সেয়া নাগালেণ্ড বুলি কৈছিল । আজি নগাই দখল কৰা স্থান আৰু স্থাপন কৰা ৰবৰৰ বাগিচা অসম প্ৰশাসনৰ এটা দলে পৰিদৰ্শন কৰে আৰু এই অঞ্চললৈ পুনৰ নগালোক আহিলে আটক কৰা হ'ব বুলি নাগালেণ্ড প্ৰশাসনক অৱগত কৰে । এই কথা শুনি আমাৰ অলপ হ'লেও ভাল লাগিছে ।"

Naga Aggression
অসম আৰু নাগালেণ্ড প্ৰশাসনৰ আলোচনা (ETV Bharat Assam)

তেওঁ লগতে কয়, "নগাই দখল কৰা অন্য স্থানসমূহ অসম প্ৰশাসনে নিজৰ দখললৈ আনি সীমান্তবাসী অসমীয়াৰ জীৱন সম্পত্তি নিৰাপত্তা দিব লাগে ।" তেওঁ আন এক প্ৰসংগ উল্লেখ কৰি কয়, "অযোধ্যা বিবাদ নিষ্পত্তি হ'ল, কিন্তু অসম-নাগালেণ্ড সীমা সমস্যা সমাধান হোৱা নাই ।"

Naga Aggression
অসম নাগালেণ্ড সীমান্ত বিবাদ (ETV Bharat Assam)

তেওঁ এই সমস্যা শীঘ্ৰে সমাধান কৰিবলৈ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক আহ্বান জনায় । তেওঁৰ মতে দুয়োখন ৰাজ্যতে বিজেপি চৰকাৰ আছে । আনহাতে, যোৱা প্ৰায় ২০ বছৰ ধৰি নগাই দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি আহিছে বুলিও বন বিভাগৰ এগৰাকী লোকে উল্লেখ কৰে । সকলোৰে এটাই প্ৰশ্ন যে অসম নাগালেণ্ডৰ সীমান্ত সমস্যা কেতিয়া সমাধান হ'ব ?

লগতে পঢ়ক :সমষ্টি পুনৰ নিৰ্ধাৰণে সলনি কৰিলে এগৰাকী দুৰ্ভগীয়া মহিলাৰ ভাগ্য - HUMANITY OF MLA MRINAL SAIKIA