গুৱাহাটী: আস্থা, বিশ্বাস, ৰহস্য, অলৌকিকতা, ধৰ্মীয় পৰম্পৰা আৰু বিভিন্ন ধৰণৰ লোকবিশ্বাসৰ স্থল হৈছে শক্তিপীঠ মা কামাখ্যা ধাম বা দেৱালয় বা মন্দিৰ । স্মৰণাতীত কালৰে পৰা এইবোৰৰ সমাহাৰত মা কামাখ্যাই ভক্তসকলৰ উৎসুকতা বৃদ্ধি কৰি আহিছে । যাৰ প্ৰতিফলন দেখিবলৈ পোৱা যায় প্ৰতিদিনে কামাখ্যা দৰ্শনৰ বাবে অহা ভক্তসকলৰ ভক্তি ভাবত । বিশেষকৈ অম্বুবাচীৰ সময়ত লানি নিছিগা ভক্তৰ সোঁতে প্ৰমাণ কৰে মা কামাখ্যাৰ গৰিমা আৰু প্ৰভাৱৰ কথা ।
সেউজ আৱৰণেৰে সুশোভিত নীলাচল পাহাৰৰ শীৰ্ষত, মহাবাহু ব্ৰহ্মপুত্ৰৰ কাষৰতে অৱস্থিত মা কামাখ্যা মন্দিৰ কেৱল এক পৱিত্ৰ স্থানেই নহয়, ইয়াৰ গুৰুত্ব ততোধিক । ই ৰহস্যবাদ, তান্ত্ৰিক পৰম্পৰা আৰু ঐশ্বৰিক নাৰী শক্তিৰ এক আধ্যাত্মিক কেন্দ্ৰবিন্দু ।
প্ৰতিবছৰে অম্বুবাচী মেলাৰ সময়ত হাজাৰ হাজাৰ তীৰ্থযাত্ৰী, সাধু, পৰ্যটক এই প্ৰাচীনতম শক্তিপীঠত একত্ৰিত হৈ প্ৰকৃতিৰ শক্তিৰ প্ৰতীকী উদযাপনৰ সাক্ষী হয় । কিন্তু বিশ্বাস আৰু ভক্তিৰ লগতে কিছু অন্ধবিশ্বাস আৰু ভ্ৰান্ত ধাৰণাই এই পূজনীয় স্থলৰ প্ৰকৃত সত্যক ঢাকি ৰাখিছে ।
অম্বুবাচী আৰু ৰঙা নদীৰ উৰাবাতৰি
কামাখ্যা মন্দিৰক লৈ সাধাৰণতে প্ৰচাৰিত লোকবিশ্বাসবোৰৰ ভিতৰত এটা হৈছে অম্বুবাচীৰ সময়ত ব্ৰহ্মপুত্ৰ নদী ৰঙা হৈ পৰে । কিছুমানে ইয়াক ধৰিত্ৰী মাতৃৰ ঋতুমতীৰ চিন বুলি ক'ব খোজে । কিন্তু এই দাবীৰ কোনো বৈজ্ঞানিক বা আধ্যাত্মিক ভিত্তি নাই ।

ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কামাখ্যা মন্দিৰৰ সৰু দলৈ হিমাদ্ৰী শৰ্মাই স্পষ্ট কৰি দিয়ে, “অম্বুবাচীত দেৱী কামাখ্যাৰ বাৰ্ষিক ঋতুচক্ৰ চিহ্নিত কৰা হয়, যিটো হৈছে উৰ্বৰতা আৰু সৃষ্টিশীলতাক প্ৰতিনিধিত্ব কৰা এক গভীৰ প্ৰতীকী অনুষ্ঠান । কিন্তু ব্ৰহ্মপুত্ৰই ৰং সলনি কৰে বুলি কৰা ধাৰণাটো সম্পূৰ্ণ কাল্পনিক । ই এনে এক বিশ্বাস, যিটো মুখ বাগৰি আহিছে । কিন্তু প্ৰকৃততে এইটো তথ্যভিত্তিক নহয় ।”

পৱিত্ৰ ৰঙা বস্ত্ৰ
অম্বুবাচীৰ সময়ত তিনিদিন ধৰি এই কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হৈ থাকে । ই এক প্ৰকাৰে দেৱীৰ বিশ্ৰামৰ সময়ক বুজায় । এই সময়ত দেৱীক ৰঙা কাপোৰেৰে মেৰিয়াই থোৱা হয়, যিটো হৈছে মা কামাখ্যাৰ ঋতুচক্ৰৰ প্ৰতীক । আনহাতে, মন্দিৰৰ দুৱাৰ পুনৰ মুকলি হ’লেই এই ৰঙা কাপোৰখন ভক্তসকলৰ মাজত মহাপ্ৰসাদ হিচাপে বিতৰণ কৰা হয় । যিটো হৈছে এক শক্তিশালী আধ্যাত্মিক চিন । ইয়াক দেৱীৰ আশীৰ্বাদ হিচাপেও বিশ্বাস কৰা হয় ।

হিমাদ্ৰী শৰ্মাই লগতে কয়, “ৰঙা কাপোৰখনে জীৱন, উৰ্বৰতা আৰু ঐশ্বৰিক নাৰীত্বক প্ৰতিনিধিত্ব কৰে । ই কিছুমানে কল্পনা কৰা ধৰণে বাস্তৱিক তেজ নহয় । এনেধৰণৰ প্ৰতীকবাদক সন্মান কৰিব লাগে, কিন্তু ইয়াৰ ভুল ব্যাখ্যা কৰিব নালাগে ।”
নিজে নিজে দুৱাৰ খোলে ?
আন এক বহুলভাৱে প্ৰচলিত বিশ্বাস হৈছে যে অম্বুবাচীৰ সময়ত মন্দিৰৰ দুৱাৰবোৰ অলৌকিকভাৱে বন্ধ হৈ নিজে নিজে পুনৰ খোল খায় । হিমাদ্ৰী শৰ্মাই এই ভ্ৰান্ত ধাৰণাটোকো দূৰ কৰি কয়, "ইয়াত কোনো অলৌকিকতা নাই । যুগ যুগ ধৰি চলি অহা ৰীতি-নীতি অনুসৰণ কৰি মন্দিৰৰ সেৱকসকলে দুৱাৰবোৰ আনুষ্ঠানিকভাৱে বন্ধ কৰি দিয়ে আৰু পুনৰ খুলি দিয়ে । বিশ্বাসে এই আচাৰ-ব্যৱহাৰবোৰক অৰ্থ প্ৰদান কৰিলেও কিন্তু ৰহস্যময় শক্তিৰ বাবে এয়া হোৱা বুলি ধৰিলে প্ৰায়ে শ্ৰদ্ধা আৰু অন্ধবিশ্বাসৰ মাজৰ সীমাৰেখাডাল অস্পষ্ট হৈ পৰে ।"

নৰবলিৰ অযুক্তিকৰ লোকবিশ্বাস
সম্ভৱতঃ আটাইতকৈ আতংকজনক ভ্ৰান্ত ধাৰণাটো হ’ল কামাখ্যা মন্দিৰৰ লগত নৰবলিৰ সম্পৰ্ক । মন্দিৰ কৰ্তৃপক্ষ আৰু পুৰোহিতসকলে বাৰে বাৰে এই বিষয়ত স্পষ্টীকৰণ প্ৰদান কৰাৰ পিছতো এই লোকবিশ্বাসটো অব্যাহত আছে । হিমাদ্ৰী শৰ্মাই দৃঢ়তাৰে কয়, “কামাখ্যাত নৰবলিৰ কোনো ঐতিহাসিক প্ৰমাণ একেবাৰেই নাই ।" তেওঁ লগতে উল্লেখ কৰে, “ছাগলী, পাৰ, হাঁহ আৰু মাজে মাজে মাছৰ দৰে পশুবলি কাৰ্য নিৰ্দিষ্ট তান্ত্ৰিক ৰীতি-নীতিৰ অংশ হিচাপে কৰা হয় । কিন্তু এইবোৰ হৈছে পৰম্পৰাগত বলিদান, ই হিংসাত্মক কাৰ্য নহয় ।”
যেতিয়া ভক্তি কু-অভিপ্ৰায়ৰ হয়
একাংশ দৰ্শনাৰ্থীৰ উদ্দেশ্যক লৈয়ো উদ্বেগ প্ৰকাশ কৰে কামাখ্যাৰ সৰু দলৈ হিমাদ্ৰী শৰ্মাই । এই সম্পৰ্কত তেওঁ কয়, "সকলোৱে নিৰ্মল হৃদয়েৰে অম্বুবাচীলৈ আহে বুলি ধৰি লোৱাটো সঠিক নহ'ব । কিছুমানে মন্দিৰৰ পবিত্ৰ পৰিৱেশ বিকৃত কৰাৰ এজেণ্ডা লৈ আহে । এই কাৰ্যই প্ৰায়ে বিতৰ্কৰ সৃষ্টি কৰে আৰু মন্দিৰৰ ভাবমূৰ্তি কলংকিত কৰে ।"

কামাখ্যা সন্দৰ্ভত স্পষ্ট ধাৰণাৰ বাবে এক আহ্বান
এনে এক ভূমি, য'ত বিশ্বাসে জীৱনক গঢ় দিয়ে আৰু ৰীতি-নীতিয়ে প্ৰকৃতিৰ ছন্দ প্ৰতিফলিত কৰে, সেই ভূমিত কামাখ্যা মন্দিৰ প্ৰাচীন প্ৰজ্ঞাৰ প্ৰতীক হিচাপে থিয় দি আছে । কিন্তু তথ্যৰ যুগত বিশ্বাসে সজাগতাৰ সৈতে হাতে হাত ধৰি খোজকাঢ়িব লাগিব । প্ৰসংগ অবিহনে পৰম্পৰাক ৰোমাণ্টিক বা দানৱীকৰণ কৰাটোৱে আমাক এইবোৰে প্ৰকৃততে কি প্ৰতিনিধিত্ব কৰে সেই সত্তাৰ পৰা ক্ৰমান্বয়ে আঁতৰাই পেলায় । মা কামাখ্যাৰ পৱিত্ৰতাক অক্ষুণ্ণ ৰাখিবলৈ সাংস্কৃতিক গভীৰতাক সুবিধাবাদী লোকবিশ্বাসৰ পৰা পৃথক কৰাটো অতি প্ৰয়োজনীয় । লগতে ভয়েৰে ভক্তি নহয়, সত্যৰে সন্মান কৰাটো অতি প্ৰয়োজনীয় ।