অৰুণাচলত কাম কৰিবলৈ যোৱা হাইথা বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ চিমেন নদীত
হত্য়া নে দুৰ্ঘটনা ? এক ৰহস্য়জনক পৰিৱেশত উদ্ধাৰ হৈছে চিমেন চাপৰিৰ এজন লোকৰ মৃতদেহ ।

Published : June 6, 2025 at 3:56 PM IST
|Updated : June 6, 2025 at 8:52 PM IST
জোনাই : ধেমাজি জিলাৰ চিমেন চাপৰিৰ এজন লোকে পাঁচদিন পূৰ্বে অৰুণাচল প্ৰদেশৰ ইষ্ট ছিয়াং জিলাৰ দালি গাঁৱলৈ গৈছিল কামৰ সন্ধানত । এই গাঁওখনৰ এটা পৰিয়ালত লোকজনে হালোৱা হিচাপে থাকিবলৈ লয়; কিন্তু আজি হঠাতেই এক ৰহস্য়জনক পৰিৱেশত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ ।
ধেমাজি জিলাৰ চিমেন নদীত উদ্ধাৰ হৈছে এটি উটি অহা মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহটো অৰুণাচল প্ৰদেশৰ ইষ্ট ছিয়াং জিলাৰ দালি গাঁৱত হালোৱা হিচাপে থকা চিলাপথাৰৰ চিলিৰ ভাৰত ওৰফে হাইথা বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে । জিলাখনৰ চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত চিমেন নদীত উটি অহা মৃতদেহটো শুকুৰবাৰে পুৱা প্ৰায় ৫ বজাত উদ্ধাৰ হয় ৷
জানিব পৰা মতে, চিমেন নদীত দলং নিৰ্মাণৰ বাবে চোৱা-চিতাৰ দায়িত্বত থকা লোকসকলে আজি পুৱাৰ ভাগত উটি অহা মৃতদেহটো প্ৰত্যক্ষ কৰে । লগে লগে স্থানীয় ৰাইজ উপস্থিত হৈ চিমেন চাপৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷
ইয়াৰ পিচতেই এই উটি অহা মৃতদেহটো চিলাপথাৰৰ চিলিৰ ভাৰত বসুমতাৰী ওৰফে হাইথা বসুমতাৰী (৪৫) বুলি স্থানীয় ৰাইজে চিনাক্ত কৰে । এই সন্দৰ্ভত পৰিয়ালৰ লোক এজনে কয়, "লোকজনে অৰুণাচলৰ ৱেষ্ট ছিয়াং জিলাৰ দালি গাঁৱৰ এজন আৰুণাচলী মানুহৰ ঘৰত হালোৱা হিচাপে থাকিবলৈ গৈছিল । ইয়াৰ পিছতে সোমবাৰে অৰুণাচলী লোকজনে পৰিয়ালক ভাৰত বসুমতাৰী নিখোজ হোৱাৰ খবৰ জনাইছিল; কিন্তু আজি হঠাতে নদীত উটি অহা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহটো ।"
এই সন্দৰ্ভত তেওঁ পুনৰ কয়, "মোৰ ককাইদেউ সোমবাৰে অৰুণাচলৰ ৱেষ্ট ছিয়াং জিলাৰ দালি গাঁৱৰ এজন আৰুণাচলী মানুহৰ ঘৰত হালোৱা হিচাপে কাম কৰিবলৈ গৈছিল । বুধবাৰে আৰুণাচলী মানুহজনে খবৰ দিলে মানুহজন সন্ধানহীন হোৱা বুলি । তেতিয়াৰ পৰা কোনো খবৰ নাছিল যদিও আজি পুৱা চিমেন নদীত তেওঁৰ মৃতদেহটো উদ্ধাৰ হয় ।"
বৰ্তমানলৈকে লোকজনৰ মৃতদেহ এই ঠাই কেনেকৈ পালে সেয়াও জানিব পৰা হোৱা নাই । লোকজনৰ মৃত্যুৰ সঠিক কাৰণ মৰণোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনা পোহৰলৈ আহিব । লোকজনে মৃত্যুৰ সময়ত ৪ গৰাকী সন্তান তথা দুগৰাকী পত্নী এৰি যায় ।

