চৰম সিদ্ধান্ত লোৱা প্ৰধান শিক্ষয়িত্ৰীয়ে লিখি থৈ যোৱা এখন পত্ৰই লগাইছে হাহাকাৰ
বিহালীত এগৰাকী প্ৰধান শিক্ষয়িত্ৰীয়ে ল'লে চৰম সিদ্ধান্ত । কোনে চলাইছিল মানসিক নিৰ্যাতন ?

Published : July 7, 2025 at 12:32 PM IST
বিশ্বনাথ: বিশ্বনাথৰ বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰীৰ ৰহস্যজনক মৃত্যুক লৈ তীব্ৰ উত্তেজনা অব্যাহত আছে । মৃত্যুৰ পূৰ্বে লিখি থৈ যোৱা এখন পত্ৰইও এতিয়া খলকনিৰ সৃষ্টি কৰিছে । পত্ৰখনৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক আটক কৰিছে ।
উল্লেখ্য যে দেওবাৰে লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মায়া দেৱী উপাধ্যায়ে চৰম সিদ্ধান্ত লৈছিল । ঘৰৰ ভিতৰতে উদ্ধাৰ হৈছিল প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ মৃতদেহ । আনহাতে মায়া দেৱীৰ কোঠাতে উদ্ধাৰ হৈছিল এখন পত্ৰ । য'ত তেওঁ বিহালী শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মিলন দাসৰ নাম উল্লেখ কৰি থৈ গৈছে । লগতে পত্ৰখনত লোহাইৰাম মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক ব্ৰজেন দাসৰ নামো উল্লেখ কৰা আছে । যাৰ বাবে শিক্ষা বিষয়াৰ নিৰ্যাতন সহিব নোৱাৰিহে দেওবাৰে প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ে চৰম পন্থা লোৱা বুলি সকলোৱে সন্দেহ কৰিছে ।
এই সন্দৰ্ভত শিক্ষয়িত্ৰীগৰাকীৰ স্বামীয়ে কয়, "বিগত কিছুদিনৰ পৰা মোৰ পত্নী ডিপ্ৰেছ হৈ আছিল, নিৰাশ হৈ আছিল...। বিহালী শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মিলন দাসে মোৰ পত্নী তথা লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মায়া দেৱী উপাধ্যায়ক বিদ্যালয়ৰ বিভিন্ন বিষয়ক লৈ মানসিকভাৱে অকথ্য নিৰ্যাতন চলাই যোৱাৰ লগতে ৰাজহুৱাভাৱে বহুবাৰ অপবাদ দি, অপমান কৰি চাকৰি খোৱাৰ ভাবুকি দি আহিছিল ।"


শিক্ষা বিষয়া মিলন দাসে শিক্ষয়িত্ৰীগৰাকীৰ জুন মাহৰ দৰমহা পৰ্যন্ত বন্ধ কৰি হাৰাশাস্তি কৰাৰো অভিযোগ আছে । আনহাতে বিহালীৰ নাচবৰৰ নিবাসী লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ে মৃত্যুৰ পূৰ্বে পত্ৰত লিখি থৈ যায় মিলন দাস আৰু বিদ্যালয়খনৰ সহকাৰী শিক্ষক ব্ৰজেন দাসে মানসিকভাৱে অত্যাচাৰ চলোৱাৰ কথা ।
স্বামীয়ে লগতে কয়, "তেওঁ অপমানবোধ কৰিছিল । নকৰা কথাবিলাক লগাইছে । তেওঁ চিকিৎসাধীনো হ'বলগা হৈছিল । এই সন্দৰ্ভত সাংসদ ৰঞ্জিত দত্তকো অৱগত কৰিছিলোঁ । ডিচি ছাৰেও মাতিলে আৰু মতামত ল'লে...। কিন্তু তাৰ পিছতো মোৰ পত্নীয়ে অপমানবোধ পাহৰি যোৱা নাছিল । এই বিষয়টো মুখ্যমন্ত্ৰীৰো দৃষ্টি আকৰ্ষণ কৰিছোঁ ।"
ইফালে শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰ ভিত্তিত বিহালী আৰক্ষী আৰু বাক্সা আৰক্ষীয়ে বিহালীৰ শিক্ষা বিষয়া মিলন দাসক আটক কৰিছে বুলি জানিব পৰা গৈছে । লোহাইৰাম মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক ব্ৰজেন দাসকো আটক কৰা বুলি জানিবলৈ দিছে বিহালী আৰক্ষীয়ে ।
টোকা: (যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)
লগতে পঢ়ক :কেতিয়া সমাধান হ'ব অসম-নাগালেণ্ড সীমান্ত সমস্যা ? - NAGA AGGRESSION

