পথৰ কাষৰ গৃহহীন গোপাল দাসৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰিলে বাবু আলীহঁতে
মুছলমান লোকে সম্পন্ন কৰিলে হিন্দু লোকৰ অন্ত্যোষ্টিক্ৰিয়া । মঙলদৈত দেখুৱালে সম্প্ৰীতিৰ নিদৰ্শন ।

Published : February 4, 2025 at 6:47 PM IST
মঙলদৈ: যি সময়ত ৰাজনৈতিক নেতাই সাম্প্ৰদায়িকতাৰ বীজ সিঁচি সমাজত অসূয়া-অপ্ৰীতিৰ সৃষ্টি কৰিছে, তেনে সময়তে একাংশ লোকে দাঙি ধৰিছে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন । মঙলদৈত ধৰ্মীয় ভাতৃত্ববোধৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিলে কেইজনমান মুছলমান যুৱকে । মঙলদৈৰ পলি ক্লিনিকৰ ওচৰে পাজৰে থকা গৃহহীন পথৰ এজন ভিক্ষাৰীৰ মৃত্যুৰ পিছত সৎকাৰৰ যাৱতীয় সকলো কামেই কৰিলে এই সকল মুছলমান সম্প্ৰদায়ৰ যুৱকসকলে ।
উল্লেখযোগ্য যে নিজা কোনো স্থায়ী ঠিকনা নথকা গোপাল দাস নামৰ ব্যক্তিগৰাকীয়ে বহু দিনৰ পৰাই মঙলদৈৰ ১ নং ৱাৰ্ডৰ শান্তিপাৰা অঞ্চলত একাংশ মুছলমান সম্প্ৰদায়ৰ লোকৰ সহায়ত বিভিন্ন অঞ্চলত কাম বন কৰি চলি আহিছিল । এইক্ষেত্ৰত উক্ত অঞ্চলৰ লোকসকলে গোপাল দাস নামৰ লোকজনক চোৱাচিতাও কৰি আহিছিল ।
অৱশ্যে লাহে লাহে বয়স বাঢ়ি অহাত পৰৱৰ্তী সময়ত মঙলদৈ চহৰৰ মাজমজিয়াত থকা ৰাম-জানকী মন্দিৰৰ সন্মুখত বহি ভিক্ষা খুজিও জীৱন-নিৰ্বাহ কৰি আহিছিল । ইয়াৰ মাজতে প্ৰায় ৭০ বছৰ বয়সীয়া ব্যক্তিগৰাকী হঠাতে অসুস্থ হৈ পৰে আৰু সোমবাৰে তেওঁৰ মৃত্যু হয় । যিহেতু গোপাল দাস শান্তিপাৰা অঞ্চলত বাস কৰিছিল আৰু উক্ত অঞ্চলৰ মুছলমান লোকসকলৰ সৈতে এটা ভাল সম্পৰ্ক আছিল । সেয়েহে গোপাল দাসৰ মৃত্যুৰ পিছত চিকিৎসালয়ৰ পৰা মৃতদেহ চমজি লৈ হিন্দু ৰীতি-নীতি অনুসৰি মুছলমান যুৱকসকলেই মঙলদৈ ভেবাৰঘাট ৰাজহুৱা শ্মশানত সৎকাৰৰ ব্যৱস্থা কৰে ।
ইয়াৰোপৰি সৎকাৰৰ বাবে ব্যৱহাৰ হোৱা খৰি আৰু অন্য সামগ্ৰীসমূহ মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাসে যোগান ধৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে । এই সন্দৰ্ভত বাবু আলী নামৰ স্থানীয় যুৱকজনে কয়, "তেওঁ ১৫-২০ বছৰ ধৰি খুজি মাগি খাই ইমান বছৰ ধৰি আমাৰ ঘৰৰ ওচৰ পাজৰে আছিল । তেওঁৰ এতিয়া মৃত্যু হ'ল । হিন্দু নিয়ম মতে শ্মশানত সৎকাৰ কৰিব লাগে, সেই কাৰণে শ্মশানলৈ লৈ আহিছোঁ । অকস্মাতে তেওঁৰ মৃত্যু হ'ল, খোৱা লোৱা আমি দিছিলোঁ, বেমাৰ আজাৰ হ'লেও আমি চাইছিলোঁ, সেয়ে শেষ সময়তো আমি মুছলমান হ'লেও আহিছোঁ ।"
ইফালে আব্দুল বাকিৰ কয়, "আমি বহু বছৰ ধৰি লোকজনক পাই আহিছোঁ, আমি তেওঁৰ নামটোহে জানোঁ । ইয়াতে দেখা দেখি হৈ আছিল, কাম কৰিব নোৱৰাত মঙলদৈ ৰাম মন্দিৰৰ ওচৰ পাজৰে ভিক্ষা কৰি আছিল, ইজনে সিজনে আমি খোৱা খাদ্য দিওঁ সহায় কৰি আছিলোঁ ৷ যোৱা নিশা অসুস্থ হৈছিল । আমি চেষ্টা কৰিও বচাব নোৱাৰিলোঁ । আমাৰ ধৰ্ম নোহোৱাৰ বাবে প্ৰথমে থানাত জনালোঁ । তাৰ পিছত হিন্দু নিয়মমতে শ্মশানলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিলোঁ । ওচৰৰ হিন্দু মানুহো মাতিছো, নিয়ম-নীতিৰ কাৰণে । আমাৰ বিধায়ক বসন্ত দাসেও খৰি দিলে । ভেবাৰঘাট শ্মশানত শেষ বিদায় জনালোঁ । আমাৰ ঠাইখিনিত হিন্দু-মুছলমান মিলাপ্ৰীতিৰে থাকোঁ ।"

