ETV Bharat / state

কেৱল প্ৰেমৰ বাবেই তানবীৰ আজিজ লস্কৰ হ'ল তানবীৰ শৰ্মা

প্ৰেমিক কাছাৰৰ আৰকাটিপুৰৰ আৰু প্ৰেমিকা হৈছে শিলচৰৰ ইটখলাৰ । দুয়োৱে পলাই গৈ দিল্লীত আদালতত বিবাহপাশত আবদ্ধ হ'ল ।

cachar love story
প্ৰেমৰ বাবেই কাৰোবাৰ জীৱনত ফুলে গোলাপৰ কলি... (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 9, 2025 at 1:56 PM IST

3 Min Read
Choose ETV Bharat

শিলচৰ: প্ৰেম, দুখন হৃদয়ৰ মিলনৰ এক গভীৰ শব্দ । সেয়ে কোৱা হয় প্ৰেমত ফুলে শতদল, প্ৰেমত ঘূৰে ভূমণ্ডল । এই প্ৰেমে নামানে কোনো জাতি-ধৰ্ম-বৰ্ণৰ বান্ধোন, ভৌগোলিক সীমাৰ পৰিধি । এই প্ৰেমৰ বাবেই যদি কাৰোবাৰ জীৱনত ফুলে গোলাপৰ কলি, কাৰোবাৰ জীৱন আকৌ সেই গোলাপৰে কাঁইটৰ আঁচোৰত ক্ষত-বিক্ষত হৈ পৰে ।

আনহাতে, বৰ্তমান সময়ত দেশত সৰ্বত্ৰে প্ৰচাৰিত এক শব্দ হৈছে 'লাভ জিহাদ' । এই লাভ জিহাদৰ বলি হৈ বহু যুৱতীৰ জীৱন নৰকত পৰিণত হৈছে । আকৌ বহু যুৱকেও ৰঙাঘৰৰ ভাত খাবলগা হৈছে । ইয়াৰ মাজতে আন এক বিষয় হৈছে প্ৰেমৰ নামত প্ৰতাৰণা । বিশেষকৈ বহু সংখ্যালঘু যুৱকে নিজৰ ভুৱা পৰিচয়েৰে বহু হিন্দু যুৱতীক প্ৰেমৰ ফান্দত পেলাই দিশহাৰা কৰাৰ ঘটনাও সংঘটিত হৈছে । কিন্তু আজিৰ যি প্ৰেম কাহিনী ইয়াত উল্লেখ কৰিব বিচৰা হৈছে সেয়া সম্পূৰ্ণ পৃথক । নিজৰ প্ৰেম আৰু প্ৰেমিকাৰ বাবে সকলো সমৰ্পণ কৰিছে এজন যুৱকে ।

তানবীৰ আজিজ লস্কৰৰ পৰা তানবীৰ শৰ্মালৈ... (ETV Bharat Assam)

প্ৰেমৰ বাবে ধৰ্ম পৰিৱৰ্তন । হিন্দু প্ৰেমিকাক বিয়া কৰাবৰ বাবে এজন মুছলিম যুৱকে কৰিলে ধৰ্ম পৰিৱৰ্তন । ধৰ্ম পৰিৱৰ্তন কৰি তানবীৰ আজিজ লস্কৰ হ'ল তানবীৰ শৰ্মা ।

cachar love story
সনাতন ধৰ্ম গ্ৰহণৰ প্ৰমাণ-পত্ৰ (ETV Bharat Assam)

প্ৰেমে নামানে কোনো বাধা, নামানে কোনো জাতি-ধৰ্ম । শিলচৰত তানবীৰ আজিজ লস্কৰ নামৰ ইছলাম ধৰ্মৰ প্ৰেমিকে নিজৰ প্ৰেমিকাক জীৱনৰ বাবে পাবলৈয়ে গ্ৰহণ কৰিলে সনাতন ধৰ্ম ৷ লগতে হিন্দু প্ৰেমিকাক জীৱন সঙ্গী কৰাৰ বাবেই নাম সলাই তানবীৰ আজিজ লস্কৰ হ'ল তানবীৰ শৰ্মা ।

cachar love story
হিন্দু ধৰ্ম গ্ৰহণ কৰা তানবীৰ আজিজ লস্কৰ (ETV Bharat Assam)

প্ৰেমিক হৈছে কাছাৰৰ আৰকাটিপুৰৰ তানবিৰ আজিজ লস্কৰ । আনহাতে, প্ৰেমিকা শিলচৰ ইটখলাৰ অঞ্জলি ঠাকুৰ ৷ দুয়োৰে মাজত দীৰ্ঘদিনী প্ৰেমৰ সম্পৰ্ক আছিল । পিছে তেওঁলোকৰ এই প্ৰেমত বাধা হৈ থিয় দিছিল তেওঁলোকৰ ধৰ্ম ।

অৱশেষত প্ৰেমিকাক পোৱাৰ বাবেই তানবীৰ আজিজে সলালে নিজৰ ধৰ্ম । শিলচৰ ভাৰত সেৱাশ্ৰম সংঘত সনাতন ধৰ্ম গ্ৰহণ কৰি প্ৰেমিকাক লৈ দিল্লীলৈ পলাই যায় । তাত গৈ তেওঁলোকে আদালতত বিয়া পাতি দাম্পত্য জীৱন আৰম্ভ কৰে । লগতে দুয়োৰে পৰিয়াললৈ আহ্বান, তেওঁলোকে নিজ ইচ্ছামতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু দুয়ো সুখী । সেয়ে পৰিয়ালৰ লোকে যেন তেওঁলোকক কোনো ধৰণে হাৰাশাস্তি নকৰে ।

ইফালে ভিন্ন ধৰ্মী এই প্ৰেমিক যুগলৰ কাহিনীয়ে এতিয়া কাছাৰত যথেষ্ট চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক :মেঘালয়ত সন্ধানহীন সোনমক উত্তৰ প্ৰদেশত উদ্ধাৰ: পেছাদাৰী ঘাতকৰ হতুৱাই স্বামী ৰাজাক হত্যা কৰোৱাইছিল সোনমে - INDORE COUPLE MISSING IN SHILLONG
লগতে পঢ়ক :নিৰ্দোষী নেকি সোনম ৰঘুবংশী ? শ্বিলং আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সোনমৰ পিতৃৰ - INDORE COUPLE MISSING IN SHILLONG