বিধায়ক ৰমাকান্ত দেউৰীয়ে টেট শিক্ষয়িত্ৰীসকলক লৈ মিছা মাতিছে: মুছলিম ছাত্ৰ সন্থা - Protest in Moirabari
Protest in Moirabari : ধিঙৰ মৈৰাবাৰীত মুছলিম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ । বিধায়ক ৰমাকান্ত দেউৰীক তীব্ৰ সমালোচনাৰ মুছলিম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা । অসম চৰকাৰ হায় হায়, ড্ৰাগছ বেপাৰী হুঁচিয়াৰ, ধৰ্ষণকাৰীক ফাঁচি দিয়ক, নাৰীক সুৰক্ষা দিয়ক, মুছলিমৰ ওপৰত অত্যাচাৰ বন্ধ কৰক আদি শ্ল'গানেৰে উত্তাল হৈ পৰে মৈৰাবাৰীৰ আকাশ-বতাহ ।

Published : August 31, 2024 at 1:28 PM IST
ধিং, ৩১ আগষ্ট: মুছলিম ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল মৈৰাবাৰী । কেইবাটাও দাবী উত্থাপনৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে মুছলিম ছাত্ৰ সন্থা, অসমৰ ধিঙৰ কৰ্মকৰ্তাসকলে । বিধায়ক ৰমাকান্ত দেউৰীক তীব্ৰ সমালোচনাৰ উপৰিও বিদেশী খেদাৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা, নাজিৰাৰ মৈদামত কাম কৰা শ্ৰমিকক অত্যাচাৰ কৰা লোকক শাস্তি দিয়াকে আদি কৰি উত্থাপন কৰে কেইবাটাও দাবী ।
- বিধায়ক ৰমাকান্ত দেউৰীয়ে মিছা মাতিছে :
মৈৰাবাৰী প্ৰতিবাদকাৰীসকলৰ দাবী যে, অসম বিধানসভাৰ পবিত্ৰ মজিয়াত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে টেট শিক্ষয়িত্ৰীসকলক লৈ মিছা মাতি সমগ্ৰ অসমতে লাহৰীঘাট মৈৰাবাৰী অঞ্চলক লজ্জানত কৰিছে । মৰিগাঁও জিলাৰ লাহৰীঘাট আৰু মৈৰাবাৰী অঞ্চলত টেট শিক্ষয়িত্ৰীসকলে সুন্দৰকৈ কোনো অসুবিধা নোহোৱাকৈ চাকৰি কৰি আহিছে । বিধায়কগৰাকীয়ে কোনো প্ৰমাণ নোহোৱাকৈ অঞ্চল দুটাৰ বিৰুদ্ধে অপবাদ দিয়াত ৰাজহুৱা ক্ষমা খোজাৰ দাবী জনাই মুছাই ।
ইপিনে বিদেশী খেদাৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি বন্ধ কৰক,বৰপেটা, গোৱালপাৰা জিলাৰ পৰা চৰাইদেউ জিলাৰ মৈদামত পেটৰ তাড়নাত কাম কৰিবলৈ যোৱা শ্ৰমিক নিৰ্যাতনকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰক, উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, অসামাজিক কাম-কাজ বন্ধ কৰক, নাৰী নিৰ্যাতনকাৰীক শাস্তি দিয়ক, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধৰ্ষণকাণ্ড সংঘটিত কৰা ধৰ্ষণকাৰীক আইনী প্ৰক্ৰিয়াৰ জৰিয়তে শাস্তি দিয়ক, স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰক আদি দাবীৰে মৰিগাওঁ জিলাৰ মৈৰাবাৰীত মুছলিম ছাত্ৰ সন্থা অসম (মুছা)ই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
মুছাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত মুছা মৰিগাঁও জিলা সমিতিৰ উদ্যোগত মৈৰাবাৰী আঞ্চলিক সমিতিৰ সহযোগত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অসম চৰকাৰ হায় হায়, ড্ৰাগছ বেপাৰী হুঁচিয়াৰ, ধৰ্ষণকাৰীক ফাচী দিয়ক, নাৰীক সুৰক্ষা দিয়ক, মুছলিমৰ ওপৰত অত্যাচাৰ বন্ধ কৰক আদি শ্ল'গানেৰে মৈৰাবাৰীৰ আকাশ-বতাহ উত্তাল কৰি তোলে মুছাৰ কৰ্মকতাই ।
মুছাৰ সভাপতি আশ্বিক ৰাব্বানীযে কয়,"মুছলমানসকল প্ৰকৃত ভাৰতীয় নাগৰিক । মুছলমানক অত্যাচাৰ সহ্য কৰা নহ'ব । পেটৰ তাড়নাত ৰাজ্যৰ বিভিন্ন প্ৰান্ত কাম কৰিবলৈ যোৱা শ্ৰমিক সকলক নিৰ্যাতন চলোৱা লোকসকলৰ ওপৰত গৃহ বিভাগৰ দায়িত্বত থকা মূখ্যমন্ত্ৰীয়ে ব্যৱস্থা লওক । যিহেতু বিজেপিৰ শিৱসাগৰ জিলাৰ এজন নেতা ময়ুৰ বৰগোঁহাইৰ বিৰুদ্ধে বৰপেটা, গোৱালপাৰা জিলাৰ শ্ৰমিকসকলক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে । গতিকে মুখ্যমন্ত্ৰীয়ে ২৪ ঘন্টাৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰক ।"
লগতে ৰাজ্যখনত স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজৰ পৰা লুন্ঠন কৰাৰ অভিযোগ কৰে ছাত্ৰ নেতাগৰাকীয়ে । প্ৰতিবাদস্থলীৰ পৰাই মৰিগাঁও জিলা আয়ুক্তলৈ ৭ দফীয়া দাবীৰে মুছা মৰিগাঁও জিলা সমিতিয়ে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে বুলি সদৰী কৰে মুছলিম ছাত্ৰ সন্থা ,অসম মুছা মৰিগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক জাকাৰীয়া আলমে ।

