২০৪১ চনৰ ভিতৰত অসমত হিন্দু-মুছলমান জনসংখ্যা সমান হ’ব: মুখ্যমন্ত্ৰীৰ বিস্ফোৰক তথ্য
২০২১, ২০৩১ আৰু ২০৪১ চনৰ জনসংখ্যাৰ পূৰ্বানুমান কৰিলে দেখিব যে হিন্দু-মুছলমানৰ জনসংখ্যা প্ৰায় ৫০:৫০ স্থানলৈ আহিব । মুখ্যমন্ত্ৰীৰ মন্তব্য ।

By PTI
Published : July 24, 2025 at 11:29 AM IST
নিউজ ডেস্ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে বৰ্তমান যিটো হাৰত জনসংখ্যা বৃদ্ধি পাই আছে সেয়া যদি অব্যাহত থাকে তেন্তে ২০৪১ চনৰ ভিতৰত অসমৰ মুছলমান জনসংখ্যা হিন্দুসকলৰ জনসংখ্যাৰ প্ৰায় সমান হ’ব ।
ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে ২০১১ চনৰ লোকপিয়ল অনুসৰি প্ৰায় ৩৪ শতাংশ মুছলমানৰ ভিতৰত ৩১ শতাংশ মুছলমান পূৰ্বতে অসমলৈ প্ৰব্ৰজন কৰা লোক ।

কিছু বছৰৰ পাছত অসমীয়া খিলঞ্জীয়া লোক সংখ্যালঘুত পৰিণত হ’ব নেকি বুলি সোধাত তেওঁ কয়, "এয়া মোৰ তথ্য নহয়, কেৱল লোকপিয়লৰ ফলাফলহে । আজি ২০১১ চনৰ লোকপিয়ল অনুসৰি ৩৪ শতাংশ জনসংখ্যা মুছলমান ।"
আনহাতে, ৰাজ্যখনৰ মুঠ মুছলমান জনসংখ্যাৰ ভিতৰত মাত্ৰ ৩ শতাংশহে খিলঞ্জীয়া অসমীয়া মুছলমান বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৷
Empirical data and past census records show that in a few years from now, Assam’s minority population will be close to 50%! pic.twitter.com/sTpV4ZbRzr
— Himanta Biswa Sarma (@himantabiswa) July 23, 2025
"...তেন্তে ৩১ শতাংশ অসমলৈ প্ৰব্ৰজন কৰা মুছলমান । আৰু ২০২১, ২০৩১ আৰু ২০৪১ চনৰ বাবে সেইটো প্ৰক্ষেপ কৰিলে আপুনি দেখিব যে প্ৰায় ৫০:৫০ স্থানলৈ আহিব । পৰিসংখ্যাগত লোকপিয়লৰ প্ৰতিবেদনত কি কোৱা হৈছে মই মাত্ৰ সেয়াহে উল্লেখ কৰিছোঁ ।" মুখ্যমন্ত্ৰীয়ে দাবী কৰে ।
তেওঁ লগতে কয় যে অভিজ্ঞতাভিত্তিক তথ্য আৰু বিগত লোকপিয়লৰ তথ্যই দেখুৱাইছে যে এতিয়াৰ পৰা কেইবছৰমানৰ পাছত অসমৰ মুছলমান জনসংখ্যা ৫০ শতাংশৰ ওচৰ চাপিব ।

আনহাতে, ২০১১ চনৰ লোকপিয়লৰ তথ্য উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত মুঠ মুছলমান জনসংখ্যা ১.০৭ কোটি, যিটো ৰাজ্যখনৰ মুঠ ৩.১২ কোটি বাসিন্দাৰ ৩৪.২২ শতাংশ । ইয়াৰ বিপৰীতে ৰাজ্যখনত ১.৯২ কোটি হিন্দু লোক আছিল, যিটো মুঠ জনসংখ্যাৰ প্ৰায় ৬১.৪৭ শতাংশ ।
উল্লেখ্য যে ৰাজ্যৰ শাসনাধিস্থিত বিজেপি দল তথা মুখ্যমন্ত্ৰীয়ে নিয়মিতভাৱে জনগাঁথনিগত পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি আহিছে । ইয়াৰে অংশ হিচাপে বুধবাৰে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০১১ চনৰ লোকপিয়ল অনুসৰি কমেও ৯ খন জিলা মুছলমান সংখ্যাগৰিষ্ঠ হৈছে । আনহাতে, ২০০১ চনত ছয়খন জিলাৰ তুলনাত এই সংখ্যা বৰ্তমান কমেও ১১খনলৈ বৃদ্ধি পাইছে । অৱশ্যে ২০২১ চনৰ লোকপিয়লৰ প্ৰতিবেদন এতিয়াও প্ৰস্তুত হোৱা নাই ।

মুখ্যমন্ত্ৰীয়ে দিয়া তথ্য অনুসৰি, ২০০১ চনত যেতিয়া অসমত ২৩ খন জিলা আছিল, তেতিয়া ছখন জিলাত মুছলমান সংখ্যাগৰিষ্ঠ আছিল । সেই জিলাকেইখন হৈছে ধুবুৰী (৭৪.২৯), গোৱালপাৰা (৫৩.৭১), বৰপেটা (৫৯.৩৭), নগাঁও (৫১), কৰিমগঞ্জ (৫২.৩) আৰু হাইলাকান্দি (৫৭.৬৩) ।
আনহাতে, ২০১১ চনত অসমৰ জিলাৰ সংখ্যা ২৭ খনলৈ বৃদ্ধি পোৱাৰ লগতে ইয়াৰে ভিতৰত ৯ খনত মুছলমান সংখ্যাগৰিষ্ঠতা আছিল । সেইকেইখন হৈছে ধুবুৰী (৭৯.৬৭), গোৱালপাৰা (৫৭.৫২), বৰপেটা (৭০.৭৪), মৰিগাঁও (৫২.৫৬), নগাঁও (৫৫.৩৬), কৰিমগঞ্জ (৫৬.৩৬), হাইলাকান্দি (৬০.৩১), বঙাইগাঁও (৫০.২২) আৰু দৰং (৬৪.৩৪) ।

ইফালে উচ্ছেদ অভিযান সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে ৰাজ্যত প্ৰায় ২৯ লাখ বিঘা (প্ৰায় ১০ লাখ একৰ) মাটি বেদখল হৈ আছে ।
"উচ্ছেদ অভিযান চলি থাকিব... (কিন্তু) মই ইমান মাটি উদ্ধাৰৰ পৰিকল্পনা কৰিব নোৱাৰোঁ । মোৰ আয়ুস শেষ হ'ব, কিন্তু তেতিয়াও সমগ্ৰ বেদখল কৰা মাটি খালী কৰিব পৰা নহ'ব ।" তেওঁ লগতে কয় ।
উল্লেখ্য যে সোমবাৰে মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল যে এই বিপুল পৰিমাণৰ ভূমি ৰাজ্যখনৰ “অবৈধ বাংলাদেশী আৰু সন্দেহযুক্ত নাগৰিক”ৰ দখলত আছে ।
তেওঁ লগতে দাবী কৰে যে ২০২১ চনত ক্ষমতা দখল কৰাৰ পিছত দৰং জিলাৰ গৰুখুঁটিত সংঘটিত অভিযানৰ অন্তত উচ্ছেদ অভিযান বন্ধ কৰিবলৈ তেওঁৰ চৰকাৰ 'আন্তঃৰাষ্ট্ৰীয় হেঁচা'ৰ সন্মুখীন হৈছিল ।

