মৰিগাঁও : মৰিগাঁৱত মুম্বাই আৰক্ষীৰ চি আই ডি দলৰ অভিযান ৷ মৰিগাঁও আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত এক কোটি টকা চাইবাৰ লুণ্ঠন কৰা ৫ অপৰাধীক গ্ৰেপ্তাৰ ৷
উল্লেখ্য যে, এই অপৰাধীয়ে আৰক্ষীৰ পৰা পলাই থাকিবলৈ লুকাই থাকে ঘৰৰ চিলিঙত ৷ আনকি এটা ঘৰৰ এখন চিলিঙৰ ওপৰতে গোপন চিলিঙো নিৰ্মাণ কৰি লৈছিল ৷ অৱশেষত ঘৰৰ চিলিঙৰ পৰাই আৰক্ষীয়ে বহু কৌশল অৱলম্বন কৰি গ্ৰেপ্তাৰ কৰে তাৰে এজনক ৷
এই চক্ৰটোৱে মুম্বাইৰ HSBC বেংকৰ পৰা ভুৱা নথিপত্ৰৰে ক্ৰেডিট কাৰ্ড বনাই সৰকাইছিল এই বৃহৎ পৰিমাণৰ ধন ৷ মৰিগাঁৱৰ লাহৰীঘাটত মুম্বাই আৰক্ষীৰ চি আই ডিৰ এটা দলে মৰিগাঁও আৰক্ষীৰ সহযোগত বুধবাৰে নিশা অভিযান চলাই প্ৰেপ্তাৰ কৰে ক্ৰমে ইলিয়াছ আহমেদ, আজহাৰুল ইছলাম, মহিবুৰ ৰহমান, মহিউদ্দিন আহমেদ আৰু আবুব্বকৰ ছিদ্দিকিক ৷
মৰিগাঁও আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সদৰী কৰে এই তথ্য । আৰক্ষী বিষয়াজনে জনোৱা অনুসৰি, মুম্বাইৰ আজাদ ময়দান থানাৰ গোচৰ নং ৩৭১/২৪ ৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে চাইবাৰ অপৰাধীকেইজনক ৷ ধৃত চাইবাৰ গেঙৰ ৩ জন চাইবাৰ অপৰাধীয়ে পূৰ্বেও এক্সিচ বেংকৰ পৰা ধন আত্মসাত কৰি জে'ললৈ গৈছিল ৷
চাইবাৰ গেঙে এতিয়া কম বয়সৰ যুৱকৰ ফিংগাৰ প্ৰিণ্ট লৈ আধাৰ কাৰ্ডত ভুৱা লোকৰ ফটো সংলগ্ন কৰি আধাৰ কাৰ্ড বনায় আৰু সেই আধাৰ কাৰ্ড ব্যৱহাৰ কৰি এই অপৰাধ চলায় বুলি অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জনায় ৷
মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই এই সন্দৰ্ভত কয়, "মৰিগাঁও আৰক্ষীৰ চাইবাৰ অপৰাধীৰ বিপক্ষে অভিযান চলিয়ে আছে । সময়ে সময়ে বিভিন্ন ৰাজ্যৰ আৰক্ষী আহে ইয়ালৈ । আহি ইয়াত অভিযান চলায় । আমিও বিভিন্ন বস্তু ইয়াত পালে কমিউনিকেট কৰো । ইয়াৰ যিবিলাক চাইবাৰ ফ্ৰডষ্টাৰ আছে যদি কোনোবা বেলেগ জাগাত যায় কৰিছে আমি গম পালে জনাও । তেনেদৰে মুম্বাই পুলিচ আহিছিল যোৱাকালি । চি আই ডিৰ এটা বৃহৎ টীম আহিছিল । আহি আমাৰ লগতে কথা-বতৰা পাতিলে ।"
তেওঁ লগতে কয়, "এইচ ডি এফ চি বেংকত এটা ফেক ক্ৰেডিট কাৰ্ডৰ স্কেম কৰিছিল । তাত যিবিলাক ব্যক্তিৰ তথ্য আমাক দিছিল সেই ব্যক্তিবিলাক আমাৰ লাহৰীঘাট আৰু মৈৰাবাৰীৰ । ইতিমধ্যে আমি তেওঁলোকৰ লগত কথা-বতৰা পাতিলো । তাত আজাদ ময়দান নামৰ পুলিচ ষ্টেচনত কেছ এটা ৰেজিষ্টাৰ হৈছিল ৩৭১/২০২৪ । সেই কেছ সংক্ৰান্তত তেওঁলোকৰ গোটেই টীমটো আহিছিল । এইচ এছ বি চি বেংকৰ ছিনিয়ৰ অফিচিয়েলছো আহিছিল ।"