মৃগাংক বৰ্মন হত্যাকাণ্ড; হত্যাকাৰীক লগত লৈ ঘটনাস্থলীত আৰক্ষীৰ দল
মৃগাংক বৰ্মন হত্যাকাণ্ডৰ পুনৰ দৃশ্যায়নৰ বাবে অভিযুক্তক লগত লৈ ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল ।

Published : May 17, 2025 at 11:53 AM IST
গুৱাহাটী : পৰকীয়া প্ৰেমৰ বাবে গুৱাহাটীত উদীয়মান অভিনেতাৰ হত্যাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । অভিনেতা মৃগাংক বৰ্মনৰ হত্যাকাৰীক উচিত শাস্তিৰ দাবীও জনাইছে বিভিন্নজনে । অৱশ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাক লৈ তৎপৰ হৈছে । তদন্ত প্ৰক্ৰিয়াও ত্বৰান্বিত কৰিছে আৰক্ষীয়ে । তাৰ মাজতে শনিবাৰে মৃগাংক বৰ্মন হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰাজু আলীক লগত লৈ আৰক্ষী উপস্থিত হয় গড়চূকৰ ঘটনাস্থলীত ।
কেনেদৰে মৃগাংক বৰ্মনক হত্যা কৰিছিল আৰক্ষীক সকলো বিৱৰণ দি গ'ল অভিযুক্ত ৰাজু আলীয়ে । ঘটনাৰ পুনৰ দৃশ্যায়নৰ বাবে আৰক্ষীয়ে ৰাজু আলীক গড়চূকৰ ‘‘হাই চিটী ইন’’ত উপস্থিত হোৱাৰ সময়ত সেই স্থানত শ শ লোক সমৱেত হয় । সকলোৱে অপৰাধীৰ কঠোৰ শাস্তিৰ দাবী তোলে ।
লগতে এই সমগ্ৰ ঘটনাৰ মূল অপৰাধী ৰাজু আলীক ফাঁচী দিয়াৰ লগতে যাৰ বাবে এই সমগ্ৰ ঘটনাটো সংঘটিত হৈছিল অৰ্থাৎ বিবাহিত মহিলাগৰাকীকো উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনায় । অপৰাধৰ পুনৰ দৃশ্যায়নৰ সময়ত ঘটনাস্থলীত উপস্থিত থাকে গড়চূকৰ সহকাৰী আৰক্ষী আয়ুক্ত নিলোৎপল শইকীয়া ।
আৰক্ষী বিষয়াগৰাকীয়ে কয়, "আজি ঘটনাস্থলীত দণ্ডাধীশৰ উপস্থিতিত চিন ৰি-ক্ৰিয়েশ্যন কৰা হয় । ইতিমধ্যে আমি মূল অপৰাধী ৰাজু আলীক ৪ দিনৰ জিম্মাত লৈ তদন্ত আগবঢ়াই আছো ।"
উল্লেখ্য যে, অভিযোগ অনুসৰি ত্ৰিকোণীয়া প্ৰেমৰ বাবেই নৃশংসভাৱে হত্যা কৰা হৈছিল উদীয়মান অভিনেতা মৃগাংক বৰ্মনক । গড়চূকৰ চিলভাৰ আৰ্কেড অট্টালিকাত সংঘটিত হৈছিল ঘটনাটো । অট্টালিকাটোত থকা ‘‘হাই চিটী ইন’’ নামৰ হোটেলখনত দুপৰীয়া ১ বজাত ২০৯ নম্বৰৰ কোঠা বুক কৰিছিল নলবাৰীৰ মৃগাংক বৰ্মনে ।
শুৱালকুছিৰ এগৰাকী বিবাহিত মহিলাৰ সৈতে প্ৰায় ৩ ঘণ্টা সময় কোঠাটোতে অতিবাহিত কৰিছিল মৃগাংকই । কিন্তু কোঠাৰ পৰা ওলাই আহি পাৰ্কিঙত যুৱতীগৰাকীৰ সৈতে মৃগাংক লিপ্ত হৈছিল কাজিয়াত । তাৰ পিছত পাৰ্কিঙত ছুৰীৰে আক্ৰমণ কৰিছিল ৰাজু আলী নামৰ লোকজনে । ফলস্বৰূপে মৃগাংক বৰ্মনৰ মৃত্যু হয় । ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এখন চোকা অস্ত্ৰ উদ্ধাৰ কৰিছিল আৰু পিছত দামপুৰৰপৰা পৰা অভিযুক্ত ৰাজু আলীক গ্ৰেপ্তাৰ কৰে ।

