তেজ ভালপোৱা মানুহে তেজৰ গোন্ধ বিচাৰি কৰে এনে অমানৱীয় ঘটনা: ৰকিবুল হুছেইন - Rokibul Hussain on Sonapur eviction
Violence during eviction : সোণাপুৰৰ উচ্ছেদ প্ৰসংগত সাংসদ ৰকিবুল হুছেইনৰ বিস্ফোৰণ । সোণাপুৰৰ উচ্ছেদকাৰ্য সম্পূৰ্ণ আইন বহিৰ্ভূতভাৱে কৰা হৈছে বুলি উল্লেখ কৰে হুছেইনে । তেজ ভালপোৱা লোকেহে তেজৰ গোন্ধ বিচাৰি এনে অমানৱীয় কাৰ্য সংঘটিত কৰে বুলি কৈ একালৰ ঘনিষ্ঠ বন্ধু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ আক্ৰমণৰ লক্ষ্য ৰকিবুল হুছেইনৰ ।

Published : September 14, 2024 at 6:43 PM IST
নগাঁও,১৪ ছেপ্টেম্বৰ: সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যৰে বৃহস্পতিবাৰে চলা উচ্ছেদক লৈ বহুকেইটা বিস্ফোৰক মন্তব্য কৰে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে । গুৱাহাটী উচ্চ ন্যায়লয়ৰ দুজনীয়া বিচাৰপীঠৰ এক ৰায়ৰ কথা উল্লেখ কৰি সোণাপুৰৰ উচ্ছেদ কাৰ্যক আইনবহিৰ্ভূত বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে । যিকোনো উচ্ছেদ কৰাৰ পোন্ধৰ দিন পূৰ্বেই জাননী জাৰি কৰিহে উচ্ছেদ কৰিবলৈ উচ্চ ন্যায়লয়ৰ নিৰ্দেশনা থকাৰ কথা উল্লেখ কৰি সোণাপুৰত কোনো জাননী নিদিয়াকৈ অতি অমানৱীয়ভাৱে উচ্ছেদ কৰা বুলি মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে ।
উচ্ছেদৰ নামত অতি বৰ্বৰভাৱে গুলীয়াই মানুহ হত্যা কৰা বুলিও উল্লেখ কৰি কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ আন এক বিস্ফোৰক মন্তব্য,"তেজ ভালপোৱা মানুহেহে তোজৰ গোন্ধ কমিলে পুনৰ তেজৰ গোন্ধ বিচাৰি এনে কাৰ্য সংঘটিত কৰে ।" মাত্ৰ পোন্ধৰ দিনৰ এখন জাননী প্ৰদান কৰিলে কি অশুদ্ধ হ'লহেতেন বুলিও চৰকাৰক প্ৰশ্ন কৰে সাংসদ ৰকিবুল হুছেইনে । আনকি ৰাজ্যত সম্প্ৰতি ট্ৰেণ্ডিঙত থকা ট্ৰেডিং কেলেংকাৰী তল পেলাবলৈ চৰকাৰে এনেদৰে উচ্ছেদ চলোৱা বুলিও আন এক বিস্ফোৰক মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে ।
এই ট্ৰেডিং কেলেংকাৰীত কোন জড়িত, কি কথা আদি বিভিন্ন কথা-বতৰা চলি থকা বুলি উল্লেখ কৰি উচ্চতম ন্যায়লয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়ধীশৰ তত্বাৱধানত ট্ৰেডিং কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী উত্থাপন কৰে সাংসদ ৰকিবুল হুছেইনে । সোণাপুৰৰ উচ্ছেদৰ সময়ত আৰক্ষী তথা প্ৰশাসনৰ লোকক কৰা আক্ৰমণকো ধিক্কাৰ দিয়ে ৰকিবুল হুছেইনে ।
আনহাতে, বিগত লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ জয়ী হোৱাৰ পাছৰ পৰাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা অধিক চিন্তিত হৈ পৰা বুলি কটাক্ষ কৰি ৰকিবুল হুছেইনৰ মন্তব্য,"মুখ্যমন্ত্ৰীৰ এতিয়া বিনাশ কালে হৈছে বিপৰীত বুদ্ধি । যাৰ বাবে এতিয়া কি কৰিব কি নকৰিব অৱস্থা হৈছে বৰ্তমান চৰকাৰৰ ।"

