গোৱালপাৰা: আগে আগে সাংসদৰ গাড়ী আৰু পিছে পিছে খেদিছে ক্ষুব্ধ ৰাইজে । জনতাৰ ৰুদ্ৰমূৰ্তি দেখি ৰাইজৰ মাজৰ পৰা সাংসদেও দিলে পলাই পত্ৰং । এইগৰাকী সাংসদে গৈছিল উচ্ছেদিত ৰাইজক সাহায্য প্ৰদান কৰিবলৈ । পিছে গন্তব্য় স্থান পোৱাৰ পূৰ্বেই ঘটিল ঘটনাটো । কোনোমতে সাংসদৰ কনভয় ৰাইজৰ মাজৰ পৰা ওলাই দ্ৰুতগতিত যায় নিৰাপদ আশ্ৰয়ৰ বাবে ।
এনেয়েই ক্ষোভত জ্বলি আছিল জনতা । কাৰণ কেইদিনমান পূৰ্বে তেওঁলোকক উচ্ছেদ কৰা হৈছিল হাচিলাবিলৰ পৰা । চৰকাৰৰ লগতে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভৰ অগনিত দ্বগ্ধ হৈ থকাৰ সময়তেই আজি উচ্ছেদিত ৰাইজৰ মাজত সাহায্য বিতৰণ কৰিবলৈ গৈছিল ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ সৈতে কংগ্ৰেছৰ দলৰ এটি সঁজাতি দল । ৰকিবুল হুছেইনৰ সৈতে কংগ্ৰেছৰ দলৰ এটি সঁজাতি দলে উচ্ছেদিতৰ মাজত উপস্থিত হোৱাৰ সময়তেই জনতাই দিলে ‘‘ৰকিবুল হুছেইন গ' বেক’’ ধ্বনি । সাহায্য সামগ্ৰী বিতৰণতো প্ৰদান কৰিলে বাধা ।
উত্তেজিত ৰাইজে সাংসদগৰাকীৰ সৈতে যোৱা কংগ্ৰেছ দলৰ প্ৰতিনিধিৰ একাংশ বাহনত মাটি দলিওৱাৰ লগতে শিলগুটিও নিক্ষেপ কৰে । পৰিস্থিতি উত্তপ্ত হোৱা দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে সাংসদগৰাকীৰ লগতে কংগ্ৰেছৰ সঁজাতি দলটোৱে । ইয়াৰ পিচতেই আৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
ঘটনাস্থলীৰ পৰা পলায়ন কৰি সাংসদগৰাকীয়ে গোৱালপাৰা জিলা কংগ্ৰেছ কাৰ্যালয়ত উপস্থিত হৈ এই সন্দৰ্ভত আয়োজিত এখন সংবাদমেলত সাংসদগৰাকীয়ে কয়, "হাচিলাবিলৰ উচ্ছেদিত পৰিয়ালৰ কাষত কিছু সাহায্য বিতৰণ কৰিবলৈ আমি উপস্থিত হৈছিলো । সাহায্য বিতৰণ কৰি উভতি অহাৰ পিছত আমাৰ পিছফালে থকা কেইখনমান বাহনত একাংশই বোকা দলিওৱাৰ লগতে শিলগুটি নিক্ষেপ কৰি আক্ৰমণ কৰে । গাড়ীত আক্ৰমণ কৰা ১০/১২ জনীয়া দলটো উচ্ছেদিত পৰিয়ালৰ নহয় । যদি উচ্ছেদিত ঘৰবাৰী হেৰুওৱা লোকে আক্ৰমণ কৰাত জড়িত থাকিল তাত আমাৰ ক'বলগীয়া একো নাছিলে; কিন্তু এয়া এক পৰিকল্পিত আক্ৰমণ ।"
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ সাংসদগৰাকীয়ে কয়, "এই আক্ৰমণত আমি অকণো দুখ পোৱা নাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাপ হৈ খুঁটি বেজ হৈ জাৰিব বিচাৰিছে । এয়া অসমৰ সকলো ৰাইজে জ্ঞাত । হাচিলাবিল গাঁৱত চৰকাৰেই উচ্ছেদ অভিযান চলালে আৰু ইয়াৰে একাংশ উচ্ছেদিতক মুখ্যমন্ত্ৰীয়ে মাতি কয় যে হাচিলাবিলত বিধায়ক এ কে ৰশ্বিদৰ কাৰণেই উচ্ছেদ চলোৱা হৈছে । বিধায়কগৰাকীয়ে চেলেঞ্জ দিয়াৰ কাৰণেই মুখ্যমন্ত্ৰীয়ে হাচিলাবিলত উচ্ছেদ চলাইছে বুলিও মন্তব্য কৰে । মুখ্যমন্ত্ৰী এগৰাকীৰ মুখত যদি এনে ধৰণৰ মন্তব্য তেন্তে আমি কোনখন ৰাজ্যত বসবাস কৰিছো ।"
দুখীয়া মানুহক পণবন্দী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণে পাশা খেলিছে, ইয়াৰ প্ৰত্য়ুত্তৰ ৰাইজেও দিব বুলি মন্তব্য় কৰি তেওঁ কয়, "মুখ্যমন্ত্ৰী গৰাকীয়ে যিকোনো প্ৰকাৰে গাদীখন সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে খিলঞ্জীয়া মানুহৰ ওপৰত এনে ধৰণৰ অত্যাচাৰ আৰম্ভ কৰিছে, সেয়া অসমৰ ৰাইজে বুজি পাইছে । মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়াই দেখিলে যে উজনি অসমত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক পৰিৱেশ বেয়া তেতিয়াই গোৱালপাৰাত আহি ধুৱলী-কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰি ৰাজনৈতিক মুনাফা আদায় কৰিব বিচাৰিছে । যিসকল লোকে আমাক আক্ৰমণ কৰিছে তেওঁলোকক আমি অকণো বেয়া পোৱা নাই; কিন্তু যিসকল লোকক চৰকাৰে উচ্ছেদ কৰিছে তেওঁলোকক পুনঃসংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কংগ্ৰেছৰ এটি সঁজাতি দলে জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰিব ।"
তেওঁ লগতে কয়, "কেন্দ্ৰত যদি এইবাৰ চৰকাৰ সলনি হ'লহেঁতেন তেতিয়াহ'লে এইসকল লোক আজি উচ্ছেদি হ'বলগা নহ'লহেঁতেন । গতিকে এইসকল লোকে ২০২৬ চনলৈ অপেক্ষা কৰিব লাগিব । ২৬ চনলৈ ৰখিব নালাগে, কিজানি অহা ছেপ্টেম্বৰ মাহত সম্ভৱতঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ম্যাদ উকলিব, তেতিয়া এই দুখীয়া লোকসকলৰ ওপৰত চলা অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাব ।"
গোৱালপাৰা চহৰৰ উপকণ্ঠ অঞ্চলৰ ৰাজহগাঁও হাচিলাবিলত যোৱা ১৬ জুনত প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান । উচ্ছেদিত ৰাইজৰ মাজত সাহায্য বিতৰণ কৰিবলৈ দেওবাৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ সৈতে কংগ্ৰেছৰ দলৰ এটি সঁজাতি দলে উপস্থিত হৈছিল উচ্ছেদিতৰ মাজত । সাংসদ ৰকিবুল হুছেইনে উচ্ছেদিত ৰাইজৰ মাজত সামগ্ৰী বিতৰণ কৰাৰ সময়তে একাংশ উত্তেজিত ৰাইজে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।