নোৱাৰিলে পদত্যাগ কৰক মুখ্যমন্ত্ৰীয়ে, ৰাইজে উলিয়াই ল’ব জুবিন গাৰ্গৰ ন্যায় : ৰকিবুল হুছেইন
জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি নগাঁৱৰ পৰা সোণাপুৰৰ সমাধিক্ষেত্ৰলৈ যুৱ কংগ্ৰেছৰ বাইক ৰেলী ৷ ন্যায় দিব নোৱাৰিলে মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী সাংসদ ৰকিবুল হুছেইনৰ ।

Published : October 12, 2025 at 6:11 PM IST
নগাঁও: সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বিভিন্নজনে দাবী উত্থাপন কৰাৰ সময়ত দেওবাৰে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ উপস্থিতিত নগাঁৱৰ পৰা জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰলৈ উলিওৱা হয় বাইক ৰেলী ।
দেওবাৰে নগাঁৱৰ ৰাজীৱ ভৱনত প্রিয় শিল্পীগৰাকীক প্ৰথমে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পৰৱৰ্তী সময়ত উলিওৱা হয় বাইক ৰেলী । মায়াবিনী গীতকে যেন প্ৰাৰ্থনা হিচাপে পৰিৱেশন কৰি প্রিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নগাঁৱৰ কংগ্ৰেছ নেতা-কৰ্মীসকলে ।
ৰাজীৱ ভৱনত সাংসদ তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় বানু শিৱয়ো অংশগ্ৰহণ কৰি প্রিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সময়ত সকলোৰে একেলগে মায়াবিনী গীত গাই থকাৰ সময়ত এগৰাকী জুবিন অনুৰাগী কংগ্ৰেছ নেত্ৰীয়ে কান্দিলে হিয়া ঢাকুৰি ।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতেই ৰাজীৱ ভৱনৰ পৰা জুবিনক্ষেত্ৰলৈ যুৱ কংগ্ৰেছৰ নেতৃত্বত উলিওৱা হয় এক বাইক ৰেলী । এই ৰেলীত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় বানু শিৱৰ লগতে সাংসদ ৰকিবুল হুছেইনেও অংশগ্ৰহণ কৰি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দাবী কৰে ।
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কনফিউজ সৃষ্টি কৰিব বিচাৰিছে বুলি এক বিস্ফোৰক অভিযোগ উত্থাপন কৰি ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে কয়, ‘‘জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিবলৈ গঠন কৰি দিয়া এছ আই টিয়ে অনুসন্ধান অব্যাহত ৰখাৰ একে সময়তে আন এটা তদন্ত ঘোষণা কৰি তদন্ত প্ৰক্ৰিয়াত কনফিউজ সৃষ্টি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে । জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিব নোৱাৰিলে মুখ্যমন্ত্ৰী পদ এৰি দিয়ক, ৰাইজে নিজেই ন্যায় উলিয়াই ল’ব । জুবিন গাৰ্গৰ মৃত্যুত কোন জড়িত সেয়া ৰাইজে ইতিমধ্যেই চিনাক্ত কৰিছে ।’’
বাইক ৰেলীত অংশগ্ৰহণ কৰি যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় বানু শিৱয়ো জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী উত্থাপন কৰে । কেইবাশতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰা শ্ৰদ্ধাঞ্জলি আৰু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত উলিওৱা বাইক ৰেলীত উদয় বানু শিৱ, ৰকিবুল হুছেইনৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক এমদাদুল্লা আহমেদ, কংগ্ৰেছ নেতা উৎপল বণিয়া, হাইদৰ আলীসহ কেইবাগৰাকীও কংগ্ৰেছ নেতা উপস্থিত থাকে ।
লগতে পঢ়ক: জুবিন গাৰ্গৰ ভিছেৰা ৰিপ'ৰ্টত কি আছে ? ছিংগাপুৰলৈ যাব পাৰিবনে এছ আই টিৰ দল ?

