নগাঁও : নগাঁও জিলাৰ ধিং সমষ্টিত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত দেওবাৰে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈসহ বিধায়িকা শিৱামণি বৰাৰ ওপৰত সংঘটিত হোৱা ভয়াৱহ আক্ৰমণৰ ঘটনাই ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তাল কৰি তুলিছে । দেওবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে বিধায়িকা শিৱামণি বৰা আৰু কংগ্ৰেছৰ প্ৰচাৰক মহছিন খানৰ ওপৰত এই আক্ৰমণ সংঘটিত হয় ।
এই আক্ৰমণৰ ঘটনাত বিধায়িকা শিৱামণি বৰাৰ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আঘাতপ্ৰাপ্ত হোৱা বুলি সোমবাৰে বিয়লি নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত এখনি সংবাদ মেলৰ আয়োজন কৰি উল্লেখ ঘটনাৰ বিৱৰণী দিয়ে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে বিধায়িকা শিৱামণি বৰাই ।
সংবাদ মেলত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে উল্লেখ কৰা মতে, এই আক্ৰমণ অতি পৰিকল্পিত আৰু সংঘবদ্ধ আছিল । এই সন্দৰ্ভত সংবাদ মেলত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, "৩০ৰ পৰা ৩৫ জনীয়া এটা দল, যাৰ মুখত ক’লা কাপোৰ বান্ধি থোৱা আছিল আৰু হাতত ৰ'ড আৰু অন্যান্য অস্ত্ৰ আছিল, তেওঁলোকৰ বাহন চাৰিওফালৰ পৰা ঘেৰাও কৰি ভয়ংকৰ ভাৱে আক্ৰমণ সংঘটিত কৰিছিল । এই দুৰ্বৃত্তসকলে আমাৰ বাহনসমূহ ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰাৰ লগতে শাৰীৰিকভাৱে আমাৰ ওপৰতো বাৰম্বাৰ আক্ৰমণৰ চেষ্টা চলায় ।"
সাংসদ বৰদলৈয়ে এই আক্ৰমণক “উগ্ৰপন্থী শৈলীৰ এম্বুছ”ৰ দৰে বুলিও ঘটনাৰ বৰ্ণনা দিয়ে ।
- নগাঁও আৰক্ষীৰ ভূমিকা :
দেওবাৰে ধিং সমষ্টিৰ ডুমডুমীয়াত সংঘটিত হোৱা আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পাছতেই তৎপৰ হৈ পৰে নগাঁও আৰক্ষী । এই ঘটনা সংঘটিত হোৱাৰ পাছতেই নগাঁও আৰক্ষীয়ে তৎপৰতাৰে তদন্ত আৰম্ভ কৰে আৰু ২৪ ঘণ্টাৰ ভিতৰত মূল অভিযুক্তক চিনাক্ত কৰিবলৈয়ো সক্ষম হয় ।
সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আৰক্ষীৰ এই তৎপৰতাৰ শলাগ লৈ কয়, “নগাঁও আৰক্ষীৰ দ্ৰুত পদক্ষেপৰ বাবে আমি স্বস্তিৰ নিশ্বাস পেলাইছো । আমি আশাকৰো আৰক্ষীয়ে দোষীসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব ।”
- ঘটনাৰ মূল অভিযুক্ত হিচাপে চিনাক্ত হোৱা ইমদাদুল ইছলামৰ পৰিচয় :
দেওবাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত হিচাপে চিনাক্ত হৈছে মৰিগাঁও জিলাৰ তথা নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট সমষ্টিৰ ভূৰাগাঁৱৰ ইমদাদুল ইছলাম নামৰ এজন লোক ।
সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাত মূল অভিযুক্ত হিচাপে চিনাক্ত হোৱা ভূৰাগাঁৱৰ ইমদাদুল ইছলামক কেইদিন পূৰ্বে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিছিল মৰিগাঁও জিলা কংগ্ৰেছে । সোমবাৰে সংবাদ মেলত সাসংদ প্ৰদ্যুৎ বৰদলৈয়ে এইজন ইমদাদুল ইছলাম সন্দৰ্ভত কৰিলে বহুকেইটা বিস্ফোৰক মন্তব্য ।
আক্ৰমণৰ ঘটনাত জড়িত থকাৰ অভিযুক্ত ইমদাদুল ইঠলাম সন্দৰ্ভত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য, "ইমদাদুল ইছলাম এজন দাগী অপৰাধী যাৰ বিৰুদ্ধে পূৰ্বৰ পৰা একাধিক গোচৰ ৰুজু হৈ আছে । তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ লগতে ৰুজু হৈ আছে মুঠ ২১টা অপৰাধৰ গোচৰ । পূৰ্বে কেইবাবৰো গ্ৰেপ্তাৰ হৈছিল এইজন ইমদাদুল ইছলাম ।"
"ইমদাদুলৰ দৰে অপৰাধীসকলক শাসকীয় দল বিজেপিয়ে ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে । ইমদাদুলৰ দৰে অপৰাধীসকলক বিজেপিয়ে শিখণ্ডী হিচাপে ব্যৱহাৰ কৰি কংগ্ৰেছৰ ভাৱমূৰ্তি ম্লান কৰাৰ চেষ্টা কৰিছে ।” প্ৰদ্যুৎ বৰদলৈয়ে কয় ।
ইমদাদুল ইছলামৰ কংগ্ৰেছৰ সৈতে পূৰ্বৰ কিছু সম্পৰ্ক থাকিলেও তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলিও সংবাদ মেলত মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ প্ৰসংগও উল্লেখ কৰি সংবাদ মেলত সাংসদ প্ৰদ্যৎ বৰদলৈয়ে চামগুৰিৰ পৰা এতিয়া ধিঙৰ লগতে বিভিন্ন অঞ্চললৈ সম্প্ৰসাৰিত হৈছে হিংসাত্মক ঘটনা ।
সংখ্যালঘু অধ্যুষিত অঞ্চলৰ এচাম অপৰাধী ব্যক্তি সদায় শাসকীয় দলৰ সৈতে জড়িত হৈ থাকে বুলিও উল্লখ কৰি এইসকল অপৰাধী লোকেই এনে হিংসাত্মক কাৰ্যৰ জৰিয়তে নিৰ্বাচনী পৰিৱেশক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰে বুলিও মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।
- মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান :
সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানৰ নামত ধনৰ লেনদেনক লৈ এনে ঘটনা সংঘটিত হোৱা বুলি কৰা অভিযোগক প্ৰত্যাহ্বান জনাই সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।
এই সন্দৰ্ভত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, “মোৰ জীৱনত প্ৰাৰ্থিত্বৰ নামত কোনো লেনদেনৰ অভিযোগ নাই ।" এনে ক্ষেত্ৰত এইবাৰ পঞ্চায়ত নিৰ্বাচনত ধনৰ লেনদেন হোৱাৰ প্ৰমাণ দিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায় সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।
নিৰ্বাচনী হিংসা সংঘটিত কৰা এনে অপৰাধীসকলক ভৱিষ্যতে অবৈধ অস্ত্ৰ প্ৰদান কৰাৰো সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।