সৰ্বানন্দ সোণোৱালক প্ৰশংসাৰে ওপচাই মুখ্য়মন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ - Gaurav Gogoi Slams CM
MP Gaurav Gogoi in Tezpur :কি কাৰণে হঠাতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শাসন কালৰ প্ৰশংসাত পঞ্চমুখ হ'ল সাংসদ গৌৰৱ গগৈ ? মহাভৈৰৱ মন্দিৰত আশিস লৈ সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কি মন্তব্য় কৰিলে ?

Published : September 28, 2024 at 2:34 PM IST
তেজপুৰ, ২৮ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে সাংসদ গৌৰৱ গগৈ । এইবাৰ সাংসদগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শাসন কালৰ প্ৰশংসাত পঞ্চমুখ হৈ সমালোচনা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক । হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শাসনকালৰ পাৰ্থক্য়ৰে চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়,"পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সময়ত বিজেপিক অসমৰ ৰাইজে মৰমৰে চাইছিল । হিমন্ত বিশ্ব শৰ্মাই, মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে ভয় ভাবুকিৰে জনসাধাৰণক পৰিচালিত কৰি আহিছে । "
মহাভৈৰৱ মন্দিৰত আশিস ল'লে গৌৰৱ গগৈয়ে
শনিবাৰে তেজপুৰৰ মহাভৈৰৱ মন্দিৰত ৰাইজৰ মংগল কামনাৰে আশিস লৈ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ কয়," সংবাদ পৰিবেশনৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত বিজেপি দলৰ চৰকাৰখনে দমন নীতিৰে শাসন চলাই আহিছে । ৰাইজে এতিয়া আৰু ভয় ভাবুকি লৈ মন নিদিয়া হৈছে । বিগত লোকসভা নিৰ্বাচনৰ আগৰে পৰাই ৰাইজে কংগ্ৰেছৰ প্ৰতি ধাৱমান হৈছে । ভয়-ভাবুকি,ব্লেকমেইল আদিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু । "
ৰাজ্যত মাফিয়াৰাজ চলিছে
তেজপুৰৰ ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰত কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে দেশ আৰু ৰাইজৰ মংগলৰ বাবে পূজা আগবঢ়োৱাৰ পিচত কয়," ৰাজ্যত এতিয়া মাফিয়াৰাজ চলিছে ৷ এজন মাফিয়াই ৰাইজৰ মনত ভয় কমিলে যেনেদৰে শংকিত হয় তেনেদৰে এতিয়া বিজেপিয়েও ভয় খাবলৈ লৈছে ৷ সেয়েহে বিজেপিয়ে এতিয়া সকলোৰে ওপৰত দমন- উৎপীড়ন চলাইছে ৷"
আনহাতে, উপ-নিৰ্বাচনত কংগ্ৰেছে সকলোতকৈ উপযুক্ত বুলি ভবাজনকহে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলিও তেওঁ উল্লেখ কৰে ৷ ৰাজ্যত যধে-মধে উৰণীয়া সেতু নিৰ্মাণক লৈয়ো চৰকাৰক সমালোচনা কৰে গৌৰৱ গগৈয়ে ৷ ইয়াৰ পূৰ্বে ৰাইজৰ মতামত বা প্ৰকৃতি সুৰক্ষাৰ বিষয়সমূহ উপেক্ষা কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে ৷
বিজেপিত চলা একনায়কত্বৰ বিপৰীতে আৰএছএছ প্ৰধান মোহন ভাগৱতে কৰা মন্তব্যৰো উল্লেখ কৰি সাংসদ গগৈয়ে কয়, "মোহন ভাগৱতে মানুহে নিজকে ভগৱানৰ দৰে ভাবিব নালাগে বুলি কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকেই কোৱা নাই, হিমন্ত বিশ্ব শৰ্মাকো কৈছে।"

