ETV Bharat / state

দিল্লীত এলিজাবেথ কলবাৰ্ণ গগৈক দুবাৰকৈ জেৰা কৰিছিল এছ আই টিয়ে : ক'লে খোদ সাংসদ গৌৰৱ গগৈয়ে

সাংসদ গৌৰৱ গগৈয়ে এছ আই টিয়ে তেওঁৰ পত্নীক জেৰা কৰা সন্দৰ্ভত কি কি ক'লে...

MP Gaurav Gogoi reacts on SIT report
সাংসদ গৌৰৱ গগৈ (@GauravGogoiAsm X)
author img

By ETV Bharat Assamese Team

Published : September 14, 2025 at 9:35 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : এছ আই টিয়ে সাংসদ গৌৰৱ গগৈক জেৰা কৰা নাছিল যদিও তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈক দুবাৰকৈ সাক্ষাৎ কৰি সোধ-পোচ কৰিছিল । এই কথা সদৰী কৰিছে খোদ সাংসদ গৌৰৱ গগৈয়ে ।

এছ আই টিয়ে দিল্লীত সাংসদ গৌৰৱ গগৈৰ বাসগৃহ তেওঁৰ পৰিবাৰক দুবাৰকৈ সাক্ষাৎ কৰি বিভিন্ন কথা সোধ-পোচ কৰিছিল । সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান সংযোগ সন্দৰ্ভত এছ আই টিয়ে তদন্ত কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা অনুসৰি ১০ ছেপ্টেম্বৰত তদন্তৰ প্ৰতিবেদন মুখ্যমন্ত্রীৰ হাতত অৰ্পণ কৰিছিল ।

প্ৰতিবেদনত কি আছে সেই কথা এতিয়াও ৰাজহুৱা হোৱা নাই যদিও মুখ্যমন্ত্রীয়ে এছ আই টিয়ে আশ্চৰ্যকৰ তথ্য উদঘাটন কৰিছে বুলি ইতিমধ্যে সদৰী কৰিছে । এছ আই টিৰ প্ৰতিবেদনকলৈ ৰাজ্যজুৰি ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়তে দেওবাৰে সংবাদ মাধ্যমৰ আগত সাংসদ গৌৰৱ গগৈয়ে কেতবোৰ প্ৰসংগ সদৰী কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

MP Gaurav Gogoi reacts on SIT report
গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী (@GauravGogoiAsm X)

এছ আই টি সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈয়ে কয়, "এছ আই টি মোৰ ওচৰত অহা নাই । এছ আই টিয়ে মোৰ পৰিবাৰক দুদিন সাক্ষাৎ কৰিছিল আৰু বিভিন্ন কথাবোৰ সুধিছিল। সেয়ে ময়ো এছ আই টিৰ প্ৰতিবেদনত কি আছে পঢ়িবলৈ বাট চাই আছো । কিনো কাহিনী বনালে, কিনো কথাবোৰ পালে ।"

সাংসদগৰাকীয়ে লগতে কয়, "মুখ্যমন্ত্রী আৰু বিজেপিৰ নেতাসকলে বিভিন্ন সময়ত কয় যে মই ১৫ বাৰ পাকিস্তানলৈ গৈছো । মই জনা মতে মই আজিৰ পৰা ১১ বছৰ আগত এবাৰহে পাকিস্তানলৈ গৈছো । তেন্তে ১৪ বাৰ কোন গ'ল । মোৰো কোনোবা বডী ডাৱল ওলালে নেকি । হিমন্ত বিশ্ব শৰ্মাই যিদৰে ৰাহুল গান্ধীৰ বডী ডাৱল দেখা পালে তেনেকৈ মোৰো বডী ডাৱল ওলাইছে নেকি । মোৰ নাম আৰু পৰিচয় লৈ পাকিস্তানলৈ ১৪ বাৰ গৈছে । সেই কাৰণে ময়ো বিচাৰো এছ আই টিৰ প্ৰতিবেদন ফাদিল হওক । পাকিস্তানলৈ ১৪ বাৰ যোৱা মানুহজনৰ আধাৰ কাৰ্ড, পাছপৰ্ট আদি সকলো ওলাই দিয়ক । লাগিলে এই বডী ডাৱল ওপৰত মই গোচৰ দিম ।"

MP Gaurav Gogoi reacts on SIT report
সাংসদ গৌৰৱ গগৈ (@GauravGogoiAsm X)

এছ আই টিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ কথা সদৰী কৰি গৌৰৱ গগৈয়ে কয়, "এছ আই টিৰ প্ৰতিবেদন ফাদিল কৰক । তেতিয়া মানুহে গম পাই যাব কি সঁচা আৰু কি মিছা । মুখ্যমন্ত্রীৰ কথাবোৰ ফটা কেছেট আৰু পুৰণি কেছেটৰ দৰে আমি আৰু শুনিব বিচৰা নাই । ৰাইজ সজাক আৰু সতৰ্ক । ৰাইজে নিজে সিদ্ধান্ত ল'ব । মুখ্যমন্ত্রী ভয়াতুৰ । ফ্লপ শ্ব' ৰাইজক নেদেখুৱালে । সেই কাৰণে এছ আই টিৰ প্ৰতিবেদন গোপন কৰি ৰাখিছে । গম পাইছে যে ৰাইজে ফ্লপ ৰেটিং দিব । মই বিচাৰো ফ্লপ হ'লেও ৰাইজে চাব লাগে । সেই কাৰণে প্ৰতিবেদন ৰাজহুৱা কৰক । কোনোবা এটা ৱেবচাইটত আপলোড কৰি দিয়ক । তাৰ পিছত ৰাইজে মুখ্যমন্ত্রীৰ চাৰি মাহৰ পৰা কৈ থকা একেখিনি কথাকে শুনিব নালাগে । ৰাইজে নিজে এছ আই টিৰ প্ৰতিবেদন পঢ়ি নিজৰ সিদ্ধান্ত নিজে ল'ব ।"

উল্লেখ্য যে, বি টি আৰ নিৰ্বাচনৰ পাছত কেবিনেটত এছ আই টিৰ প্ৰতিবেদন সন্দৰ্ভত আলোচনা কৰা হ'ব আৰু তাৰ পাছত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্রীয়ে সদৰী কৰিছে ।

ভাৰত-পাক ক্ৰিকেট মেচক লৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া :

এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ।

গগৈয়ে কয়, "বিজ্ঞাপনৰ ধনৰ লোভতে ভাৰতীয় দলটোক আজি পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ দিয়া হৈছে ।" পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ সন্মত হোৱা সিদ্ধান্তকো গৰিহণা দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

তেওঁ কয়, ''আই চি চি আজি ভাৰতৰ দখলত আছে । বি চি চি আই আছেই । যদি আন্তঃৰাষ্ট্ৰীয় এখন প্ৰতিযোগিতাৰ পৰা আমি পাকিস্তানক বাহিৰত ৰাখিব নোৱাৰো তেন্তে মোদী বিশ্বগুৰু হোৱাৰ অৰ্থটো কি হ’ল ।’’

MP Gaurav Gogoi reacts on SIT report
সাংসদ গৌৰৱ গগৈ (@GauravGogoiAsm X)

পূৰ্বে বিভিন্ন সময়ত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে থকা মেচ বয়কট কৰিছে বুলি উল্লেখ কৰি এইবাৰ কিয় তেনে কৰিব পৰা নাই বুলিও প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে । একমাত্ৰ বিজ্ঞাপনৰ ধনৰ লোভতে বিজেপি চৰকাৰ আৰু বি চি চি আইয়ে পেহেলগামৰ শ্বহীদসকলক অপমান কৰিছে বুলিও কয় লোকসভাৰ বিৰোধী দলৰ উপ-দলপতিগৰাকীয়ে । ইয়াৰ বাবে বিজেপি চৰকাৰে শ্বহীদৰ পৰিয়ালৰ সদস্যসকলৰ ওচৰত ক্ষমা বিচৰা উচিত বুলিও গৌৰৱ গগৈয়ে মন্তব্য কৰে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীলৈ পুতৌ জন্মিছে গৌৰৱ গগৈৰ; কি কাৰণে তেওঁ উপহাসৰ পাত্ৰ হৈ উঠিছে তাকো ক’লে কংগ্ৰেছ সাংসদজনে

লগতে পঢ়ক : প্ৰসংগ জনজাতিকৰণ : প্ৰধানমন্ত্রীক ১১ বছৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি সোঁৱৰাই দিলে গৌৰৱ গগৈয়ে