ETV Bharat / state

অসম আৰক্ষীয়ে সংবিধানৰ শপত লৈছে, বিজেপিৰ শপত লোৱা নাই: গৌৰৱ গগৈ

মুখ্যমন্ত্ৰীয়ে যি বিভাগতে হাত দিছে সেয়া ধ্বংসমুখী হৈছে বুলি কটাক্ষ ।

Gaurav Gogoi slams Assam Police
সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 16, 2025 at 8:09 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক শনিবাৰে নিজা বাসগৃহৰ পৰাই আৰক্ষীয়ে চোঁচৰাই নিয়াৰ পিচত এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লোকসভাৰ উপ-দলপতি তথা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে । সাংসদগৰাকীয়ে এই ঘটনাত অসম আৰক্ষীৰ লগতে মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰে ।

প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গৌৰৱ গগৈয়ে কয়, "অসম আৰক্ষীক ৰাজনৈতিক অস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিছে চৰকাৰে । অসম আৰক্ষীয়ে সংবিধানৰ শপত লৈছে, বিজেপিৰ শপত লোৱা নাই । মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক বিজেপি দলৰ সদস্য হিচাপে ব্যৱহাৰ কৰি আৰক্ষীৰ মৰ্যাদা হানি কৰিছে । আৰক্ষীৰ ৰেকৰ্ড বেয়া কৰিছে চৰকাৰে ।"

সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

সাংসদগৰাকীয়ে লগতে কয়, "পুলিচ যিমানেই নাথাকক এৰেষ্ট ৱাৰেন্ট নাথাকিলে কোনেও আটক কৰিব নোৱাৰে । তেওঁ অধিবক্তা হোৱাৰ বাবে নিয়মবোৰ জানিছিল । তেওঁ প্ৰথমৰে পৰা এৰেষ্ট ৱাৰেন্ট দেখুৱাবলৈ কৈ আছিল । ইয়াৰ পৰা অসম আৰক্ষীয়ে এটা শিক্ষা পালে । আৰক্ষীয়ে ৰিতম সিঙৰ ওপৰত হেঁচা দিলে ৷ সমগ্ৰ প্ৰক্ৰিয়াটো উলংঘা কৰিছে চৰকাৰে । তাৰ প্ৰতিবাদ কৰিবলৈ আমি গৈছিলো । পৰৱৰ্তী সময়ত যেতিয়া দণ্ডাধীশে নোট লৈ আহিল তেতিয়া তেওঁ সহযোগ কৰিলে ।"

মুখ্যমন্ত্ৰীয়ে যি বিভাগতে হাত দিছে সেয়াই ধ্বংস হৈছে :

আনহাতে, বিধায়ক মানৱ ডেকাৰ পত্নী সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকি গগৈয়ে কয় , "মুখ্যমন্ত্ৰীক মই সুধিব বিচাৰো আকাশ ফুকন নামৰ এজন বিজেপি নেতাই ফোনৰ দ্বাৰা এগৰাকী মন্ত্ৰীক বেয়াকৈ তুচ্চ তাচ্ছিল্য কৰাৰ পিছতো আজিলৈ বিচাৰ নহ'ল । জোনমনি ৰাভাৰ হত্যাকাৰী ক'ত গ'ল ? আজিও বিচাৰ নহ'ল । গৃহ দপ্তৰ সম্পূৰ্ণকৈ বিফল হৈছে । ড্ৰাগছৰ সমস্যা নিতৌ বৃদ্ধি হৈছে । চৰকাৰে উৰণ সেতু বনালেও গুৱাহাটীৰ মানুহ সুৰক্ষিত নহয় । মুখ্যমন্ত্ৰীয়ে যি বিভাগতে হাত দিছে সেয়াই ধ্বংসমুখী হৈছে ।"

সাংসদগৰাকীয়ে লগতে কয়, "মুখ্যমন্ত্ৰীয়ে সকলোৰে সৈতে সংঘাতত লিপ্ত হৈছে । মুখ্যমন্ত্ৰীৰ কোনোবা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, কোনোবা শিক্ষাবিদ, কোনোবা নিউজ চেনেলৰ মালিক সকলোৰে লগত সংঘাত ।" পত্নীৰ বিৰুদ্ধে এছ আই টি গঠন সন্দৰ্ভত গৌৰৱে গগৈয়ে কয় , "এছ আই টি গঠনত মই বাধা দিয়া নাই । মই আগৰ কথাত অটল । আগতেও কৈছো এছ আই টি আগবাঢ়ি যাওক । মোক য'ত মাতে তাতেই যাম । মই এই অনুসন্ধানত সহযোগ আগবঢ়াম ।"

অমিত শ্বাহৰ অসম ভ্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয়, " ফাকুৰ দিনা এনে চৰকাৰী অনুষ্ঠান অশোভনীয় । ফাকুৱা কেৱল উত্তৰ ভাৰতৰে অনুষ্ঠান নহয়, অসমৰ সত্ৰ সমাজৰ এক আবেগ ফাকুৱা উৎসৱ । তেওঁ ফাকুৱাৰ দিনা অসমলৈ নাহি পিছলৈও আহিব পাৰিলেহেঁতেন । মই ভাবিছিলো তেওঁ বৰপেটা আৰু বটদ্ৰৱা সত্ৰলৈ যাব বুলি । যি দলে জয়শ্ৰী ৰাম ধ্বনি দিয়ে সেই দলে আজি হৰেকৃষ্ণ ধ্বনি দিবলৈ পাহৰি গ'ল । শংকৰী ক'লা কৃষ্টিৰ গুৰুত্ব দিয়াটো মুখ্যমন্ত্ৰীৰ উদ্দেশ্য নহয় । মুখ্যমন্ত্ৰীৰ উদ্দেশ্য গৃহমন্ত্ৰীক সন্তুষ্ট কৰটো ।"

লগতে পঢ়ক:বিজেপি বিধায়কৰ বিৰুদ্ধে টুইট: গৌৰৱ গগৈৰ সন্মুখতে কংগ্ৰেছৰ মুখপাত্ৰক চোঁচৰাই ধৰি নিলে আৰক্ষীয়ে - APCC SPOKESPERSON DETAINED