যোৰহাট: সদ্যঘোষিত হাইস্কুলত শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান অৰ্জন কৰে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী আমিশী শইকীয়াই । প্ৰথম স্থান অধিকাৰ কৰা আমিশী শইকীয়াৰ যোৰহাটৰ সোণালী জয়ন্তী নগৰস্থিত বাসগৃহত বৃহস্পতিবাৰে উপস্থিত হয় সাংসদ গৌৰৱ গগৈ ।
ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে কৃতী শিক্ষাৰ্থীগৰাকীক এই সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে । লগতে শিক্ষাৰ বিভিন্ন দিশ সম্পৰ্কে তেওঁৰ পিতৃ-মাতৃ তথা শিক্ষাৰ্থীগৰাকীৰ সৈতে এক আলোচনাত মিলিত হয় ।
আনহাতে, শিক্ষাৰ্থীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত সাংসদ গৌৰৱ গগৈয়ে কয়, "ছাত্ৰীগৰাকীৰ সফলতাক লৈ আমি গৌৰৱবোধ কৰিছো । কিন্তু সমানে সমানে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ কিয় ইমান নিম্নগামী হ'ল সেই বিষয়েও আলোচনাৰ প্ৰয়োজন । কাৰণ উজনি অসমত পৰীক্ষাৰ ফলাফল ভাল যদিও গোৱালপাৰা, বৰাকত উত্তীৰ্ণৰ হাৰ কিয় কমিল সেয়া চিন্তনীয় ।"

লগতে গৌৰৱ গগৈয়ে কয়, "আমি সকলোৱে অৱগত যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ কমি গ'ল, সেই লৈ আমি সকলো চিন্তিত । কিন্তু চৰকাৰৰ ফালৰ পৰা এই বিষয়ক লৈ আমি একো উত্তৰ পৰা নাই । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ নিম্নগামী হোৱা বিষয়টোক লৈ চৰকাৰে তদন্ত কৰি বিষয়টো স্পৰ্শ কৰিব লাগিছিল । কিন্তু সেয়াও দেখা পোৱা নগ'ল ।"
চৰকাৰী শিক্ষানুষ্ঠানৰ ফলাফলৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "চৰকাৰে শিক্ষকসকলক শত্ৰু জ্ঞান কৰাৰ লগতে শিক্ষকসকলৰ যিসমূহ অভাৱ-অভিযোগ তাত চৰকাৰে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰা বাবে শিক্ষকসকলে এক সুস্থ পৰিৱেশ লাভ কৰা নাই ।"
ইফালে যুৱ সমাজ নিচাজাতীয় দ্ৰব্যৰ গ্ৰাসত পৰাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে ।