গুৱাহাটী : আজি পবিত্ৰ ঈদ-উল-ফিটৰ ৷ পবিত্ৰ ৰমজানৰ মাহজোৰা ৰোজাৰ অন্তত সোমবাৰে সমগ্র দেশৰ লগতে অসমতো ইছলাম ধর্মী লোকসকলে পালন কৰে পবিত্ৰ উৎসৱ ঈদ-উল-ফিটৰ 2025 ।
ঈদ উপলক্ষে পুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঈদগাহ, মছজিদবোৰত সমূহীয়া নামাজ অনুষ্ঠিত হয় । গুৱাহাটীৰ আমবাৰীৰ বুঢ়াজামে মছজিদত পুৱাই উপস্থিত হয় সাংসদ গৌৰৱ গগৈ । তাৰ পাচতে সাংসদগৰাকীয়ে উপস্থিত থকা প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকক পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে । লগতে তেওঁ বুঢ়া মছজিদৰ সমূহীয়া নামাজতো অংশগ্ৰহণ কৰে ।
তেওঁ নামাজত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কয়, "আজিৰ এই পবিত্ৰ দিনটোত বুঢ়া মছজিদত উপস্থিত হৈ ঈদৰ নামাজ অংশগ্ৰহণ কৰিব পৰাটো মোৰ বাবে সৌভাগ্যৰ কথা । এই সময়ত জনসাধাৰণ একত্ৰিত হৈ সুস্থ সমাজ, পৰিয়ালৰ বাবে দোৱা কৰিছে । এই নামাজত মই অংশগ্ৰহণ কৰি দেশৰ প্ৰগতিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ সুযোগ পাইছো । এয়া আমাৰ ভাৰতীয় সংস্কৃতি । আমি বিভিন্ন ধৰ্মৰ হ'ব পাৰো, কিন্তু আমাৰ সদায় প্ৰতিটো ধৰ্মৰ প্ৰতি সন্মান থাকে । এয়া হ'ল আমাৰ উদাৰতা বহল মনোভাৱ ভাতৃত্ববোধৰ চিন্তাধাৰা । এয়া ভাৰতৰ বাস্তৱ ।"
উল্লেখ্য যে, পবিত্র ঈদ-উল-ফিটৰ সমূহীয়া নামাজ বুঢ়া জামে মছজিদত পুৱা ৮-৩০ বজাত অনুষ্ঠিত হয় । এই নামাজত ইমামতি কৰে বুঢ়া জামে মছজিদৰ স্থায়ী ইমাম জোনাব মৌলনা আনোৱাৰ হুছেইনে । এই সামূহিক নামাজত কেইবা শতাধিক লোকে অংশ গ্ৰহণ কৰে । নামাজৰ শেষত সমাজত শান্তি-সম্প্রীতি, ভাতৃত্ববোধ আৰু ৰাজ্যখনত সর্বাংগীন বিকাশ-আৰু উন্নতিৰ বাবে সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰে ।