চৰাইদেউ মৈদামক লৈ বিজ্ঞান ভিত্তিক গৱেষণাৰ প্ৰয়োজন আছে : গৌৰৱ গগৈ - Charaideo Maidam
Gaurav Gogoi on Charaideo Moidam : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পাচতে চৰাইদেউ মৈদামত উপস্থিত যোৰহাটৰ সাংসদ গৌৰৱ গগৈ । বিজেপি চৰকাৰে ধৰ্মীয় আৰু ঐতিহাসিক স্থানসমূহক লৈ ব্যৱসায়িক দৃষ্টি ভংগীৰে চাই বুলিও অভিযোগ গৌৰৱ গগৈৰ । চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ নোহোৱাক লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ সাংসদগৰাকীৰ ।

Published : July 28, 2024 at 2:15 PM IST
মৰাণ, ২৮ জুলাই : আহোম ৰাজ শাসনৰ সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰা এই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে আন এক পৰিচয় লাভ কৰিলে । ফলত আহোম ৰাজ শাসনৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰি অহা ঐতিহাসিক চৰাইদেউ মৈদাম বিশ্বৰ মানচিত্ৰত স্থান অন্তৰ্ভুক্ত হোৱা পাচতে ৰাজ্যৰ চৰাইদেউ ৰাইজৰ লগতে ৰাজ্যবাসী উৎফুল্লিত হৈ পৰিছে । বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ পাছতে চৰাইদেউ মৈদামত আজি উপস্থিত হয় যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ।
উপৰি পুৰুষক স্মৰণ গৌৰৱ গগৈৰ :
পবিত্ৰ মৈদাম ক্ষেত্ৰত উপস্থিত হৈ চাকি-বন্তি জ্বলাই উপৰি পুৰুষক সোঁৱৰণ সাংসদগৰাকীৰ । নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া আৰু তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাক লগত লৈ সাংসদ গৌৰৱ গগৈয়ে পৰিদৰ্শন কৰে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ । সাংস্কৃতিক ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাত গৌৰৱ অনুভৱ কৰা বুলি সংবাদ মাধ্যমত কয় সাংসদ গৌৰৱ গগৈয়ে ।
চৰাইদেউ মৈদামক লৈ যথেষ্ট কৰণীয় আছে : গৌৰৱ গগৈ
বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি পোৱাৰ পাচতো চৰাইদেউ মৈদামক লৈ যথেষ্ট কৰণীয় আছে বুলি মন্তব্য সাংসদগৰাকীৰ । চৰাইদেউ মৈদামক লৈ বিজ্ঞান ভিত্তিক গৱেষণাৰ প্ৰয়োজন আছে । চৰকাৰে পৰ্যটনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু গৱেষণাৰ বাবে যাতে কোনো সমস্যাৰ সন্মুখীন হ'ব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।
চৰকাৰক সমালোচনা :
আনহাতে বিজেপি চৰকাৰে ধৰ্মীয় আৰু ঐতিহাসিক স্থানসমূহক লৈ ব্যৱসায়িক দৃষ্টি ভংগীৰে চাই বুলিও গুৰুতৰ অভিযোগ কৰে গৌৰৱ গগৈয়ে । তেওঁ কয়, "ৰাম মন্দিৰ নিৰ্মাণ কৰোতে বহুত সৰু দোকান ভাঙি দিলে, মা কামাখ্যাত আধুনিকীকৰণ কৰাৰ নামত বজাৰ বনাবলৈ বিচৰা হৈছে, য'ত স্থানীয় মানুহ বিলাকবঞ্চিত হ'ব । কাজিৰঙা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'লেও স্থানীয় লোক লাভাম্বিত হোৱা নাই । কাজিৰঙাত চাৰিওফালে ফাইভ ষ্টাৰ হোটেল হ'ল ।"
বিশ্ব ঐতিহ্য চৰাইদেউ মৈদাম ক্ষেত্ৰত যাতে তেনে পৰিৱেশ নহয় তাৰ বাবে চৰকাৰক আহ্বান জনাই সাংসদ গৌৰৱ গগৈয়ে । চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ নোহোৱাক লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ সাংসদ গৰাকীৰ । তেওঁ কয়, "সমষ্টি নিৰ্ধাৰণ কৰি নিৰ্বাচন অনুষ্ঠিত কৰিলে, কিন্তু জিলাৰ সীমা নিৰ্ধাৰণ কিয় কৰিব পৰা নাই ?"
উল্লেখ্য যে, ২০১৫ চনতে চৰাইদেউ জিলা গঠন কৰা হৈছিল যদিও আজিও চৰাইদেউ জিলাৰ সীমা নিৰ্ধাৰণ নহ'ল । ফলত ঐতিহাসিক চৰাইদেউ মৈদাম চৰাইদেউ জিলাত থাকিব নে শিৱসাগৰ জিলাত থাকিব তাক লৈ দুইখন জিলাৰ মাজত সংঘাট সৃষ্টি হৈছে ।

