ETV Bharat / state

এতিয়া আৰু চিন্তা নাই; ৰাজ্যৰ ৩৫৪ খন চাহ বাগিচাত স্থাপন হ’ব আয়ুষ্মান আৰোগ্য মন্দিৰ

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ শীঘ্ৰেই ৰাজ্যৰ ৩৫৪ খন চাহ বাগিচাত স্থাপন হ’ব আয়ুষ্মান আৰোগ্য মন্দিৰ ৷

AYUSHMAN AROGYA MANDIR
ৰাজ্যৰ চাহ বাগিচাত স্থাপন হ’ব আয়ুষ্মান আৰোগ্য মন্দিৰ (@TheAshokSinghal)
author img

By ETV Bharat Assamese Team

Published : January 23, 2025 at 7:07 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : স্বাস্থ্য বিভাগে ৰাজ্যৰ ৩৫৪ খন চাহ বাগিচাত আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপনৰ বাবে গ্ৰহণ কৰিছে এক পদক্ষেপ । এই পদক্ষেপৰ অংশ হিচাপে হিচাপে বুধবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ উদ্যোগত ৰাজ্যৰ ৩৫৪ খন চাহ বাগিচা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে আনুষ্ঠানিকভাৱে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয় ।

জনতা ভৱনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । মন্ত্ৰী পীযুষ হাজৰীকা, প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা আৰু কৃষ্ণেন্দু পালৰ লগতে ৰাজ্যৰ বিভিন্ন জিলা সদৰৰ পৰা অন্য বহুকেইগৰাকী মন্ত্ৰী-বিধায়কেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয়, ‘‘ৰক্তহীনতা আৰু পুষ্টিহীনতা, প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ উচ্চ হাৰ, উচ্চ ৰক্তচাপ, ডায়েবেটিছ আদিৰ দৰে অসংক্ৰামক ৰোগৰ লগতে টিবি, কুষ্ঠ, ডায়েৰিয়া আদি সংক্ৰামক ৰোগ - ৰাজ্যৰ চাহ বাগিচাত অঞ্চলত অধিক হোৱা দেখা যায় ।’’

তেওঁ কয়, ‘‘এতিয়া অসম চৰকাৰে চাহ বাগিচাত আয়ুষ্মান আৰোগ্য মন্দিৰ সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লৈছে । ৰাজ্যৰ ৩৫৪ খনকৈ চাহ বাগিচাত আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হ'ব । প্ৰতিখন চাহ বাগিচা আয়ুষ্মান আৰোগ্য মন্দিৰতে চৰকাৰে এজন সামূহিক স্বাস্থ্য বিষয়া নিয়োগ কৰা‌ হ’ব ।’’

মন্ত্ৰী সিংহলে আৰু কয়, ‘‘এই স্বাস্থ্য বিষয়াসকলে ১২ টা সম্প্ৰসাৰিত পেকেজ সামৰি বাগিচাৰ ৰাইজলৈ স্বাস্থ্যসেৱা আগবঢ়াব । এই সেৱাসমূহ হৈছে - গৰ্ভাৱস্থা আৰু প্ৰসৱৰ সময়ত যত্ন লোৱা, নৱজাতক আৰু শিশুৰ স্বাস্থ্যসেৱা, শিশু আৰু কিশোৰ-কিশোৰীৰ স্বাস্থ্যসেৱা, প্ৰজনন আৰু পৰিয়াল পৰিকল্পনা সেৱা, সংক্ৰামক ৰোগৰ ব্যৱস্থাপনা, সাধাৰণ ৰোগৰ বাবে বহিঃ চিকিৎসা সেৱা, অসংক্ৰামক ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ, চকু আৰু নাক, কাণ তথা ডিঙিৰ চিকিৎসা, মুখৰ ৰোগৰ যত্ন, মানসিক স্বাস্থ্যৰ যত্ন, জৰুৰীকালীন চিকিৎসা সেৱা আৰু বয়সস্থ তথা দুৰাৰোগ্য ৰোগীৰ যত্ন আদি ।’’

এই চিকিৎসালয়সমূহত বিনামূলীয়া ঔষধ আৰু নিদানৰ ব্যৱস্থা উপলব্ধ, প্ৰয়োজনীয় সঁজুলি, যন্ত্ৰপাতি আৰু সামগ্ৰী যোগান ধৰা আৰু আন্তঃগাঁথনি উন্নয়নৰ কাম লগতে এই চিকিৎসালয়সমূহত লেবাৰ ৰুম আৰু নৱজাতকৰ জৰুৰী চিকিৎসা ইউনিট (এনবিএছইউ) স্থাপন কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে ।

লগতে পঢ়ক : অসম সাহিত্য সভাৰ অধিৱেশনত থাকিব ৮৭ বৰ্গফুটৰ এটা জাপি

লগতে পঢ়ক : আম্বানীৰ 'বনতাৰা' সাজু হৈছে অৰুণাচলৰ পৰা নিয়া ২০ টা হাতীক আদৰিবলৈ