মটৰ মেকানিকৰ হাতৰ পৰশত কিৰিলী মাৰিছে ম'হৰ শিঙৰ পেঁপাই
মটৰ মেকানিকৰ হাতৰ পৰশত ম'হৰ শিঙৰ পেঁপা, হাজাৰ হাজাৰ গগণা, ডবুৱা কটাৰী আদি । ৰঙালী বিহুৰ প্ৰাকক্ষণত দিনে নিশাই ব্যস্ত মটৰ মেকানিকজন ।

Published : March 30, 2025 at 2:24 PM IST
নলবাৰী: মনত ইচ্ছা আৰু একাগ্ৰতা থাকিলে সকলো সম্ভৱ । তাকেই যেন প্ৰমাণ কৰি দেখুৱাইছে নলবাৰীৰ এজন মটৰ মেকানিকে । পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু । খিট খিট শব্দত মুখৰিত তাঁতশাল, ঢুলীয়াৰ ঢোলৰ চাপৰত, নাচনীৰ দুভৰিৰ গিৰিপনিত কঁপিছে বিহুৰ আখৰাথলী । তিহিতি পেঁপাৰ কিৰিলীয়ে দেহত জগাই তুলিছে অবুজ শিহৰণ ৷
হয়, ৰঙালী বুলিলেই যেন অনিবাৰ্য ম'হৰ শিঙৰ পেঁপা । পেঁপাৰ কিৰিলীত পকি উঠে বিহুখন, পেঁপাৰ কিৰিলীত জাকি মাৰি ওলাই আহে নাচনী । চেনেহৰ ৰঙালী বিহুটিক আদৰিবলৈ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ ব্যাপক প্ৰস্ততি চলিছে নলবাৰীতো । ৰঙালী বিহুৰ বাবে সাজু হৈ উঠিছে ঢোল, পেঁপা, গগনা ইত্যাদি । ইয়াৰ মাজতে চৰ্চাত নলবাৰীৰ এজন যুৱক । যুৱকজন পেছাত এজন মটৰ মেকানিক, পিছে তেওঁ এতিয়া ব্যস্ত পেঁপা, গগনা, ডবুৱা কটাৰী নিৰ্মাণ কৰাত ।
উপেন ডেকাৰ সময় তেনেই তাকৰ । কিবাকৈ মটৰ চাইকেল মেৰামতি কৰি পৰিয়াল পোহপাল দিয়া হাৰিভাঙাৰ উপেন ডেকাই বিহু বুলি গাত তত নাই । চেনেহৰ ৰঙালী বুলিলেই যেন উপেন ৰ'বই নোৱাৰে । বিহু বলীয়া উপেনে ফাগুন মাহৰ পৰাই দিনে নিশাই ব্যস্ত হৈ পৰে ম'হৰ শিঙৰ পেঁপা, গগনা আদি সজাত । উল্লেখযোগ্য যে নলবাৰী জিলাৰ টিহুৰ হাৰিভাঙাৰ এইজন মটৰ মেকানিক উপেন ডেকাই বিগত দহ বাৰ বছৰ ধৰি তৈয়াৰ কৰি আহিছে ম'হৰ শিঙৰ পেঁপা, গগনাৰ লগতে বিহুত ব্যৱহৃত বিভিন্ন সামগ্ৰী । টিহু-নলবাৰী পথৰ দাঁতিতে আছে তেওঁৰ সৰুকৈ বাইকৰ গেৰেজটো । গেৰেজটোৰ ভিতৰতেই বিহুৰ সামগ্ৰী, মটৰ চাইকেলৰ ভিন্ন সামগ্ৰী ।

সেই গেৰেজটোৰ ভিতৰতেই এবাৰ যদি বিহুৰ সামগ্ৰী বনোৱাত ব্যস্ত আনফালে আকৌ ব্যস্ত হৈ পৰে কাৰোবাৰ মটৰ চাইকেলখন মেৰামতি কৰাত । উপেন ডেকাৰ এইসমূহ বিহুৰ সামগ্ৰী নলবাৰীৰ লগতে অসমৰ বিভিন্ন জিলালৈ ৰপ্তানি কৰা হয় । পেছাত গাড়ী মেকানিক যদিও ৰঙালীৰ প্ৰাকক্ষণত যেন তেওঁ নিজকে ভাবি নলয় এজন মেকানিক বুলি ।

উপেন ডেকাই প্ৰতিবিধ সামগ্ৰী সাজি উলিওৱাৰ সমান্তৰালকৈ সুন্দৰকৈ পৰিৱেশনো কৰিব জানে । উপেন ডেকাই আওপকীয়াকৈ জানিবলৈ দিয়ামতে বৰপেটাৰ পৰা তেওঁ ক্ৰয় কৰি আনে ম'হৰ শিঙবোৰ । উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যলৈও গৈছে এই সামগ্ৰীসমূহ । উপেন ডেকাই নিৰ্মাণ কৰা সামগ্ৰীসমূহে ইতিমধ্যে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে বুলি মত পোষণ কৰে । তেওঁ নামনি অসমৰ প্ৰায় কেইখন জিলালৈ ৰপ্তানি কৰাৰ লগতে উজনি অসমলৈ ৰপ্তানি কৰে বিহুৰ সামগ্ৰীসমূহ ।

আনহাতে নলবাৰী অথবা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ প্ৰায়বোৰ লোকেই তেওঁৰ গেৰেজটোলৈ আহি মন পচন্দৰ সামগ্ৰীবিধ ক্ৰয় কৰি লৈ যায় । সেয়ে এতিয়া দিন-ৰাতি একাকাৰ কৰি গাড়ীৰ বিভিন্ন কাম কৰাৰ লগতে কিছু সময় আজৰি পালেই ম'হৰ শিঙৰ পেঁপা, গগনা, টকা, ডবুৱা কটাৰী আদি তৈয়াৰ কৰি আহিছে আৰু এনেদৰে নিজৰ পৰিয়াল পোহপাল দি আহিছে যুৱকজনে ।
যুৱকজনে নিৰ্মাণ কৰা বিহুৰ সামগ্ৰীসমূহৰ বিশেষকৈ ম'হৰ শিঙৰ পেঁপাৰো মূল্য নিৰ্ধাৰণ কৰিছে । জুৰীয়া পেঁপাৰ ৬ হাজাৰ টকাৰ পৰা ১২ হাজাৰ টকালৈ আৰু গুটীয়া পেঁপাৰ ২ হাজাৰ টকাৰ পৰা ৪ হাজাৰ টকালৈ মূল্য নিৰ্ধাৰণ কৰিছে বুলি আমাৰ আগত অৱগত কৰায় । উল্লেখ্য যে হাৰিভঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ সৈতে জড়িত হৈ তেতিয়াৰ পৰাই বিহু বলীয়া উপেন ডেকা ।

