ETV Bharat / state

জনসমুদ্ৰৰ মাজেৰে জুবিনৰ শেষ যাত্ৰা; কাহিলীপাৰা ঘৰৰ পৰা সৰুসজাইলৈ যাত্ৰা

অন্তিম শয়নত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ । জনসমুদ্ৰৰ মাজেৰে গৈ সৰুসজাইত পুষ্পসজ্জিত বিচনাত জিৰণি লৈছে সকলোৰে আপোন মানুহজনে ।

Zubeen Garg last Journey
অন্তিম শয়নত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 21, 2025 at 3:35 PM IST

|

Updated : September 21, 2025 at 6:02 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : "মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি..." - ৰাজপথৰ দুয়োপাৰে লাখ লাখ জনতাই গাইছে শিল্পীৰ এটা এটাকৈ হৃদয় স্পন্দিত গীতবোৰ । সেই গীতৰ ধ্বনিৰ মাজেৰে আগবাঢ়িছে শিল্পী জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ । জনতাৰ প্ৰাণত যি মহান সংগীতজ্ঞৰ সুৰ আৰু কণ্ঠৰ যাদুৱে তিনিটা দশক ধৰি ঘৰ সাজিছে, সেইজন জুবিন গাৰ্গ আজি মাতৃভূমিলৈ উভতিল কফিনৰ ভিতৰত নশ্বৰ দেহ হৈ ।

নশ্বৰদেহ, কিন্তু জনতাৰ প্ৰাণত তেওঁ এক অসমীয়া জাতিৰ স্পন্দিত সত্ত্বা । সেয়ে দেওবাৰে পুৱা বিমানবন্দৰৰ পৰা কাহিলীপাৰাৰ নিজৰ ঘৰলৈ জনসমুদ্ৰৰ মাজেৰে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ ২৮ কিলোমিটাৰৰ শেষ যাত্ৰাত লাগিল প্ৰায় ৬ ঘণ্টা ।

অন্তিম শয়নত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ (ETV Bharat)

অসমৰ হিয়াৰ আমঠু, জনপ্রিয় গায়ক আৰু শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৱে সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পেলাইছে । ছিংগাপুৰত সাগৰৰ বুকুত এখন য়টত প্ৰমোদ ভ্ৰমণলৈ গৈ সাঁতুৰিবলৈ জীৱন হেৰুওৱা জুবিন গাৰ্গৰ নশ্বৰ দেহ দেওবাৰে অসমলৈ উভতি অনা হয় ।

Zubeen Garg last Journey
মৰমৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম যাত্ৰা (ETV Bharat)

ছিংগাপুৰৰ পৰা বিমানযোগে নশ্বৰদেহ দিল্লীলৈ অনা হয় ৷ দেওবাৰে পুৱতি নিশা দিল্লীৰ পৰা বিশেষ বিমানযোগে মাতৃভূমি অসমলৈ অনা হয় জুবিন গাৰ্গক ।

Zubeen Garg last Journey
অন্তিম শয়নত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ (ETV Bharat)

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হৈ দিল্লীত শিল্পীগৰাকীৰ পাৰ্থিৱ শৰীৰ চমজি লয় । ৫২ বছৰীয়া জীৱনত ৪০ টা ভাষাত ৩৮ হাজাৰতকৈ অধিক গীত গোৱা শিল্পীগৰাকীলৈ অসম চৰকাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপনৰ ব্যৱস্থা কৰিছে ।

Zubeen Garg last Journey
গুৱাহাটীত জনসমুদ্ৰ (ETV Bharat)

জুবিন গাৰ্গৰ গুৱাহাটীৰ বাসগৃহ, সৰুসজাই ষ্টেডিয়াম আৰু বিমানবন্দৰত ওৰে নিশা লক্ষাধিক জনসমুদ্ৰই অপেক্ষা কৰে তেওঁলোকৰ প্ৰিয় শিল্পীগৰাকীৰ নশ্বৰ দেহৰ আগমনলৈ । ভিৰৰ বাবে পৰিস্থিতি এনে হয়গৈ যে বিমানবন্দৰত আৰক্ষীয়ে লাঠিচালনা পৰ্যন্ত কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হয় ।

আনহাতে ৰাজ্যজুৰি ডে' ছুপাৰ, নাইট ছুপাৰ তথা আন যাতায়ত ব্যৱস্থা স্থবিৰ হৈ পৰে ২০ আৰু ২১ ছেপ্টেম্বৰত । দুয়োটা দিনতেই স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰে ৰাজ্যৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ । বিমান বন্দৰৰ দুয়োকাষে দেখা গ'ল লক্ষাধিক লোকৰ কেৱল উচুপনি আৰু জুবিন বন্দনা ৷

Zubeen Garg last Journey
মৰমৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম যাত্ৰা (ETV Bharat)

পুৱা ৬.৪৫ বজাত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে জনসমুদ্ৰৰ মাজেৰে তেওঁৰ নশ্বৰ দেহ কাহিলীপাৰাৰ ভগদত্তপুৰৰ বাসভৱনলৈ লৈ যোৱা হয় ।

লক্ষাধিক গুণমুগ্ধৰ মাজেৰে জুবিন গাৰ্গৰ নশ্বৰ দেহ বিমানবন্দৰৰ পৰা পুষ্পসজ্জিত বাহনেৰে আগবাঢ়ে । পুৱতি নিশা বিমানবন্দৰত জুবিনৰ কেইবাহাজাৰ অনুৰাগীয়ে তেওঁৰ নশ্বৰ দেহৰ প্ৰতীক্ষাত বেৰিকেড ভাঙি বিমানবন্দৰ টাৰ্মিনেললৈ ৰাওনা হয় । ফলত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠিচালনা কৰিবলৈ বাধ্য হয় ।

Zubeen Garg last Journey
মৰমৰ শিল্পীগৰাকীৰ অন্তিম যাত্ৰাৰ সাক্ষী লাখ লাখ লোক (ETV Bharat)

পুৱতি নিশা অচল গুৱাহাটী বিমানবন্দৰ :

সদাব্যস্ত জুবিন গাৰ্গ আজি ভাগৰুৱা ! জুবিন গাৰ্গৰ নশ্বৰ দেহ বিমানবন্দৰ আহি পোৱাৰ পিছত বিমানবন্দৰৰ পৰিৱেশ যেন অচল হৈ পৰিছিল । প্ৰতিজন কৰ্মচাৰীৰ চক্ষুত জল আৰু কান্দোনত ভাগি পৰাৰ দৃশ্যই সকলোকে শোকস্তব্ধ কৰি তুলিছে । জুবিনক তেওঁৰ ৮৫ বছৰীয়া পিতৃ আৰু পৰিবাৰসহ পৰিয়ালৰ সদস্যসকলে শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰে ।

Zubeen Garg last Journey
মৰমৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম যাত্ৰা (ETV Bharat)

দিনৰ ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত জনসাধাৰণৰ শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখাৰ ব্যৱস্থা কৰা হৈছিল যদিও প্ৰচণ্ড ভিৰৰ বাবে দুপৰীয়া ১-৩০ বজাতহে কাহিলীপাৰাৰ ঘৰত উপস্থিত হয় শিল্পীগৰাকীৰ নশ্বৰদেহ ।

আনহাতে ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত মৃত্যু ঘটাৰ পিছৰে পৰা যোৱা দুদিন ধৰি অসমৰ জনজীৱন যেন অচল হৈ পৰিছে । অসম চৰকাৰে ২০ৰ পৰা ২২ ছেপ্টেম্বৰলৈ তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰি সকলো চৰকাৰী সভা-সমিতি আৰু উৎসৱ-পাৰ্বন আদি বিনোদন ধৰ্মী কাম-কাজ বাতিল ঘোষণা কৰিছে ।

Zubeen Garg last Journey
মৰমৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম যাত্ৰা (ETV Bharat)

আনহাতে জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামলৈ লাখ লাখ লোকৰ শনিবাৰৰ নিশাৰে পৰা দেওবাৰলৈ আগমন হয় ।

চি আই ডিৰ তদন্তৰ আদেশ :

এতিয়াও অৱসান ঘটা নাই জুবিন গাৰ্গৰ ছিংগাপুৰত সাগৰৰ মাজত মৃত্যুৰ ঘটনাৰ ৷ অসমত ৰাইজে এতিয়াও সহজভাৱে ল'ব পৰা নাই পৰৰাষ্ট্ৰত প্ৰিয় শিল্পীগৰাকীৰ অকাল মৃত্যুক । অসমজুৰি এতিয়া দাবী উঠিছে-কিদৰে মৃত্যু ঘটিল তাক সঠিক তদন্ত কৰি ৰাজ্যবাসীক অৱগত কৰিব লাগে ৷

Zubeen Garg last Journey
মৰমৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম যাত্ৰা (ETV Bharat)

মাজত মুখ্যমন্ত্ৰীয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল । ছিংগাপুৰত জুবিনৰ মৃত্যু ঘটা পৰিস্থিতিৰ ওপৰত সন্দেহৰ পটভূমিত অসম আৰক্ষীৰ চি আই ডিক তদন্তৰ নিৰ্দেশ দিয়া হৈছে ।

অসমৰ এগৰাকী প্ৰতিষ্ঠিত ইভেণ্ট মেনেজাৰ শ্যামকানু মহন্ত (উত্তৰ-পূব মহোৎসৱৰ সংগঠক) আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে তদন্ত হ'ব ।

মুখ্যমন্ত্ৰীয়ে কয়, "জুবিনৰ মৃত্যুৰ সঠিক কাৰণ জানিবলৈ আৰু কোনো বিসংগতি যে নাই নিশ্চিত কৰিবলৈ এই তদন্ত অতি জৰুৰী ।" এতিয়ালৈ জুবিন গাৰ্গৰ শেষকৃত্য কেতিয়া সম্পন্ন হ'ব এতিয়াও নিশ্চিত কৰা হোৱা নাই যদিও গুৱাহাটীৰ সমীপৰ সোণাপুৰত শেষকৃত্য সম্পন্ন কৰিবলৈ ইতিমধ্যে ৫.৫ বিঘা মাটি অসম চৰকাৰে নিৰ্দিষ্ট কৰিছে ৷

Zubeen Garg last Journey
গুৱাহাটীৰ ৰাজপথত জুবিন অনুৰাগীৰ ভিৰ (ETV Bharat)

শেষ শ্ৰদ্ধাঞ্জলি ব্যৱস্থাপনা সমগ্ৰ প্ৰক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে তদাৰক কৰি আছে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছে, "কেতিয়া অসমৰ কণ্ঠখ্যাত শিল্পী গৰাকীৰ শেষকৃত্য সমাপন কৰা হ'ব সেয়া চিকিৎসকৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ কৰিব । লাখ লাখ জনতা শেষ শ্ৰদ্ধা জনাবলৈ উদ্বিগ্নতাৰে ৰৈ আছে । আমি স-সন্মানেৰে মহান শিল্পীগৰাকীক শেষ বিদায় জনাব খোজো ৷"

লগতে পঢ়ক :প্ৰাণৰ শিল্পীলৈ শেষ শ্ৰদ্ধা... সৰুসজাইত জনসমুদ্ৰ

Last Updated : September 21, 2025 at 6:02 PM IST