গুৱাহাটী: ৰাজ্যখনৰ তৃণমূল পৰ্যায়ত ৰাইজৰ বিভিন্ন অভাৱ-অভিযোগ দূৰ কৰাৰ লগতে বিভিন্ন সেৱা প্ৰযোজ্য কৰা আৰু উন্নয়নমূলক আঁচনি ৰূপায়ণৰ ক্ষেত্রত পৌৰসভাসমূহৰ বিশেষ ভূমিকা আছে । কিন্তু অসমৰ অধিকাংশ পৌৰসভাত সবল নেতৃত্বৰ অভাৱ হোৱাৰ পৰিপ্ৰেক্ষিতত অধিকাংশ নগৰৰে আশানুৰূপ উন্নয়ন হোৱা নাই ।
এচাম পৌৰ সদস্য কেৱল ৰাজনৈতিক দলৰ ঢৌত উটিয়েই পৌৰসভাৰ নেতৃত্ব লাভ কৰাৰ ফলত অসমৰ অধিকাংশ নগৰৰ পৌৰ এলেকাৰ কৰদাতা নাগৰিকে উন্নয়নৰ প্ৰকৃত স্বৰূপ দেখাৰ পৰা বঞ্চিত হ'বলগা হোৱাৰ লগতে পৌৰসভাসমূহে আৱণ্টিত ধনৰ সম্পূৰ্ণ ব্যৱহাৰেই কৰিব পৰা নাই ।

ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষক চমুকৈ কেগৰ শেহতীয়া প্রতিবেদনত পৌৰসভাসমূহৰ শোচনীয় প্রশাসনিক ব্যৱস্থাটো স্পষ্ট ৰূপত উন্মোচিত হৈছে । কেগৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি হিচাপ পৰীক্ষাৰ পৰা ওলাই পৰিছে যে ২০১৮-১৯ বৰ্ষৰ পৰা ২০২২-২৩ বৰ্ষ পর্যন্ত পৌৰসভাসমূহলৈ আৱণ্টিত বাজেটৰ অতি কম পৰিমাণহে ব্যৱহাৰ হৈছে । অৰ্থাৎ পুঁজি আছে যদিও অধিকাংশ পৌৰসভাৰে অদক্ষ নেতৃত্বই উন্নয়নৰ আঁচনিয়েই ল'ব পৰা নাই ।
কেগে প্ৰকাশ কৰিছে ২০১৮-১৯ বৰ্ষত পৌৰসভাসমূহে ৪১০.৯৬ কোটি ব্যয় কৰাৰ বিপৰীতে অব্যৱহৃত হৈ আছে ৭০৩.১৬ কোটি টকা । সেইদৰে ২০১৯-২০, ২০২০-২১, ২০২১-২২ আৰু ২০২২-২৩ বৰ্ষত ক্রমে ৫১৭.৭৭, ৩৫৮.৩২, ৬৭২.৯২ আৰু ১২৩৬.৯২ কোটি টকা ব্যয় হোৱাৰ বিপৰীতে এইকেইটা বৰ্ষত অব্যৱহৃত হৈ থকা পুঁজিৰ পৰিমাণ হৈছে ক্ৰমে ১১১৭.৯৭ কোটি টকা, ১১৪৬.২৪ কোটি টকা, ১১৩৭.১১ কোটি টকা আৰু ১৪১৮.২৯ কোটি টকা ।

ইয়াৰ পৰাই প্রমাণ হয় যে ৰাজ্যৰ অধিকাংশ বিজেপিৰ নিয়ন্ত্ৰণত থকা পৌৰসভাই নগৰ উন্নয়নৰ বাবে বিশেষ কোনো আঁচনি গ্ৰহণ কৰিব পৰা নাই । কেগৰ প্ৰতিবেদনত এই কথাও উল্লেখ কৰা হৈছে যে, ৰাজ্যৰ পৌৰ প্ৰশাসন আৰু গুৱাহাটী উন্নয়ন বিভাগে বিগত প্রায় ৬ বছৰত মুঠ বাজেটৰ মাত্ৰ ১৫ শতাংশৰ পৰা ৬৮ শতাংশ হাৰত মুঠ বাজেটৰ ধন ব্যৱহাৰ কৰিব পাৰিছে ।
কেগে প্ৰতিবেদনত এক গুৰুত্বপূর্ণ মন্তব্য কৰি কৈছে যে বিভাগবোৰে বিচৰা আৰু লাভ কৰা বাজেট প্রকৃত প্রয়োজনতকৈ বহুত বেছি আৰু ইয়াক ব্যৱহাৰ কৰিব নোৱাৰাৰ ফলত অগ্ৰাধিকাৰ খণ্ডসমূহ সম্পদ আৱণ্টনৰ পৰা বঞ্চিত হয় ।

আন এক গুৰুত্বপূৰ্ণ কথা এয়ে যে বহু পৌৰসভাই এতিয়া ধন ব্যৱহাৰ কৰিব নোৱৰাটো বাদেই, যি সামান্য পৰিমাণৰ ধন নগৰ উন্নয়নত ব্যয় কৰিছে তাতো চলিছে পৌৰ সদস্য আৰু ঠিকাদাৰৰ অবাধ লুণ্ঠন । কেগে ২০২১-২২ আৰু ২০২২-২৩ বৰ্ষত নমুনা হিচাপে লৈ ১৫ খন পৌৰসভাৰ হিচাপ পৰীক্ষা কৰাত পোহৰলৈ আহিছে যে উত্তৰ লখিমপুৰ, যোৰহাট আৰু তেজপুৰ পৌৰসভাই ষ্টক ৰেজিষ্টাৰ আৰু ৰছিদ পঞ্জীৰ দৰে মৌলিক ৰেকৰ্ড ৰখা নাছিল ।

কেগৰ হিচাপ পৰীক্ষকে প্রতিবেদনত উল্লেখ কৰিছে যে এই মৌলিক ৰেকৰ্ডসমূহৰ অনুপস্থিতিৰ ফলত আঁচনিসমূহৰ ৰূপায়ণৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীৰ অপব্যৱহাৰ হ'ব পাৰে আৰু ৰছিদ বহীৰ পঞ্জীয়ন ৰক্ষণাবেক্ষণ নকৰাৰ ফলত ধন আত্মসাৎ বা ধনৰ অপব্যৱহাৰ হ'ব পাৰে ।

ইয়াৰ পৰাই প্ৰমাণ হৈ পৰে যে সচেতন আৰু শিক্ষিত লোকেৰে ভৰপূৰ একাংশ নগৰত পৌৰসভাই কি হাৰত লুণ্ঠন চলাইছে । ইয়াৰ ফলত সাধাৰণ জনতাই প্ৰকৃত পৌৰ সা-সুবিধা লাভৰ পৰা বঞ্চিত হৈ আহিছে । সেইদৰে নগৰসমূহ উন্নয়নৰ পৰা বঞ্চিত হৈছে ।
লগতে পঢ়ক: গৌৰৱ গগৈয়ে মাজুলীলৈ আহিবলৈ সময় নাপায় : পবিত্ৰ মাৰ্ঘেৰিটা