ETV Bharat / state

ড্ৰাগছৰ বিৰুদ্ধে মছজিদ কমিটীৰ কঠোৰ স্থিতি, জানাজাত অংশগ্ৰহণ নকৰিলে ৰাইজে

ড্ৰাগছৰ বাবেই এটা পৰিয়ালৰ বিৰুদ্ধে কঠোৰ হ'ল ৰাইজ ।

Mosque Committee Against Drugs in Nagaon
জানাজাত অংশগ্ৰহণ নকৰিলে ৰাইজে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 19, 2025 at 11:00 PM IST

2 Min Read
Choose ETV Bharat

চামগুৰি : বৰবিহ স্বৰূপ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাইজে । ড্ৰাগছৰ বেহা বন্ধ কৰিবলৈ নগাঁও চহৰৰ দুই নম্বৰ পানীগাঁৱৰ ৰাইজ তথা দুই নম্বৰ পানীগাঁও দুইতলা মছজিদ কমিটীয়ে গ্ৰহণ কৰিলে এই সিদ্ধান্ত । ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত অভিযোগৰ বাবেই এটা পৰিয়ালৰ বিৰুদ্ধে এনে স্থিতি গ্ৰহণ কৰিলে ।

জানাজাত অংশগ্ৰহণৰ পৰা বিৰত থাকিল ৰাইজ :

এটা পৰিয়ালৰ এজন লোকৰ কালি মৃত্যু হোৱাৰ পিছত স্থানীয় ৰাইজ তথা মছজিদ কমিটীয়ে লোকজনৰ জানাজাত অংশগ্ৰহণ কৰাৰ কৰাৰ বিৰত থাকে । স্থানীয় পৰেশ বৰুৱা পথ নিবাসী আশীৰ উৰ্দ্ধৰ মদন ধালি নামৰ লোকজনৰ শনিবাৰে নিশাৰ ভাগত মৃত্যু হৈছিল । এই লোকজনৰ পত্নী,কন্যাৰ লগতে একমাত্ৰ পুত্ৰ গোলাপ ধালিকে ধৰি সমগ্ৰ পৰিয়ালটো দীৰ্ঘদিন ধৰি মদ, ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে মছজিদ কমিটীয়ে ।

জানাজাত অংশগ্ৰহণ নকৰিলে ৰাইজে (ETV Bharat Assam)

কমিটীৰ সম্পাদক শ্বাজিদ আহমেদে এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰি কয়, "যোৱা ছয় জানুৱাৰীত গোলাপ ধালিক কেচাআলি শনি মন্দিৰ কমিটীয়ে ড্ৰাগছসহ হাতে লোটে ধৰি স্থানীয় গাঁওৰক্ষী বাহিনী আৰু শান্তি কমিটীৰ সহযোগত স্থানীয় মৰিকলং আৰক্ষীক চমজাই দিয়ে । বৰ্তমানো তেওঁ জেল হাজোততে আছে । "

শান্তি কমিটীৰ সম্পাদক ইকবাল হুছেইনে কয়, "এনে ব্যৱসায়ত জড়িত থকাৰ অভিযোগত উক্ত পৰিয়ালটোক কুৰি বছৰ পূৰ্বেই মছজিদ কমিটীয়ে সমাজৰ পৰা বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল । অৱশ্যে পৰৱৰ্তী সময়ত পৰিয়ালটোৰ সকলো লোকে এনে ধৰ্ম তথা সমাজ বিৰোধী কামত লিপ্ত নোহোৱাৰ লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছত সমাজখনে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছিল ।" এবাৰ- দুবাৰ নহয় তিনিবাৰকৈ এনে লিখিত প্ৰতিশ্ৰুতি দিছিল বুলি উল্লেখ কৰি তেওঁ কয়, "এই পৰিয়ালটোৰ সকলোৱেই পুনৰ ড্ৰাগছ ব্যৱসায়ত লিপ্ত হৈ পৰে । যাৰ বাবে পৰিয়ালটোৰ মুৰব্বীজনৰ কালি মৃত্যু হোৱাৰ পিছত মছজিদ কমিটীয়ে জানাজাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্তত অটল থাকে ।" অৱশেষত নিজৰ পৰিয়ালৰ লোকেই নিজাববীয়াকৈ নগাঁও কবৰস্থানত লোকজনৰ জানাজাৰ ব্যৱস্থা কৰিব লগা হয় ।

লগতে পঢ়ক:উৰুকা আৰু বিহুৰ দিনাৰ দুটাকৈ ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ - CRIME IN JORHAT

স্বগৃহত ড্ৰাগছ সৰবৰাহকাৰী বাহনৰ খুন্দাত প্ৰাণ হেৰুওৱা উজ্জ্বল বৰাৰ নশ্বৰদেহ - POLICE JAWAN KILLED