ETV Bharat / state

অসম আৰক্ষীৰ হাতত পুনৰ গ্ৰেপ্তাৰ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিং

এইবাৰ মৰিগাঁৱৰ আৰক্ষীয়ে নিলে ৰিতম সিঙক । লখিমপুৰ কাৰাগাৰৰ পৰাই মৰিগাঁৱৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক ৷ এই লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

Morigaon police arrested Assam Congress spokesperson Reetam Singh from Lakhimpur jail
এইবাৰ মৰিগাঁৱৰ আৰক্ষীয়ে নিলে ৰিতম সিঙক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 4, 2025 at 7:17 AM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ : লখিমপুৰ জিলা কাৰাগাৰৰ পৰা এইবাৰ মৰিগাঁও পালেগৈ ধৃত কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিং ৷ আৰক্ষীৰ হাতত পুনৰ গ্ৰেপ্তাৰ হ’ল কংগ্ৰেছৰ মুখপাত্ৰগৰাকী ৷ বৃহস্পতিবাৰে মৰিগাঁও আৰক্ষীৰ এটা দলে লখিমপুৰত উপস্থিত হৈ জিলা কাৰাগাৰত বন্দী হৈ থকা কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক লৈ যায় ৷

অধিবক্তা উত্তম কুমাৰ ফুকনে জনোৱা মতে, ৫ এপ্ৰিলত ৰিতমক মৰিগাঁও আদালতত হাজিৰ কৰোৱাৰ দিন ধাৰ্য কৰিছিল আদালতে । কিন্তু ৰহস্যজনকভাৱে বৃহস্পতিবাৰে (3এপ্ৰিল) ৰিতম সিঙক মৰিগাঁৱলৈ লৈ যায় । এই কথাত বিতুষ্ট হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী ৷

এইবাৰ মৰিগাঁৱৰ আৰক্ষীয়ে নিলে ৰিতম সিঙক (ETV Bharat Assam)

আদালতৰ নিৰ্দেশনাক আওকাণ কৰা বিষয়টোক লৈ সৰৱ হৈ পৰে কংগ্ৰেছী মহল ৷ যিহেতু ৫ এপ্রিলতহে আদালতত হাজিৰ কৰোৱাৰ দিন আছে, সেয়ে এই দুদিন ৰীতম সিঙক ক'ত ৰাখিব তাৰ উত্তৰ বিচাৰিছে ৰিতমৰ হৈ আইনী যুজঁ চলোৱা অধিবক্তা উত্তম কুমাৰ ফুকনে ।

অধিবক্তা ফুকনে কয়, ‘‘2এপ্রিলত গুৱাহাটী ন্যায়ালয়ত ৰিতম সিঙক হাজিৰ কৰোৱাৰ নিৰ্দেশ আছিল । সেই অনুসৰি তেওঁক কালি লখিমপুৰৰ পৰা নি গুৱাহাটী আদালতত হাজিৰ কৰাই পুনৰ লখিমপুৰ লৈ ঘূৰাই অনা হয় । যিহেতু লখিমপুৰ সদৰ থানাত তেওঁণৰ বিৰুদ্ধে থকা গোচৰৰ মৰ্মে আদালতে তেওঁক লখিমপুৰ কাৰাগাৰত ন্যায়িক জিম্মাৰ বাবে প্ৰেৰণ কৰিছিল ।’’

Morigaon police arrested Assam Congress spokesperson Reetam Singh from Lakhimpur jail
এইবাৰ মৰিগাঁৱৰ আৰক্ষীয়ে নিলে ৰিতম সিঙক (ETV Bharat Assam)

‘‘পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ৰ পৰা তেওঁৰ জামিন হয় যদিও মৰিগাঁৱৰ আৰক্ষীয়ে ৰিতম সিঙক গ্ৰেপ্তাৰ কৰিবলৈ অহাত অধিবক্তাই তেওঁৰ ৰিলিজ লোৱাৰ পৰা বিৰত থাকে । এনে অৱস্থা বাহাল থকাৰ সময়তে আজি মৰিগাঁৱৰ আৰক্ষীয়ে ৰিতম সিঙক লখিমপুৰৰ পৰা লৈ যায় ।’’

এই লৈ এতিয়া কংগ্রেছ দল, অধিবক্তাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ অহা ৫ এপ্রিললৈকে ৰিতম সিঙক ক’ত ৰাখিব বুলিও একাংশই প্ৰশ্ন তুলিছে ।

লগতে পঢ়ক : ৰিতম সিং জেলত থকাৰ প্ৰতিটো মিনিট, প্ৰতিটো ঘন্টাৰ হিচাপ দিব লাগিব: ভূপেন বৰা