নেমু বাৰু আপোনাৰ প্ৰিয় নেকি, এভুমুকি মাৰো আহক নেমুৰ সুগন্ধি বিলোৱা গাঁওখনলৈ...
নেমুৰ বাবে বিখ্যাত এখন গাঁও৷ গাঁওখনৰ অধিকাংশ পৰিয়ালেই কৰে নেমু খেতি৷ নেমুৰ বাগানেই হৈছে তেওঁলোকৰ জীৱিকাৰ একমাত্ৰ পথ৷ যাওঁ আহক নেমুৰ সুগন্ধি বিলোৱা গাঁওখনলৈ...

Published : March 8, 2025 at 2:17 PM IST
মৰিগাঁও : এখন বিশেষ গাঁও, যিখন গাঁও বিখ্যাত নেমুৰ বাবে । এই গাঁওখনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হয় নেমু । এই গাঁওখনত আপুনি প্ৰৱেশ কৰিলেই পদুলিয়ে পদুলিয়ে দেখিব কেৱল নেমুৰ গছ । গাঁওখনৰ প্ৰতিটো পৰিয়ালতে আছে নেমুৰ গছ ।
আমি উল্লেখ কৰা গাঁওখন আছে মৰিগাঁৱত ৷ চহৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগত থকা মানিপুৰ গাঁও বিখ্যাত নেমুৰ বাবে ৷ গাঁওখনৰ প্ৰায় ১৭০০টা পৰিয়ালৰ প্ৰতি ঘৰতে কমেও এজোপা-দুজোপাকৈ নেমু গছ থকাৰ লগতে ৫০০টা পৰিয়ালৰ ঘৰতে আছে একোখনকৈ নেমুৰ বাগান । পৰিয়ালৰ প্ৰতিজন সদস্যই নেমুৰ বাগানত কাম কৰে ।
উৎপাদিত এই নেমুবোৰ কৃষকসকলে মৰিগাঁও জিলাৰ বিভিন্ন সাপ্তাহিক বজাৰৰ লগতে জাগীৰোড, ভুৰাগাঁও , লাহৰিঘাট, মৈৰাবাৰি, ধিং, নগাঁও, খাৰুপেটীয়া, গুৱাহাটী লগতে ৰাজ্যৰ আন আন প্ৰান্তলৈও কুইণ্টলে কুইণ্টলে নি বিক্ৰী কৰে । ক’বলৈ গ’লে নেমুৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীৱন নিৰ্বাহ কৰি আছে গাঁওবাসীয়ে ।

জানিব পৰা মতে, নেমুৰ বাবে এতি উপযোগী এই গাঁওখনৰ মাটি । কিন্তু ক্ৰমাৎ যেন কমি গৈছে এই গাঁওখনৰ স্বাভিমান স্বৰূপ নেমুৰ উৎপাদন । কাৰণ এই গাঁৱৰ কৃষকসকলে বজাৰত নাপাই নেমুৰ উচিত মূল্য ৷ লগতে তেওঁলোকে পোৱা নাই কৃষি বিভাগৰ পৰাও কোনো ধৰণৰ সহায় । এই অভিযোগ গাঁৱৰ নেমুৰ খেতিয়কসকলৰ ৷ যাৰ বাবে কৃষকসকলে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ ওপৰত উজাৰিছে ক্ষোভ ।
লগতে পঢ়ক : বহিঃৰাজ্য়ৰ বজাৰ দখল কৰিবলৈ সাজু মিঠাআম চাপৰিৰ ৰঙালাও লগতে পঢ়ক : ২০০ বিঘা আলু খেতি কৰিও কিয় মূৰে-কপালে হাত দিছে কৃষকে ? |
এই সন্দৰ্ভত মানিপুৰ গাঁৱৰ কৃষক গীৰেন বৰদলৈয়ে কয়, ‘‘মানিপুৰ নেমুৰ কাৰণে বিখ্যাত । আগতে এই গাঁৱৰ নেমু ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ হৈছিল । এসময়ত সকলো বজাৰতে এই গাঁৱৰ নেমুয়ে বজাৰ দখল কৰিছিল । কিন্তু এতিয়া উচিত মূল্যৰ অভাৱত যেন কৃষকসকলে দুৰ্ভোগ ভুগিছে ।’’

তেওঁ কয়, ‘‘বিগত ১৫ বছৰ ধৰি নেমুৰ খেতি কৰি আহিছো । কিন্তু আজিলৈ কোনো ধৰণৰ সুবিধা নাপালো কৃষি বিভাগৰ পৰা । বহুবাৰ আবেদনো কৰিলো কিন্তু আজিলৈ নাপালো একো সঁহাৰি । প্ৰায় চাৰে চাৰি বিঘাৰ নেমুৰ বাগান আছে আৰু খেতি কৰিবলৈও মন আছে । কিন্তু আজিলৈকে চৰকাৰৰ পৰা পোৱা নাই কোনো ধৰণৰ সহায় । আনহাতে পোৱা নাই বজাৰৰ উচিত মূল্যও ।’’
আন এজন কৃষক জয়ন্ত বৰদলৈয়ে কয়, ‘‘মৰিগাঁৱৰ মানিপুৰ নেমুৰ কাৰণে বিখ্যাত । আমি বহু ঠাইলৈ নেমু ৰপ্তানি কৰিছিলো ৷ আমাৰ পৰা বহু লোকে নেমু নি ব্যৱসায়ও কৰিলে । আমাক চৰকাৰে বহু আশা দিছিল কিন্তু একো নহ’ল । যাৰ বাবে আমি আধা নেমুৰ গছ এতিয়া কাটি পেলাব লগা হৈছে । এই মাটি নেমুৰ বাবে যথেষ্ট উপযোগী । আমাৰ বহু মাটি আছে । যদি চৰকাৰে কিবা সহায় কৰিলে আমি আৰু অধিক নেমু উৎপাদন কৰিব পৰিলো হয় ।’’

আনহাতে এই সন্দৰ্ভত মৰিগাঁও জিলা কৃষি বিষয়া অশোক শৰ্মাই কয়, ‘‘মানিপুৰ গাঁৱৰ কৃষকসকলে যি অভিযোগ কৰিছে এই ক্ষেত্ৰত আমি তেওঁলোকক কওঁ যে মৰিগাঁও কৃষি বিভাগ লগতে কৃষি বিজ্ঞান কেন্দ্ৰত আমি তেওঁলোকক এটা উচ্চ মানদণ্ডৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিম ৷ এই প্ৰশিক্ষণৰ পিছতে তেওঁলোকে কৃষি বিভাগৰ তৰফৰ পৰা যি সুবিধা পাব লাগে সকলো পাব ।’’
লগতে পঢ়ক : অসমৰ ক'লা হালধি এতিয়া ৰাজস্থানৰ কৃষকৰ হেঁপাহৰ খেতি লগতে পঢ়ক : কুঁহিয়াৰ খেতিৰে বছৰি লক্ষাধিৰ টকা উপাৰ্জন |

