
আহোম জনগোষ্ঠীক নেতৃত্ব দিয়া বহু নেতা অসমৰ মুখ্যমন্ত্ৰী হ'ল যদিও আজিও আহোমৰ বহু মৈদাম সংৰক্ষণ নহ'ল: ময়ুৰ বৰগোঁহাই
চাহ বাগিচাৰ মাজত থকা আহোম ৰাজ শাসনৰ ইতিহাস লৈ জিলিকি থকা দুই শতাধিক মৈদাম হ'ব সংৰক্ষণ ।

Published : October 12, 2025 at 2:03 PM IST
ডিব্ৰুগড়: খোৱাং চাহ বাগিচাৰ মাজত আহোম ৰাজশাসনৰ ইতিহাস লৈ জিলিকি আছে দুই শতাধিক মৈদাম । সংৰক্ষণৰ অভাৱত খোৱাং চাহ বাগিচাৰ এলেকাধীন ৰাংচালিত থকা দশৰথ বহিখোৱা বৰফুকনসহ প্ৰায় দুই শতাধিক মৈদাম এতিয়া নিঃশেষ হোৱাৰ দিশত । এই ঐতিহাসিক মৈদামসমূহ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ধাৰাবাহিকভাৱে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছিল ।
ইয়াৰ পাছতে ক্ৰমাৎ ধ্বংসৰ দিশলৈ গতি কৰা ডিব্ৰুগড় জিলাৰ খোৱাং চাহ বাগিচাত থকা দশৰথ বহিখোৱা বৰফুকন মৈদামৰ সংৰক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে টাই আহোম উন্নয়ন পৰিষদে । পুৰাতত্ত্ব বিভাগৰ অমনোযোগিতাৰ বাবে ধ্বংসৰ দিশলৈ গতি কৰা প্ৰায় দুই শতাধিক মৈদাম সংৰক্ষণৰ বাবে টাই আহোম উন্নয়ন পৰিষদে ২৫ লাখ টকা মৈদামৰ চাৰিবেৰা নিৰ্মাণৰ বাবে ধন আবণ্টন দিছে ।
টাই আহোম উন্নয়ন পৰিষদৰ সভাপতি ময়ুৰ বৰগোঁহাইৰ উপস্থিতিত চাৰিবেৰা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক চক্ৰধৰ গগৈয়ে । টাই আহোমৰ সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে আধাৰশিলা স্থাপনৰ অনুষ্ঠানটোত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

উল্লেখযোগ্য যে, চৰকাৰৰ গুৰুত্বহীনতাৰ বাবেই খোৱাং চাহ বাগিচাৰ এলেকাধীন ৰাংচালিত থকা দশৰথ বহিখোৱা বৰফুকনসহ প্ৰায় দুই শতাধিক মৈদাম এতিয়া নিঃশেষ হোৱাৰ দিশত । খোৱাং চাহ বাগিচাৰ মাজত থকা মৈদামসমূহৰ প্ৰায় সংখ্যকেই বাগিচা কৰ্তৃপক্ষই খহাই শেষ কৰি পেলাইছে । ৰোপণ কৰা হৈছিল চাহ গছ । প্ৰায় দুই শতাধিক মৈদামৰ ভিতৰত ৮০ টা মান মৈদামহে সম্পূৰ্ণকৈ আছেগৈ ।

যাৰ ফলত এক ইতিহাস শেষ হৈ যোৱাৰ উপক্ৰম হৈছে । পুৰাতত্ত্ব বিভাগক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাত সংৰক্ষণৰ বাবে ওলাই আহিছে দল-সংগঠনৰ লগতে সচেতন ৰাইজ । কিন্তু অৱশেষত টাই আহোম উন্নয়ন পৰিষদে আগবাঢ়ি আহিছে যদিও সেই মৈদাম কেইটা সংৰক্ষণৰ বাবে চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া সময়তহে জানিব পৰা যাব ।
নতুন প্ৰজন্মই আহোমৰ সংস্কৃতি কি তাক চিনি পাবলৈ সংৰক্ষণৰ ব্যৱস্থা:
খোৱাং চাহ বাগিচাত থকা দশৰথ বহিখোৱা বৰফুকনৰ মৈদামৰ সংৰক্ষণৰ আধাৰশিলা স্থাপন কৰি বিধায়ক চক্ৰধৰ গগৈয়ে কয়,"দশৰথ বহিখোৱা বৰফুকনক ইয়াত সমাধিস্থ কৰা হৈছিল । ইতিহাসৰ পাতত সেই কথা উল্লেখ আছে। পৰৱৰ্তী সময়ত এই ঠাইখিনি উদ্ধাৰ কৰা পাছত ৰাইজে সংৰক্ষণৰ বাবে আগবঢ়ি আহিছে । খোৱাং চাহ বাগিচাৰ কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰি সহযোগিতা কৰিছে ।"

তেওঁ লগতে কয়,"দশৰথ বহিখোৱা বৰফুকন মৈদামৰ গুৰুত্ব আছে । নতুন প্ৰজন্মই আহোমৰ সংস্কৃতি কি তাক চিনি পাবলৈ টাই উন্নয়ন পৰিষদে ২৫ লাখ টকা আগবঢ়াইছে । খোৱাং চাহ বাগিচাত সৰু-বৰ বহু মৈদাম আছে । সকলোকে একেলগে সংৰক্ষণ কৰাটো সম্ভৱ নহয় । চাহ বাগিচাৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰা হৈছে । বাগিচাৰ ভিতৰত দূৰত থকা মৈদাম কেইটা সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব ।
আজিও আহোমৰ বহু মৈদাম সংৰক্ষণ নহ'ল:
অনুষ্ঠানত উপস্থিত থাকি টাই আহোম উন্নয়ন পৰিষদৰ সভাপতি ময়ুৰ বৰগোঁহাই কয়,"খোৱাং চাহ বাগিচাত থকা দশৰথ বহিখোৱা বৰফুকন মৈদামৰ সংৰক্ষণৰ বাবে টাই আহোম উন্নয়ন পৰিষদৰ পুঁজি প্ৰদান কৰা হৈছে । ২৫ লাখ টকা আগবঢ়োৱা হৈছে, অতি কম সময়ৰ ভিতৰতে কাম আৰম্ভ হ'ব । গোটেই মৈদামখিনি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । এই ক্ষেত্ৰত খোৱাং চাহ বাগিচাৰ কৰ্তৃপক্ষই সহযোগিতা আগবঢ়াইছে । পৰৱৰ্তী সময়ত বাগিচা কৰ্তৃপক্ষৰ লগত আলোচনা কৰি উন্নয়নৰ বাবে কাম কৰা হ'ব ।"

চৰকাৰক সমালোচনা কৰি তেওঁ কয়,"আহোম জনগোষ্ঠীক নেতৃত্ব দিয়া বহু নেতা অসমৰ মুখ্যমন্ত্ৰী হ'ল যদিও আজিও আহোম বহু মৈদাম সংৰক্ষণ নহ'ল । কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে এই ঐতিহাসিক ক্ষেত্ৰসমূহ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টাই আহোম জনগোষ্ঠীৰ উন্নয়নৰ বাবে প্ৰতি বছৰে ২৫ কোটি টকা প্ৰদান কৰি আহিছে । এই ধনেৰে আহোম জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰি আহিছোঁ ।"

