আদ্যশ্ৰাদ্ধ পাতিলেই নহয়, জুবিন দাই ন্যায় পাবই লাগিব; মহিলাৰ গৰ্জন
তিনি শতাধিক মহিলাই গালে 'ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম...'

Published : October 13, 2025 at 2:19 PM IST
ধেমাজি : অসমীয়াৰ আৱেগ, হিয়াৰ আমঠু সংগীতৰ মহানায়ক জুবিন গাৰ্গৰ ন্যায়কলৈ ৰাজ্য়ৰ সৰ্বত্ৰে চলিছে ভিন্ন কাৰ্যসূচী । প্ৰায়ভাগ ঠাইতে মায়াবিনীৰে মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে ন্য়ায় প্ৰদানৰ বাবে হাজাৰ হাজাৰ জনতাই কৰিছে জোৰ লৈ সমদল । ইয়াৰ মাজতেই শতাধিক মহিলাই সমস্বৰে বৰগীত গাই জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনালে ।
এইবাৰ জুবিনৰ প্ৰিয় গীত 'মায়াবিনী ৰাতিৰ বুকুত'ৰ পৰিৱৰ্তে তিনি শতাধিক মহিলাই গালে 'ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম...'শীৰ্ষক বৰগীতটি । এক আধ্যাত্মিক পৰিৱেশত নিমজ্জিত হৈ পৰিল ধেমাজিৰ মাছখোৱাৰ বৃহত্তৰ যোৰকটা অঞ্চল । যোৰকটা অঞ্চলৰ সমাজকৰ্মী জুবিন অনুৰাগী বিনোদ চেতিয়া আৰু দিপালী চেতিয়াৰ উদ্যোগত মহিলা সমাজে যোৰকটা ৰাজহুৱা গৃহত অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰিলে ৷
অসম প্ৰাণ শিল্পীগৰাকীৰ ন্যায় বিচাৰি আৰু দোষীক উপযুক্ত শাস্তিৰ দাবীত ধেমাজিৰ মাছখোৱাৰ বৃহত্তৰ যোৰকটা আঞ্চলিক মহিলাসকলে অঞ্চলটোৰ ৰাজহুৱা ভৱনত আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । পৰম্পৰাগত ৰীতি-নীতিৰে শৰাই আগবঢ়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় 'জয় জুবিন দা ,জুবিন দা অমৰ হওঁক' আদি শ্লোগান দিয়ে ৷

মহিলাসকলে কীৰ্তন পাঠ আৰু দিহা নামো পৰিৱেশন কৰে ৷ আয়োজক মহিলা দিপালী চেতিয়াই কয়, “ জুবিন দাৰ অকল শ্ৰাদ্ধ পাতিলেই নহ’ব ৷ অসমত যিমান দালাল হত্যাকৰী আছে সেই সকলক নাশ কৰি জুবিন দাই ন্যায় পাব লাগিব ৷ অসম চৰকাৰলৈ অনুৰোধ কৰিছো যোৰকটাবাসী হিচাপে জুবিন দাই ন্যায় পাবই লাগিব । যদিহে ন্যায় নাপায় তেন্তে আমি ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ম ৷“
লগতে পঢ়ক : আমি নেভাগৰো... আমি নেপাহৰো! ন্যায় আমাক লাগিবই... শিল্পী সমাজে আৰম্ভ কৰিলে ডিজিটেল প্ৰতিবাদ

