কঠোৰ নীতি-নিৰ্দেশনাৰ মাজেৰে তৃতীয় বৰ্গৰ স্নাতক পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ পাঁচ লক্ষাধিক প্ৰাৰ্থী - ADRE 2024
Recruitment exam in Assam : ৰাজ্যজুৰি স্নাতক পর্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ ৫,২৯,৯৮৯ গৰাকী প্ৰাৰ্থী । পৰীক্ষাৰ বাবে পুৱা ৮.৩০ বজাৰ পৰা ৰাজ্যজুৰি কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা । বিয়লি ৪.৩০ বজালৈ বন্ধ থাকিব ইণ্টাৰনেট সেৱা ৷ পিছবেলা দিনৰ ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ হাইস্কুল শিক্ষান্ত পৰ্যায়ৰ পৰীক্ষা । অৱতীৰ্ণ হ'ব ২,০৪০৯১ গৰাকী প্ৰাৰ্থী ।

Published : September 29, 2024 at 11:22 AM IST
গুৱাহাটী, ২৯ ছেপ্টেম্বৰ : কঠোৰ নীতি-নিৰ্দেশনা আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত দেওবাৰে অনুষ্ঠিত হৈছে এ ডি আৰ ইৰ তৃতীয় বৰ্গৰ পদৰ স্নাতক পৰ্যায়ৰ পৰীক্ষা । পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে পৰীক্ষা আৰু সমাপ্ত হ'ব দুপৰীয়া ১২ বজাত । ৰাজ্যজুৰি স্নাতক পর্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে ৫,২৯,৯৮৯ গৰাকী প্ৰাৰ্থী ।
- আঠ ঘণ্টাৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা
পৰীক্ষাৰ বাবে পুৱা ৮.৩০ বজাৰ পৰা ৰাজ্যজুৰি ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে । বিয়লি ৪.৩০ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ থাকিব । আঠ ঘণ্টাৰ বাবে বন্ধ থাকিব ইণ্টাৰনেট সেৱা । আজি দুইবেলা পৰীক্ষা থকাৰ বাবে আঠ ঘণ্টাৰ বাবে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা ।
- চালক পদৰ প্ৰাৰ্থী ২,০৪০৯১ গৰাকী
দিনৰ ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ তৃতীয় বৰ্গৰ হাইস্কুল শিক্ষান্ত পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব । তৃতীয় বৰ্গৰ হাইস্কুল শিক্ষান্ত পৰ্যায়ৰ চালক পদৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ব ২,০৪০৯১ গৰাকী প্ৰাৰ্থী । আজিৰ দিনটোত পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৭,৩৪,০৮০ গৰাকী প্ৰাৰ্থী । আনহাতে, পৰীক্ষা কেন্দ্ৰৰ সংখ্যা হৈছে ৮২২ টা ।
- এছ অ' পি অনুসৰি পৰীক্ষা
ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে জাৰি কৰা এছ অ' পি অনুসৰি স্নাতক পৰ্যায় তৃতীয় বৰ্গৰ বিভিন্ন পদৰ বাবে লিখিত পৰীক্ষা আৰম্ভ হৈছে । আয়োগৰ হৈ ছেবাই এই পৰীক্ষা অনুষ্ঠিত কৰিছে । প্ৰতিগৰাকী প্ৰাৰ্থীক জাৰি কৰা নিৰ্দেশনা অনুসৰি তালাচী চলাই পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে ।
- পুৱাৰে পৰাই অভাৱনীয় ভিৰ
ইফালে,পৰীক্ষা কেন্দ্ৰ সমূহৰ ভিতৰত যিমান সংখ্যক প্ৰাৰ্থীয়ে পৰীক্ষা দিছে প্ৰায় সিমান সংখ্যক প্ৰাৰ্থীৰ লগত অহা অভিভাৱকে বাহিৰত ভিৰ কৰিছে । যাৰ ফলত আজি যথেষ্ট যান-জঁটৰ সৃষ্টি হৈছে । গুৱাহাটী মহানগৰীতো পুৱাৰ পৰাই অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে । পৰীক্ষা কেন্দ্ৰ সমূহৰ বাহিৰত প্ৰাৰ্থীসকলৰ অভিভাৱকে অৱস্থান কৰা পৰিলক্ষিত হৈছে ।
লক্ষণীয় বিষয় যে এইবাৰ নিযুক্তি পৰীক্ষাত নকল কৰা, প্রশ্নকাকত ফাদিলকে ধৰি অন্যান্য অসৎ উপায় অৱলম্বন কৰাটো প্রতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে অসম লোক পৰীক্ষা (নিযুক্তি প্রক্রিয়াত অসৎ উপায় প্রতিৰোধী ব্যৱস্থা) আইন, ২০২৪ ৰূপায়ণ কৰিছে । এই আইনৰ অধীনত নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে সংশ্লিষ্ট প্রার্থীয়ে ন্যূনতম তিনি বছৰৰ পৰা সর্বোচ্চ ১০ বছৰ পর্যন্ত কাৰাদণ্ডৰ সন্মুখীন হ'ব । একেদৰে আইনৰ অধীনত ন্যূনতম ১ লাখ টকাৰ পৰা সর্বোচ্চ ১০ কোটি টকাপর্যন্ত জৰিমনা বিহাৰ বিধান আছে ।
আনহাতে, সমাজ বিৰোধী চক্ৰৰ ওপৰতো আৰক্ষীয়ে এইবাৰ চোকা দৃষ্টি ৰাখিছে । আজি অনুষ্ঠিত পৰীক্ষা ১৫০ নম্বৰৰ যদিও ইয়াত ১২৫ টা প্রশ্ন ১ নম্বৰৰ আৰু বাকীখিনি প্রশ্নৰ বাবে আছে ২ নম্বৰ । আজি আগবেলা স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষা সমাপ্ত হোৱাৰ পাছত পিছবেলা হাইস্কুল শিক্ষান্ত পৰ্যায়ৰ পৰীক্ষা ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ'ব ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৫ ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল । যিটো আছিল অসমৰ ইতিহাসত প্ৰথমটো সৰ্ববৃহৎ পৰীক্ষা । যিটো পৰীক্ষাত তিনি সহস্ৰাধিক পদৰ বিপৰীতে অৱতীৰ্ণ হৈছিল ১১ লক্ষাধিক প্রার্থী ।

