ETV Bharat / state

কটকটীয়া নিৰাপত্তাৰ মাজত চতুৰ্থ বৰ্গৰ মেট্ৰিক পৰ্যায়ৰ পৰীক্ষা আৰম্ভ

Assam Govt 4th grade exam: অসম প্ৰত্যক্ষ নিযুক্তিৰ তৃতীয় পৰ্যায়ৰ চতুৰ্থ বৰ্গৰ পদৰ মেট্ৰিক আৰু অষ্টম শ্ৰেণী উত্তীৰ্ণৰ পৰীক্ষা আজি অনুষ্ঠিত হৈছে ।

Assam Govt 4th grade exam
কটকটীয়া নিৰাপত্তাৰ মাজত চতুৰ্থ বৰ্গৰ মেট্ৰিক পৰ্যায়ৰ পৰীক্ষা আৰম্ভ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 27, 2024 at 10:25 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত দেওবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হৈছে অসম প্ৰত্যক্ষ নিযুক্তিৰ তৃতীয় পৰ্যায়ৰ চতুৰ্থ বৰ্গৰ পদৰ মেট্ৰিক পৰ্যায়ৰ পৰীক্ষা(ADRE) । পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে পৰীক্ষা আৰু সমাপ্ত হ'ব দুপৰীয়া ১২.৩০ বজাত । ৰাজ্যজুৰি ১,৪৮৪ টা কেন্দ্ৰত মেট্ৰিক পর্যায়ৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে ৮,২৭,১৩০ গৰাকী প্ৰাৰ্থী ।

ইণ্টাৰনেট সেৱা কৰ্তন

ইফালে পৰীক্ষাৰ বাবে পুৱা ৮.৩০ বজাৰ পৰাই ৰাজ্যজুৰি ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে । বিয়লি ৪.০০ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ থাকিব । অৰ্থাৎ ৭ ঘণ্টা ৩০ মিনিট বন্ধ থাকিব ইণ্টাৰনেট সেৱা ।

কটকটীয়া নিৰাপত্তাৰ মাজত চতুৰ্থ বৰ্গৰ মেট্ৰিক পৰ্যায়ৰ পৰীক্ষা আৰম্ভ (ETV Bharat)

১৩ লাখৰো অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ

পিছবেলা দুপৰীয়া ১.৩০ বজাৰ পৰা বিয়লি ৪.০০ বজালৈ ৰাজ্যৰ ৮০৮ টা কেন্দ্ৰত অষ্টম শ্রেণী উত্তীৰ্ণৰ বাবে চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব । এই পৰীক্ষাত অৱতীৰ্ণ হ'ব ৫,৫২,০০২ গৰাকী পৰীক্ষাৰ্থী । আজিৰ দিনটোৰ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ১৩,৭৯,১৩২ গৰাকী । ইতিমধ্যে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে জাৰি কৰা এছ অ' পি অনুসৰি মেট্ৰিক পৰ্যায়ৰ চতুৰ্থ বৰ্গৰ বিভিন্ন পদৰ বাবে লিখিত পৰীক্ষা আৰম্ভ হৈছে । আয়োগৰ হৈ ছেবাই এই পৰীক্ষা অনুষ্ঠিত কৰিছে ।

প্ৰতিগৰাকী প্ৰাৰ্থীক জাৰি কৰা নিৰ্দেশনা অনুসৰি তালাচী চলাই পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে । ইফালে পৰীক্ষা কেন্দ্ৰসমূহৰ ভিতৰত যিমান সংখ্যক প্ৰাৰ্থীয়ে পৰীক্ষা দিছে তাৰ প্ৰায় সিমান সংখ্যক প্ৰাৰ্থীৰ লগত অহা অভিভাৱকে বাহিৰত ভিৰ কৰিছে । যাৰ ফলত আজি যথেষ্ট যান-জঁটৰ সৃষ্টি হৈছে । গুৱাহাটী মহানগৰীত পুৱাৰ পৰাই অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে । পৰীক্ষা কেন্দ্ৰসমূহৰ বাহিৰত প্ৰাৰ্থীসকলৰ অভিভাৱকে অৱস্থান কৰা পৰিলক্ষিত হৈছে ।

পৰীক্ষাত অসৎ উপায় লোৱাসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ

লক্ষণীয় বিষয় যে এইবাৰ নিযুক্তি পৰীক্ষাত নকল কৰা, প্রশ্নকাকত ফাদিলকে ধৰি অন্যান্য অসৎ উপায় অৱলম্বন কৰাটো প্রতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে অসম লোক পৰীক্ষা (নিযুক্তি প্রক্রিয়াত অসৎ উপায় প্রতিৰোধী ব্যৱস্থা) আইন, ২০২৪ ৰূপায়ণ কৰিছে । এই আইনৰ অধীনত নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে সংশ্লিষ্ট প্রার্থীয়ে ন্যূনতম ৩ বছৰৰ পৰা সর্বোচ্চ ১০ বছৰ পর্যন্ত কাৰাদণ্ডৰ সন্মুখীন হ'ব ।

একেদৰে আইনৰ অধীনত ন্যূনতম ১ লাখ টকাৰ পৰা সর্বোচ্চ ১০ কোটি টকা পর্যন্ত জৰিমনা বিহাৰ বিধান আছে । আনহাতে সমাজ বিৰোধী চক্ৰৰ ওপৰতো আৰক্ষীয়ে এইবাৰ চোকা দৃষ্টি ৰাখিছে ।

ADRE-২০২৪

উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৫ ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল । যিটো আছিল অসমৰ ইতিহাসত প্ৰথমটো সৰ্ববৃহৎ পৰীক্ষা । যিটো পৰীক্ষাত তিনি সহস্ৰাধিক পদৰ বিপৰীতে অৱতীৰ্ণ হৈছিল ১১ লক্ষাধিক প্রার্থী ।

সেইদৰে ২৯ ছেপ্টেম্বৰত এ ডি আৰ ইৰ তৃতীয় বৰ্গৰ স্নাতক আৰু হাইস্কুল শিক্ষান্ত পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল । ৫ সহস্ৰাধিক পদৰ বিপৰীতে পৰীক্ষাটোত অৱতীৰ্ণ হৈছিল ৭,৩৪,০৮০ গৰাকী পৰীক্ষাৰ্থী । ২৯ ছেপ্টেম্বৰতো দুইবেলা পৰীক্ষা অনুষ্ঠিত হৈছিল ।

লগতে পঢ়ক :ADREৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা; অৱতীৰ্ণ হ'ব ১৩৭৯১৩২ গৰাকী পৰীক্ষাৰ্থী