ETV Bharat / state

ৰাজ্যৰ ২৪ জিলা এতিয়াও বানৰ কবলত; বানত মৃত্যুৰ সংখ্যা ৯০ জনলৈ বৃদ্ধি - Assam Flood 2024

Assam Flood 2024 : বৰ্তমানো ৰাজ্যৰ ২৪ খন জিলা বানৰ কবলত ৷ আনহাতে, বিগত ২৪ ঘণ্টাত বানে কাঢ়িলে আৰু ৭ জনৰ প্ৰাণ । ইয়াৰে ভিতৰত ৫ জনৰ গোৱালপাৰাৰ নাও দুৰ্ঘটনাত সলিল সমাধি ঘটে । ইয়াকে লৈ চলিত বানত ৰাজ্যত ৯০ জন লোকে প্ৰাণ হেৰুৱালে ।

Assam Flood 2024
ৰাজ্যৰ ২৪ জিলা এতিয়াও বানৰ কবলত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 13, 2024 at 12:47 PM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ১৩ জুলাই : ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নতি ঘটিছে যদিও এতিয়াও বানৰ প্ৰকোপত ককবকাই আছে ২৪ খন জিলাৰ ১২ লক্ষাধিক লোক । আনহাতে, ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৩৩ হাজাৰ হেক্টৰ কৃষিভূমি । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, বৰ্তমানো পানীৰ তলত বুৰ গৈ আছে ৰাজ্যৰ ২৪ খন জিলাৰ ১২ লাখ ৩৩ হাজাৰ ২৩৬ গৰাকী লোক ৷ আনহাতে, ক্ষতিগ্ৰস্ত হৈছে ৩২৯২৪.৩২ হেক্টৰ কৃষিভূমি ৷

সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলা ধুবুৰী

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, চলিত বানত এই পৰ্যন্ত সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলা হৈছে ধুবুৰী । জিলাখনত মুঠ ৩ লাখ ১৮ হাজাৰ ৩২৬ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে । আনহাতে, দ্বিতীয় সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলা কাছাৰ ৷ কাছাৰত ১ লাখ ৪৮ হাজাৰ ৬০৯ গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে । ৰাজ্যত ৫ লাখ ৩ হাজাৰ ৫৩৮ গৰাকী পুৰুষ, ৪ লাখ ২৭ হাজাৰ ৫৪৯ গৰাকী মহিলা আৰু ৩ লাখ ১২ হাজাৰ ১৪৯ টি শিশু বৰ্তমানো বানৰ কবলত আছে ।

এই পৰ্যন্ত বানৰ কবলত থকা জিলাকেইখন হৈছে কাছাৰ, ধুবুৰী, নগাঁও, কামৰূপ, ডিব্ৰুগড়, গোলাঘাট, নলবাৰী, বৰপেটা, ধুবুৰী, শিৱসাগৰ, গোৱালপাৰা, যোৰহাট, মৰিগাঁও, লখিমপুৰ, কৰিমগঞ্জ, দৰং, মাজুলী, বিশ্বনাথ, হাইলাকান্দি, বঙাইগাঁও, দক্ষিণ শালমাৰা, চিৰাং, তিনিচুকীয়া আৰু কামৰূপ (মহানগৰ) ।

৭৫ টা ৰাজহ চক্ৰৰ ২,৪০৬ খন গাঁও ক্ষতিগ্ৰস্ত

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি, ৰাজ্যৰ ২৪ খন জিলাৰ মুঠ ৭৫ টা ৰাজহ চক্ৰৰ অধীনস্থ ২,৪০৬ খন গাঁও এতিয়াও বানত প্ৰভাৱিত হৈ আছে । ইয়াৰে ভিতৰত সৰ্বাধিক ধুবুৰীৰ ৭ টা ৰাজহ চক্ৰৰ অধীনস্থ মুঠ ২৭২ খন গাঁও এতিয়াও পানীৰ তলত আছে ।

বানত মুঠ মৃত্যুৰ সংখ্যা ৯০ জনলৈ বৃদ্ধি

ইফালে ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯০ জনলৈ বৃদ্ধি পাইছে । ইয়াৰে ভিতৰত ৭ জন লোকৰ বিগত ৪৮ ঘণ্টাত মৃত্যু হৈছে । অৱশ্যে ৫ জন লোকৰ গোৱালপাৰা নাও দুৰ্ঘটনাত মৃত্যু হয় । আনহাতে, নগাঁও আৰু যোৰহাটত এজনকৈ লোকে বানত প্ৰাণ হেৰুৱায় ।

সাহায্য আৰু আশ্ৰয় শিবিৰ

শেহতীয়া বানত আশ্ৰয়হীন হোৱা লোকসকলে বৰ্তমান ৩১৬ টা সাহায্য় আৰু আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে । আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা লোকৰ সংখ্যা হৈছে ৩৯,২০৩ গৰাকী ।

আনহাতে, ৬ লাখ ৬৭ হাজাৰ ১৭৫ টা পশুধন বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ২,৫৫০ টা কেঁচাঘৰৰ ক্ষতিসাধন হৈছে ।

কেইবাখনো নদীৰ জলপৃষ্ঠ এতিয়াও বিপদসীমাৰ ওপৰত

ইফালে নদীসমূহৰ জলপৃষ্ঠ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে যদিও ব্ৰহ্মপুত্ৰকে ধৰি কেইবাখনো নদীৰ জলপৃষ্ঠ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে । ইয়াৰে ভিতৰত নিমাতীঘাট, তেজপুৰ আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ নদী; চেনিমাৰী খোৱাঙত বুঢ়ীদিহিং; নঙলামূৰীঘাটত দিচাং আৰু কৰিমগঞ্জত কুশিয়াৰা নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে ।

লগতে পঢ়ক :চাবুৱাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত তিনিগৰাকী - Tiger Terror In Dibrugarh
লগতে পঢ়ক :ঘৰৰ চোতালৰ পানীত ডুবি মৃত্যু 9 মহীয়া শিশুৰ - Assam Flood 2024