চমক সৃষ্টিৰ বাবে সাজু হৈ উঠিছে মহানগৰীৰ বিভিন্ন পূজা মণ্ডপ : থলুৱা শিল্প, থলুৱা শিল্পীক প্ৰাধান্য - Durga Puja 2024
Durga Puja in Guwahati : চাওঁতে চাওঁতে দুৱাৰদলিত উপনীত হৈছেহি শাৰদীয় দুৰ্গাপূজা । দেৱী বন্দনাৰে অসুৰ নাশৰ বাবে আৰাধনাৰ সমান্তৰালকৈ আকৰ্ষণীয় ৰূপত সজাই-পৰাই তোলা হৈছে মহানগৰীৰৰ বিভিন্ন পূজা মণ্ডপ । বিভিন্ন বিষয়বস্তু তথা আকৰ্ষণীয় প্ৰযুক্তি আৰু শিল্পকলাৰে পূজা মণ্ডপবোৰ সাজু কৰাত ব্যস্ত এতিয়া বিভিন্ন পূজা সমিতি, শিল্পী তথা কলা-কুশলী । আপুনি এইবাৰ গুৱাহাটীৰ ক'ত চাব দুৰ্গাপূজা ? জানিবলৈ চাওক ই টিভি ভাৰত অসমৰ সাংবাদিক কুলগীতা সাউদৰ এই বিশেষ প্ৰতিবেদন ।

Published : September 30, 2024 at 10:45 PM IST
গুৱাহাটী, ৩০ ছেপ্টেম্বৰ : শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ কেইদিনমান দিন বাকী । ৰাজ্যজুৰি ইতিমধ্যে আৰম্ভ হৈছে শাৰদীয় দুর্গোৎসৱৰ ব্যাপক প্রস্তুতি । আনহাতে, বিভিন্ন বিষয়বস্তুক লৈ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ পূজা মণ্ডপে মণ্ডপে চলিছে বিশেষ প্ৰস্তুতি ।
শাৰদীয় দুৰ্গাপূজা বুলি ক'লে গুৱাহাটী মহানগৰীৰ পৰিৱেশ সুকীয়া । প্ৰতিবছৰে গুৱাহাটী মহানগৰীত সৰু-বৰ শতাধিক দুর্গাপূজা অনুষ্ঠিত হয় । মহানগৰ জিলা প্ৰশাসনৰ পৰা পোৱা তথ্য অনুসৰি, এইবাৰ গুৱাহাটী মহানগৰীত 382 খন দুৰ্গাপূজাৰ আয়োজন কৰা হৈছে ।
পূৰ্বৰ বছৰবোৰৰ দৰে এইবাৰো মহানগৰীত দুৰ্গাপূজাক কেন্দ্ৰ কৰি পূজা মণ্ডপৰ সাজ-সজ্জা তুংগত উঠিছে । বিগত বৰ্ষসমূহৰ দৰে এইবাৰো দেশ-বিদেশৰ মন্দিৰ, পৌৰাণিক কীৰ্তিচিহ্ন, হোটেল আদিৰ আর্হিত বহুকেইটা পূজা মণ্ডপ নিৰ্মাণৰ প্ৰস্তুতি দ্রুতগতিত চলিছে ।
মহানগৰীত প্রায় ৫০ লাখ টকা পর্যন্ত বাজেট লৈ বিভিন্ন সমকালীন বিষয়বস্তুৰে পূজা মণ্ডপবোৰে পূজাৰ আয়োজন কৰিছে । তেনে কেইখনমান পূজা মণ্ডপৰ বিষয়ে জানো আহক :
গুৱাহাটী সার্বজনীন দুর্গা পূজা
লতাশিলত অনুষ্ঠিত গুৱাহাটী সার্বজনীন দুর্গা পূজাৰ আকৰ্ষণ নামচাইস্থিত গ'ল্ডেন পেগোডা । গুৱাহাটী সাৰ্বজনীন দুৰ্গাপূজা সমিতিয়ে অৰুণাচল প্ৰদেশৰ নামচাইস্থিত গ'ল্ডেন পেগোডাৰ (সোণালী বৌদ্ধ মন্দিৰ) আৰ্হিত এইবাৰ লতাশিলৰ পূজা মণ্ডপ প্রস্তুত কৰা হৈছে । প্ৰায় ২৫ লাখ টকা বাজেটেৰে ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰৰ গুৱাহাটী সার্বজনীন দুর্গাপূজাৰ এইবাৰ হৈছে ৪৮ সংখ্যক পূজা ।
পূজাৰ প্ৰস্তুতি সন্দৰ্ভত সমিতিৰ সম্পাদক বিজিত প্রদীপ দাসে কয়, "থলুৱা শিল্পীয়ে এইবাৰৰ পূজাৰ মূল মণ্ডপ প্ৰস্তুত কৰিছে আৰু মণ্ডপৰ আৰ্হি হৈছে নামচাইস্থিত গ'ল্ডেন পেগোডা । অষ্টমীত যাত্ৰাপাৰ্টী, নৱমীত পুতলা নাচকে ধৰি বিভিন্ন কাৰ্যসূচী ৰখা হৈছে । লগতে থাকিব অষ্টমীত আৰতি প্ৰতিযোগিতা ।"
ৰেষ্ট কেম্প কালিবাৰী দুৰ্গাপূজা
এই পূজাৰ আকৰ্ষণ হৈছে ৰাজস্থানী মহল । ৩৫ লাখ টকাৰ বাজেটেৰে ৰেষ্ট কেম্প কালিবাৰী দুৰ্গাপূজা সমিতিয়ে এইবেলি পূজাৰ আয়োজন কৰিছে । এইবাৰৰ মূল আকৰ্ষণ হৈছে পূজা মণ্ডপ আৰু দেৱীৰ প্ৰতিমা । কলকাতাৰ শিল্পীয়ে নিৰ্মাণ কৰিছে পূজা মণ্ডপ আৰু দেৱীৰ প্ৰতিমা । ৮-৯ লাখ টকাৰ বাজেটৰ মণ্ডপ আৰু আলোকসজ্জাৰ বাবেও ৮-৯ লাখ টকাৰ বাজেটেৰে পূজাৰ আয়োজন কৰা হৈছে । মণ্ডপটোত ৰাজস্থানী সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব ।
পাণ্ডুৰ আজাদ হিন্দ ক্লাবৰ গ্রেণ্ড লিছব'য়া' আর্হিত পূজা
আজাদ হিন্দ ক্লাবৰ পূজা মণ্ডপ চীনৰ বিখ্যাত হোটেল 'গ্রেণ্ড লিছব'য়া'ৰ আর্হিত নিৰ্মাণ কৰা হৈছে । এইবাৰ ৭২ বৰ্ষত ভৰি দিয়া পাণ্ডুৰ আজাদ হিন্দ ক্লাবৰ দুর্গাপূজা সমিতিয়ে প্রস্তুতি তুংগত তুলিছে । ৩০ লাখ টকাৰ বাজেটৰ আজাদ হিন্দ ক্লাবৰ দুর্গাপূজাৰ এইবাৰৰ বিশেষ আকর্ষণ হৈছে চীনৰ প্ৰখ্যাত হোটেল 'গ্রেণ্ড লিছব'য়া' । এক্ৰ'বেটিক গ্লাছেৰে নিৰ্মাণ কৰা হৈছে মণ্ডপ ।
পাণ্ডু নিউ কল'নী সাৰ্বজনীন দুৰ্গাপূজা
এই পূজাৰ মুখ্য আকৰ্ষণ ৬৫ ফুট উচ্চতাৰ শ্ৰীকৃষ্ণৰ মূৰ্তি । ১৫ লাখ টকাৰ বাজেটেৰে আয়োজন কৰা হৈছে পাণ্ডু নিউ কল'নী সাৰ্বজনীন দুৰ্গাপূজা । এইবাৰ ৬ লাখ টকা পূজাৰ মণ্ডপৰ বাজেট আৰু ২ লাখ টকাৰ আলোকসজ্জাৰ ব্যৱস্থা কৰা হৈছে । পূজা মণ্ডপৰ সকলো কাম থলুৱা শিল্পীয়ে কৰিছে ।
ৰাজস্থানৰ পৌৰাণিক অট্টালিকাৰ আৰ্হিত বিষ্ণুপুৰ পূজা মণ্ডপ
৭৪ বছৰত ভৰি দিয়া বিষ্ণুপুৰ সাৰ্বজনীন দুর্গাপূজাৰ এইবাৰৰ মূল আকর্ষণ হ'ব ৰাজস্থানৰ পৌৰাণিক অট্টালিকা 'পুৰাণা হাভেলী' । এইবাৰ ৫০ লাখ টকা বাজেটেৰে এই পূজাৰ আয়োজন কৰা হৈছে । ২০ লাখ টকা বাজেটেৰে মণ্ডপটো নিৰ্মাণ কৰাৰ লগতে ৫ লাখ টকা আলোকসজ্জাত খৰচ হ'ব । মণ্ডপটোত ৰাজস্থানী সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব ।
আঠগাঁও দুৰ্গাপূজাৰ বিশেষ আকৰ্ষণ মহাভাৰতৰ যুধিষ্ঠিৰৰ ৰাজসভাৰ ইন্দ্ৰপ্ৰস্থ আৰ্হিৰ পূজা মণ্ডপ
৪১ সংখ্যক আঠগাঁও সাৰ্বজনীন দুৰ্গাপূজাৰ বিশেষ আকৰ্ষণ পূজা মণ্ডপ । মহাভাৰতৰ যুধিষ্ঠিৰৰ ৰাজসভাৰ ইন্দ্ৰপ্ৰস্থৰ আৰ্হিৰ পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে । বিশিষ্ট ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপটো । মণ্ডপটোৰ আলোকসজ্জা কলকাতাৰ চন্দন নগৰৰ । পূজা মণ্ডপটোৰ বাজেট প্ৰায় ১৭-১৮ লাখ টকা আৰু আলোকসজ্জাৰ বাজেট ৬-৭ লাখ টকা ।
স্বাস্থ্য খণ্ডত চিকিৎসক-নাৰ্ছৰ সুৰক্ষাৰ আৰ্হিত ছাত্ৰীবাৰী পূজা মণ্ডপ
ছাত্ৰীবাৰী পূজা সমিতিয়ে প্ৰতিবছৰে একোটা ব্যতিক্ৰমী আৰ্হিৰ পূজা মণ্ডপ নিৰ্মাণ কৰি আহিছে । ছাত্ৰীবাৰী দেৱপূজাস্থান সমিতিয়ে চিকিৎসক-নাৰ্ছ-ৱাৰ্ডগাৰ্লকে ধৰি ৰোগীসকলো যাতে সুৰক্ষিত হৈ থাকে সেই আৰ্হিৰে পূজাৰ মণ্ডপ নিৰ্মাণ কৰিছে । ইয়াত অপাৰেশ্যন থিয়েটাৰ, চিকিৎসা সামগ্ৰী, মেচিন আদি প্ৰদৰ্শন কৰা হ'ব । ১০ লাখ টকা বাজেটেৰে এইবেলি পূজাৰ আয়োজন কৰা হৈছে ।
টি-২০ বিশ্বকাপ ট্রফীৰ আৰ্হিত কালীবাড়ীৰ পূজা মণ্ডপ
আই চি চি টি-২০ ক্রিকেট বিশ্বকাপ ট্রফীৰ আৰ্হিত এইবাৰ কালীবাড়ী কল'নী দুর্গাপূজাৰ মণ্ডপ প্ৰস্তুত কৰা হৈছে । বাঁহ, মৰাপাটৰ চটিৰে নিৰ্মাণ কৰা হৈছে টি-২০ ক্রিকেট বিশ্বকাপ ট্রফী । ৭ লাখ টকা বাজেটেৰে আয়োজন কৰা এই পূজাত গে'টৰ পৰা মণ্ডপৰ সন্মুখভাগলৈ প্ৰদৰ্শন কৰা হ'ব দেশৰ ক্ৰিকেট তাৰকাৰ ফটো ।
বেলতলা পূজাৰ বিশেষ আকৰ্ষণ 16 ফুট উচ্চতাৰ হনুমানৰ মূৰ্তি
৫৬ সংখ্যক বেলতলা লক্ষ্মীমন্দিৰ সাৰ্বজনীন দুৰ্গাপূজা সমিতিৰ এইবাৰ বিশেষ আকৰ্ষণ ১৬ ফুট উচ্চতাৰ হনুমানৰ মূৰ্তি । ভৰি চুই দিলেই আশীৰ্বাদ দিব হনুমানে । 20 লাখ টকা বাজেটৰে আয়োজন কৰা এই পূজাত হনুমানৰ লগতে ৩ টা বিশেষ গণেশৰ মূৰ্তি থাকিব আৰু সেইবোৰে বাদ্যযন্ত্ৰ বজাই থাকিব । মণ্ডপ আৰু আলোকসজ্জা সকলো কলকাতাৰ শিল্পীয়ে কৰিছে ।
আনহাতে, খানাপাৰা ফার্মগে'টৰ দুর্গাপূজা সমিতি, গণেশগুৰিৰ গণেশ মন্দিৰ তিলিআলিৰ সাৰ্বজনীন দুর্গাপূজা সমিতি, বৃহত্তৰ নাৰেংগী দুর্গাপূজা সমিতি, বিষ্ণুপুৰ বিমলানগৰ দুর্গাপূজা সমিতি, সদৌ জাপৰিগোগ সার্বজনীন পূজা সমিতি, ভৰলুমুখত শ্লুইচগে'ট দুৰ্গাপূজা সমিতি, নয়নতৰা ক্লাব আদিয়েও বিভিন্ন বিষয়বস্তুক লৈ পূজাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে ।

