সাহিত্যৰ উৎকৰ্ষ সাধনৰ বাবে আগবঢ়াই দিলে সাঁচতীয়া ধন: নগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষকৰ সুহৃদ হিতৈষী সভ্যপদ গ্ৰহণ
আদৰ্শ দেখুৱালে প্ৰাক্তন শিক্ষক ভীষ্মদুৰ্লভ মহন্তই । সাঁচতীয়া ধনেৰে সভ্যপদ গ্ৰহণ কৰি অসম সাহিত্য সভালৈ আগবঢ়ালে ১ লাখ ৫০০ টকা ।

Published : May 30, 2025 at 3:57 PM IST
নগাঁও: সাঁচতীয়া ধনেৰে অনুদান আগবঢ়াই অসম সাহিত্য সভাৰ সুহৃদ হিতৈষী সভ্যপদ গ্ৰহণ কৰি আদৰ্শ দেখুৱালে নগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা লেখক ভীষ্মদুৰ্লভ মহন্তই । অসম সাহিত্য সভাৰ সুহৃদ হিতৈষী সভ্যপদ গ্ৰহণ কৰি নিজৰ অনুভৱ ব্যক্ত কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা কুৰিখনকৈয়ো অধিক গ্ৰন্থৰ লেখক ভীষ্মদুৰ্লভ মহন্তই ।
তেওঁ কয়, "অসমৰ জাতীয় অনুষ্ঠানৰ সৰ্বোচ্চ অনুষ্ঠান অসম সাহিত্য সভা । অনুষ্ঠানটোৰ আজীৱন সভ্যপদ কেইবা যুগৰ পূৰ্বেই গ্ৰহণ কৰিছোঁ । কিন্তু এতিয়া অসম সাহিত্য সভাৰ পৰম সুহৃদ হিতৈষী সভ্যপদ গ্ৰহণ কৰি অতিশয় আনন্দ লাভ কৰিছোঁ । মই চহকী ব্যক্তি নহয়, আগবঢ়োৱা টকাকেইটা এজন শিক্ষকৰ সাঁচতীয়া টকা । কিন্তু এই অৰিহণাই যদি অসমৰ জাতীয় অনুষ্ঠানটোৰ গতিশীলতাত অকণমানো সহায় কৰিব পাৰে, সেয়া মোৰ বাবে হ'ব গৌৰৱৰ বিষয় ।"
অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা, সাংগঠনিক সম্পাদক নিত্যানন্দ বৰা, কঠীয়াতলী আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি, অধ্যক্ষ জিতেন হাজৰিকা, লেখক অতুল কাকতি আদিৰ উপস্থিতিত নিজৰ অনুভৱ ব্যক্ত কৰে মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠৰ অৱসৰপ্রাপ্ত অধ্যক্ষ, কঠীয়াতলী নিবাসী ভীষ্মদুৰ্লভ মহন্তই ।
মহন্তৰ বাসগৃহত বৃহস্পতিবাৰে সন্ধিয়া আয়োজিত এক অনাড়ম্বৰ অনুষ্ঠানত পয়সত্তৰ বছৰীয়া বিশিষ্ট লেখকগৰাকীয়ে লগতে কয়, “জাতীয় জীৱনৰ উৎকৰ্ষ সাধনৰ প্ৰচেষ্টা প্ৰতিজন লোকৰে এটা দায়িত্ব । অসম সাহিত্য সভাৰ জৰিয়তে সেই দায়িত্ব পালনৰ কাৰণেহে মই এই অৰিহণা আগবঢ়াইছোঁ ।”
আনহাতে, বৰ্তমানৰ সভাপতি ডঃ বসন্তকুমাৰ গোস্বামীৰ নেতৃত্বত অসম সাহিত্য সভাই এইবাৰ ৰাইজৰ আস্থা অক্ষুণ্ণ ৰাখি কাম কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।
উল্লেখ্য যে কঠীয়াতলী নিবাসী ভীষ্মদুৰ্লভ মহন্তই এতিয়ালৈকে কুৰিখনৰো অধিক গ্ৰন্থ ৰচনা কৰিছে । শতাব্দীৰ উচুপনি, স্বাভিমান, ধৰ্ম সংকট : অতীত আৰু বৰ্তমান, দ্ৰোণাচাৰ্য, দেৱব্ৰত ভীষ্ম, সচিত্ৰ শংকৰদেৱ, মহাভাৰতৰ সচিত্ৰ সাধুকথা, শ্ৰীমন্ত শংকৰদেৱৰ সচিত্ৰ জীৱন আলেখ্য, খ্যাতি আৰু দৰ্শন আদি অসমীয়া ভাষাত ৰচনা কৰা গ্ৰন্থসমুহৰ উপৰি Yagnyasenee Krishna, The precious Pearls of Devotion আদি কেইবাখনো গ্ৰন্থ ইংৰাজী ভাষাতো ৰচনা কৰিছে ।
সাধাৰণ জীৱন যাপন কৰা মধ্যবিত্ত শ্ৰেণীৰ লেখকজনে নিজেই অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা আৰু সাংগঠনিক সম্পাদক নিত্যানন্দ বৰাক ঘৰলৈ আমন্ত্ৰণ কৰি ১ লাখ ৫০০ টকা চেকযোগে অসম সাহিত্য সভালৈ আগবঢ়াই পৰম সুহৃদ হিতৈষী সভ্যপদ গ্ৰহণ কৰিছে । ইফালে মহন্তৰ এই আগ্ৰহক আদৰণি জনাইছে অসম সাহিত্য সভাই ।
অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাই ভীষ্মদুৰ্লভ মহন্তৰ এই পদক্ষেপক সমাজৰ বাবে এটি আদৰ্শনীয় কৰ্ম বুলি উল্লেখ কৰি তেওঁক ধন্যবাদ জ্ঞাপন কৰে । ৰাজখোৱাই আৰ্থিকভাৱে সবল ভাষা-সাহিত্যৰ প্ৰতি শ্ৰদ্ধাশীল সকলো লোককে অসম সাহিত্য সভাৰ সভ্যপদ গ্ৰহণ কৰিবলৈও আহ্বান জনায় ।
উল্লেখ্য যে অসম সাহিত্য সভাৰ কঠীয়াতলী শাখাৰ সদ্য প্ৰাক্তন সভাপতি ভীষ্মদুৰ্লভ মহন্তই অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মানীয় সভ্যপদ গ্ৰহণ কৰাত কঠীয়াতলী শাখা সাহিত্য সভাৰ লগতে নগাঁও জিলা সাহিত্য সভায়ো আনন্দ প্ৰকাশ কৰিছে ।

