জনজাতিকৰণ-স্বায়ত্তশাসন প্ৰদানৰ দাবীত জোঁৰ লৈ সমদল; আৰক্ষীৰে প্ৰতিবাদকাৰীৰ হতাহতি
চৰকাৰে মানি লোৱা নাই মৰাণ ছাত্ৰ সন্থাৰ দাবী । ৰাজনীতি, মিথ্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ ।

Published : February 8, 2025 at 7:21 AM IST
তিনিচুকীয়া : সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া । মৰাণ জনগোষ্ঠীৰ কেইবাটাও দাবী চৰকাৰে আজিলৈকে মানি নোলোৱাত পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে মৰাণ ছাত্ৰ সন্থা । বিগত সময়ত মৰাণ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান, অৰুণাচলত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলক পি আৰ চি, অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ দাবীত ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ পিচতো নাপালে সুফল ।
শুকুৰবাৰে সন্ধিয়া তিনিচুকীয়া উত্তাল হৈ পৰে প্ৰতিবাদত । সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত তিনিচুকীয়া আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ সহযোগত তিনিচুকীয়া মহাবিদ্যালয়ৰ সমীপৰ পৰা সন্ধিয়া মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ লগতে অৰুণাচল প্রদেশত বসবাস কৰা মৰাণসকলক স্থায়ী বাসিন্দা প্রমাণ পত্র প্ৰদানৰ দাবীত জোঁৰ লৈ সমদল উলিওৱাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷
সমদল উলিওৱাৰ পূৰ্বৰে পৰা সাজু হৈ থকা আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ এক বৃহৎ দলে সমদলটো ৰাজপথত আগুৱাই যোৱাত বাধা প্ৰদান কৰাত ক্ৰমাৎ উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷ আৰক্ষীয়ে জোঁৰ কাঢ়ি ল’বলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ লগতে হতাহতিৰো সৃষ্টি হয় । পৰৱৰ্তী সময়ত আৰক্ষী-প্ৰশাসনে সমদলটো আগুৱাই যোৱাত বাধা প্ৰদান কৰিবলৈ সক্ষম হয় ।
ৰাজনীতি, মিথ্যাচাৰ আৰু নচলিব :
তিনিচুকীয়া মহাবিদ্যালয় তিনিআলীতেই প্ৰতিবাদ সাব্যস্ত কৰি সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বৰাই শাসকীয় চৰকাৰখনে মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ নামত ৰাজনীতি কৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয়, "অসমৰ আদিম জনগোষ্ঠী মৰাণ জনগোষ্ঠীয়ে দীৰ্ঘদিনৰ পৰা জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছো যদিও আমাক জনজাতিকৰণৰ নামত ৰাজনীতি কৰাৰ লগতে মিথ্যাচাৰৰ আশ্ৰয় লৈ আহিছে প্ৰতিখন চৰকাৰে । গতিকে এই ৰাজনীতি, মিথ্যাচাৰ আৰু নচলিব । অনতিপলমে মৰাণ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ লগতে অনুসূচীভুক্ত স্বায়ত্তশাসন আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা অনাগত দিনত সদৌ মৰাণ ছাত্ৰ সন্থাই মৰাণ জনগোষ্ঠীৰ ৰাইজক লৈ শাসকীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হ’ব ।"

প্ৰতিবাদকাৰী আহত :
ইফালে, কালি তিনিচুকীয়া, মাকুম, ডুমডুমা, তালাপৰ লগতে বিভিন্ন প্ৰান্তত একে দাবীৰে জোঁৰ লৈ সমদল উলিওৱাৰ সময়ত তালাপতসদৌ মৰাণ ছাত্ৰ সন্থাৰ সদস্য আঘাতপ্ৰাপ্ত হোৱাত ক্ষোভ প্ৰকাশ কৰাৰ লগতে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও সকীয়নি প্ৰদান কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বৰাই ৷

