ETV Bharat / state

চৰকাৰক কঠোৰ বাৰ্তা দিবলৈ হাতত জোঁৰ লৈ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ প্ৰতিবাদী কণ্ঠ

তিনিচুকীয়া জিলাৰ কাকপথাৰত বৃহস্পতিবাৰে সন্ধিয়া বিশাল জোঁৰ সমদল । মৰাণসকলক শীঘ্ৰে জনজাতিকৰণৰ দাবী ।

All Moran Students Union torch rally
জনজাতিকৰণৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থাৰ বিশাল জোঁৰ সমদল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 5, 2025 at 7:33 AM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া : মৰাণসকলক জনজাতিকৰণৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে । জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ দাবীৰে পুনৰ এক বিশাল জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম মৰাণ ছাত্ৰ সন্থাই ।

ছাত্ৰ সন্থাৰ আহ্বানত কাকপথাৰৰ ৰাজপথত হাতত জোঁৰ লৈ হাজাৰ হাজাৰ লোক ওলাই আহিল । ‘‘জনজাতিকৰণ লাগিবই, জনজাতিকৰণ আমাৰ ন্যায্য দাবী, বিজেপি হায় হায়, জনজাতিকৰণৰ নামত প্ৰতাৰণা নচলিব, আমাক স্বায়ত্তশাসন প্ৰদান কৰক, মৰাণ ঐক্য জিন্দাবাদ’’ আদি বিভিন্ন শ্ল'গানেৰে কাকপথাৰৰ ৰাজপথ উত্তাল কৰি তোলে জনগোষ্ঠীটোৰ লোকসকলে ।

সদৌ মৰাণ ছাত্ৰ সন্থাৰ বিশাল জোঁৰ সমদল (ETV Bharat)

কাকপথাৰৰ অৰুণাচল প্ৰদেশৰ দিশৰ পৰা প্ৰায় ১ কিলোমিটাৰ সমদলটোৱে যাত্ৰা কৰে আৰু থানা চাৰিআলিত এই সমদলৰ সামৰণি পৰে । পৰৱৰ্তী সময়ত কাকপথাৰৰ থানা চাৰিআলিত এক প্ৰতিবাদী সভাৰো আয়োজন কৰে মৰাণ জনগোষ্ঠীৰ বিভিন্ন সংগঠনে ।

প্ৰতিবাদী সভাৰ পৰাই সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বড়া, সাধাৰণ সম্পাদক জয়কান্ত মৰাণ, অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়া, সাধাৰণ সম্পাদক বিতুপন মৰাণৰ লগতে মৰাণ জাতীয় মহিলা পৰিষদৰ নেতৃত্বই উপস্থিত থাকি অতি সোনকালে মৰাণসকলক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ দাবী জনায় ।

All Moran Students Union torch rally
মৰাণসকলক জনজাতিকৰণৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থাৰ বিশাল জোঁৰ সমদল (ETV Bharat)

ইফালে কাকপথাৰৰ প্ৰতিবাদস্থলীৰ পৰাই শাসকীয় চৰকাৰলৈ সকীয়নি প্ৰদান কৰি মৰাণসকলক জনজাতিকৰণৰ নামত প্ৰতাৰণা নকৰিবলৈ দাবী জনাই সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বড়াই ।

তেওঁ কয়, "এই প্ৰতিবাদৰ জৰিয়তে অসম আৰু ভাৰত চৰকাৰক ক'ব বিচাৰিছো,মৰাণসকলৰ অধিকাৰ যেতিয়ালৈ নিদিব এনে তীব্ৰতৰ আন্দোলন নিশ্চিতভাৱে হ'ব । মৰাণসকলক ইমান দিনে বঞ্চনা, শোষিত আৰু মিছা প্ৰতিশ্ৰুতি দি আহিছে । সেয়ে আজিৰ এই কাৰ্যসূচীত হাজাৰ হাজাৰ মৰাণ জনগণ ওলাই আহিছে । পৰৱৰ্তী সময়ত ইয়াতকৈও ভয়ংকৰ আন্দোলন হ'ব । এই প্ৰতিবাদৰ দ্বাৰা অসম চৰকাৰ কঁপিব, ভাৰত চৰকাৰ কঁপিব আৰু ২০২৬ৰ নিৰ্বাচনত মৰাণসকলে বিজেপি চৰকাৰক পুলি-পোখাই উভালি পেলাব, সেয়া নিশ্চিত ।"

All Moran Students Union torch rally
সদৌ মৰাণ ছাত্ৰ সন্থাৰ বিশাল জোঁৰ সমদল (ETV Bharat)

লগতে পঢ়ক :ভৰিৰে মোহাৰিলে প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ ছবি, অনশনস্থলীৰ পৰাই দিলে হুংকাৰ - AASU AND KMSS PROTEST