ETV Bharat / state

জুৱেল ওৰামে জুই জ্বলালে তিনিচুকীয়াত: আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে কৰা দায়সৰা মন্তব্যত সৰৱ মৰাণ আৰু মটক জনগোষ্ঠীৰ সংগঠনসমূহ ৷

All Moran Students Union Protest
সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 9, 2024 at 4:03 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া: “গণতান্ত্ৰিক প্ৰতিবাদ কৰিব নিদিয়ে, তেন্তে সশস্ত্ৰ সংগ্ৰাম কৰিব লাগিব নেকি ? আমি, বন্দুক ধৰিব লাগিব নেকি ?” আজি তিনিচুকীয়াত এইদৰে সৰৱ হৈ পৰে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ নেতা-কৰ্মীসকল ।

দীৰ্ঘদিনৰ পৰা মৰাণ, মটককে আদি কৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত প্ৰতিবাদ কৰি অহাৰ মাজতে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে কৰা দায়সৰা মন্তব্যত সৰৱ হৈ পৰিছে মৰাণ আৰু মটক জনগোষ্ঠীৰ সংগঠনসমূহ ৷

সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদ (ETV Bharat Assam)

কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামে কৰা দায়সৰা তুলুঙা মন্তব্যত ক্ষোভ প্ৰকাশ কৰি শনিবাৰে তিনিচুকীয়া চহৰৰ মাজমজিয়া থানা চাৰিআলিত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

আৰক্ষীৰ স’তে প্ৰতিবাদকাৰীৰ হতাহতি

প্ৰতিবাদস্থলীত আৰক্ষীৰ স’তে প্ৰতিবাদকাৰীৰ হতাহতি হোৱাৰ লগতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ প্ৰতিবাদকাৰীসকলে পুত্তলিকা দাহ কৰাৰ সময়ত আৰক্ষীয়ে জুই নুমুৱাবলৈ ব্যৱহাৰ কৰা অগ্নিনিৰ্বাপক বাহিনীৰ বিশেষ গেছ প্ৰতিবাদকাৰীসকলৰ শৰীৰত প্ৰয়োগ কৰাক লৈ সৰৱ হৈ পৰে প্ৰতিবাদকাৰীসকল ৷ আৰক্ষীৰ স’তে পোনপটীয়াকৈ তৰ্ক-বিতৰ্কত লিপ্ত হয় দুয়োটা সংগঠনৰ প্ৰতিবাদকাৰীসকল । সেই সময়তে এগৰাকী আৰক্ষী বিষয়াই "জুই জ্বলিলে জুই নুমুৱাবই" বুলি কোৱাত ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে গণতান্ত্ৰিক প্ৰতিবাদ কৰিব নিদিয়ে যদি সশস্ত্ৰ সংগ্ৰাম কৰিব লাগিব নেকি, বন্দুক ধৰিব লাগিব নেকি বুলি ক্ষোভ প্ৰকাশ কৰে ৷

আজিৰ উক্ত প্ৰতিবাদস্থলীত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বড়া, সাধাৰণ সম্পাদক জয়কান্ত মৰাণ, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক স্বৰূপ গোঁহাই, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জিন্তু বৰগোঁহাই, সাধাৰণ সম্পাদক সঞ্জয় গগৈকে আদি কৰি দুয়োটা সংগঠনৰ লগতে ভাতৃ-ভগ্নী সংগঠনৰ নেতৃত্ব-বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:জনজাতিকৰণৰ বাবে তেজ দিবলৈ সাজু চুতীয়া জাতি: ধেমাজিত চুতীয়া ছাত্ৰ সন্থাৰ বিশাল গণ সমাবেশ

ৰাজ্যজুৰি জ্বলিল প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ পুত্তলিকা