তিনিচুকীয়া: অসমৰ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে স্বকীয় নীতি-নিয়ম তথা পৰম্পৰাগতভাৱে অসমৰ জাতীয় উৎসৱ ব’হাগ বিহু পালন কৰি আহিছে । মৰাণ জনগোষ্ঠীৰ এক অন্যতম পৰম্পৰা হৈছে ৰাতি বিহু ।
তিনিচুকীয়া জিলাৰ অতি ভিতৰুৱা গাঁও তৰাণী গাঁৱত সোমবাৰে নিশা ৰাতি বিহু উদযাপন কৰা হয় । তৰাণী গাঁও মহামিলন যুৱক সংঘৰ উদ্যোগত আৰু সমূহ তৰাণী গাঁওবাসীৰ আতিথ্যত তৰাণী গাঁও ৰাজহুৱা নামঘৰ খেলপথাৰত আয়োজন কৰা ৰাতি বিহু অনুষ্ঠানলৈ গাঁওখনৰ যুৱতীসকলক ঘৰে-ঘৰে গৈ পিতৃ-মাতৃৰ পৰা খুজি আনি নিয়ম-নীতিৰ মাজেৰে এই ৰাতি বিহু আয়োজন কৰে ।
বিভিন্ন প্ৰান্তৰ পৰা অহা ডেকাসকলৰ চাকচনিৰ শব্দ আৰু গাভৰুৰ বিহু নাচত জীপাল হৈ পৰিল তৰাণী গাঁৱৰ ৰাজহুৱা নামঘৰৰ খেলপথাৰ । উক্ত ৰাতি বিহুৰ থলীত মৰাণ জনগোষ্ঠীৰ গাঁওখনৰ ১৪ টাকৈ হাতীয়ে নাচনী আৰু ডেকাসকলৰ সৈতে কৰা কুচ-কাৱাজে বিশেষকৈ সকলোৰে মন জয় কৰিবলৈ সক্ষম হয় ।
তাৰ সমান্তৰালভাৱে কেইবাখনো দেশৰপৰা বিদেশী পৰ্যটকৰ উপস্থিতিয়ে ৰাতি বিহুস্থলীত অধিক আকৰ্ষণীয় কৰি তোলে । দেশ-বিদেশৰ মহিলা পৰ্যটকসকলে মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি মৰাণ গাভৰুসকলৰ সৈতে ডেকাসকলৰ চাকচনীৰ লহৰত নাচিবাগি আনন্দ কৰা পৰিলক্ষিত হয় ।
ঠিক তেনেদৰেই বিদেশী পৰ্যটকসকলেও জাতীয় সাঁজ পৰিধান কৰি ৰাতি বিহুত নচাৰ লগতে আনন্দত মতলীয়া হৈ পৰে । তৰাণি গাঁৱৰ ৰাতি বিহুৰ সন্দৰ্ভত উদ্যোক্তা উমানন্দ মুদৈ মৰাণে কয়, ''বিগত বৰ্ষসমূহৰ দৰেই এইবৰ্ষও ২৮ এপ্ৰিলত আমি তৰাণি গাঁৱত ৰাতি বিহু পালন কৰিছো । নামঘৰত পৰম্পৰা ৰক্ষা কৰি ২৮ এপ্ৰিলৰ দিনটো ধাৰ্য কৰিছো ।''
''আমি বিশ্বাস কৰো যে পূৰ্বতে আমাৰ দেউতা-ককাহতে হাতীৰ পিঠিত উঠি ৰাতি বিহু চাবলৈ আহিছিল । এতিয়া সেই পৰিৱেশ দিবৰ বাবে গাঁওখনৰ ১৪ টাকৈ হাতীয়ে গাঁৱৰ ডেকা-গাভৰুসকলক কুচ-কাৱাজ কৰি আগবঢ়াই আনিছে আৰু ৰাতি বিহুৰথলীত তিনিপাক মাৰি এক শুভবাৰ্তা দিছে ।" উমানন্দ মুদৈ মৰাণে কয় ।
তেওঁ লগতে কয়, "তাৰ সমান্তৰালভাৱে বহুকেইখন দেশৰ পৰ্যটকে নিজে যোগাযোগ কৰি ৰাতি বিহু উপভোগ কৰিবলৈ আহিছে । সেই হেতুকে আমি এখন প্ৰকৃত মৰাণ গাঁৱৰ পৰিৱেশ দিবলৈ চেষ্টা কৰিছো । যেনেকৈ গেৰগুৱা পাতেৰে বিহু ঘৰ চাইছো, ভঁৰাল, গোহালি সাজিছো । অসমৰ মানচিত্ৰত যাতে মৰাণ জনগোষ্ঠীৰ এই ৰাতি বিহুৱে বিশেষ স্থান লাভ কৰে তাৰেই এক প্ৰচেষ্টা কৰা হৈছে ।”