ETV Bharat / state

শিলচৰত জ্বলিল ইউনুছৰ পুত্তলিকা: বাংলাদেশত পৃথক হিন্দু ৰাষ্ট্ৰৰ দাবী উঠিল

বাংলাদেশত হিন্দুসকলৰ বাবে পৃথক ৰাষ্ট্ৰৰ দাবী ৷ শিলচৰত সংবাদমেল পাতি এই দাবী সনাতনী ঐক্য মঞ্চৰ ।

Md Yunus effigy burnt in Silchar
বাংলাদেশত পৃথক হিন্দু ৰাষ্ট্ৰৰ দাবীৰে গঠন সনাতনী ঐক্য মঞ্চ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 28, 2024 at 8:00 PM IST

3 Min Read
Choose ETV Bharat

শিলচৰ : এইবাৰ উত্থাপন হ'ল বাংলাদেশত বাস কৰা হিন্দুসকলৰ বাবে পৃথক ৰাষ্ট্ৰৰ দাবী ৷ বৃহস্পতিবাৰে শিলচৰত সংবাদমেল অনুষ্ঠিত কৰি এই দাবী তোলে সনাতনী ঐক্য মঞ্চ নামৰ নৱগঠিত সংগঠনটোৱে । লগতে বাংলাদেশত হিন্দু নিৰ্যাতন বন্ধ নহ'লে ভাৰতীয় হিন্দুসকলে বাংলাদেশী পণ্য বৰ্জন কৰাৰ আহ্বান সনাতনী ঐক্য মঞ্চৰ নেতৃবৰ্গৰ ।

ইয়াৰ উপৰি বাংলাদেশৰ হিন্দু নিৰ্যাতন বন্ধৰ দাবীত দেওবাৰে সনাতনী ঐক্য মঞ্চই আহ্বান জনাইছে 'বাংলাদেশ চলো' অভিযানৰ । বাংলাদেশৰ ইস্কন মন্দিৰৰ মহাৰাজ চিন্ময়কৃষ্ণ দাসৰ মুক্তিসহ হিন্দু নিৰ্যাতন বন্ধৰ দাবীত বাংলাদেশৰ লগতে বৰাকত চলিছে তীব্ৰ প্ৰতিবাদ । বাংলাদেশত চলা হিন্দু নিৰ্যাতনৰ প্ৰতি লক্ষ্য ৰাখি বৰাকত নতুনকৈ গঠন কৰা হৈছে সনাতনী ঐক্য মঞ্চ নামেৰে এক নতুন সংগঠন ।

বাংলাদেশত পৃথক হিন্দু ৰাষ্ট্ৰৰ দাবীৰে গঠন সনাতনী ঐক্য মঞ্চ (ETV Bharat Assam)

কাছাৰ জিলাৰ হাইলাকান্দি আৰু শ্ৰীভূমিৰ বিভিন্ন হিন্দু সংগঠনৰ যৌথ উদ্যোগত 'বাংলাদেশ চলো' শ্লোগানেৰে গঠন কৰা হৈছে এই নতুন সংগঠনটো । বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ দাবীত বৰাকত এই সংগঠনৰ বেনাৰত চলিব হিন্দুসকলৰ প্ৰতিবাদ । এই সন্দৰ্ভত বৃহস্পতিবাৰে শিলচৰত এক সংবাদমেল আয়োজন কৰি নতুনকৈ জন্ম হোৱা সংগঠনটোৰ নেতৃবৰ্গই কয়, "বাংলাদেশৰ ইস্কন মন্দিৰৰ মহাৰাজ চিন্ময়কৃষ্ণ দাসৰ মুক্তিসহ হিন্দু নিৰ্যাতন বন্ধৰ দাবীত 'বাংলাদেশ চলো' শ্লোগানেৰে অহা এক ডিচেম্বৰত ভাৰত-বাংলাদেশ সীমান্তৰ শ্ৰীভূমি জিলাৰ সুতাৰকান্দিত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । ইয়াত অংশগ্ৰহণ কৰিব এক লাখৰো অধিক সনাতনী হিন্দুৱে ।"

প্ৰতিবাদী কাৰ্যসূচীৰ লগতে প্ৰতিবাদকাৰীসকলে সীমান্তৰে বাংলাদেশত প্ৰৱেশৰ চেষ্টা কৰিব বুলি জনাই সংগঠনটোৰ কৰ্মকৰ্তাসকলে । লগতে তেওঁলোকে বাংলাদেশত হিন্দু নিৰ্যাতন বন্ধ নহ'লে ভাৰতীয়সকলে বাংলাদেশী পণ্য সামগ্ৰী বন্ধ কৰাৰো আহ্বান জনায় ।

লগতে সংগঠনটোৰ দাবী, "বাংলাদেশত চলা হিন্দু নিৰ্যাতনৰ গৰিহণা দিছোঁ । বাংলাদেশত হিন্দুসকলৰ বাবে পৃথক ৰাষ্ট্ৰ হ'ব লাগে ।"

শিলচৰত জ্বলিল বাংলাদেশৰ অন্তৱৰ্তীকালীনৰ চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছৰ পুত্তলিকা

আনহাতে, বৃহস্পতিবাৰে শিলচৰত একাংশ ছাত্ৰ-ছাত্ৰীয়ে বাংলাদেশৰ অন্তৱৰ্তীকালীনৰ চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছৰ পুত্তলিকা দাহ কৰে ৷ শিলচৰৰ বিভিন্ন কলেজৰ ছাত্ৰছাত্ৰীসকলে দাহ কৰিলে ইউনুছৰ পুত্তলিকা ৷

বাংলাদেশৰ ইস্কন মন্দিৰৰ মহাৰাজ চিন্ময়কৃষ্ণ দাসৰ মুক্তিসহ হিন্দুৰ ওপৰত হোৱা নিৰ্যাতন বন্ধৰ দাবীত শিলচৰত ছাত্ৰ-ছাত্ৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ চহৰখনৰ ক্ষুদিৰাম মূৰ্তিৰ সন্মুখত ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ লগতে বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ নহ'লে শিলচৰত ছাত্ৰ সমাজ বৃহৎ আন্দোলনত নামিব বুলিও হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক :গণতন্ত্ৰ নে বিশৃংখলতাৰ দিশত বাংলাদেশ?
লগতে পঢ়ক :এক অস্থিৰ পাকিস্তানৰ আঁৰত কোন?