ৰছীত ওলমিছে মোদীৰ মুখ, পুষ্পা ২ ৰ বন্দুক-কুঠাৰ
ৰঙৰ উৎসৱ নহয় যেন বিজেপি চৰকাৰৰ জয়গানহে ! ফাকুৱাৰ বজাৰ মোদীময় ।

Published : March 11, 2025 at 7:06 PM IST
গুৱাহাটী: ৰঙৰ উৎসৱ ফাকুৱালৈ মাজত মাথো দুটা দিন । ফাকুৱাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । ফাকুৱাৰ ৰং তথা বিভিন্ন উপকৰণেৰে ভৰি পৰিছে ৰাজ্যৰ বিভিন্ন বজাৰ । ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও । ফাকুৱাক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ফাঁচী বজাৰত ।
বিভিন্ন ফাকুৱাৰ সামগ্ৰীৰে বজাৰ উভৈনদী হৈ পৰিছে । গ্ৰাহকক আকৰ্ষণ কৰাৰ বাবে বিভিন্ন ডিজাইনৰ ফিচকাৰী, মুখা, ৰং-বিৰঙী ফাকুগুড়িৰে ভৰি পৰিছে বজাৰ । ফাকুৱাৰ বজাৰ এইবাৰ মোদীময় হৈ পৰিছে । ফাকুৱাৰ সামগ্ৰীবোৰেও বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ।
এইবাৰ ফাকুৱাৰ বজাৰত অন্যতম আকৰ্ষণ হৈছে প্ৰধানমন্ত্ৰী মোদীৰ ফিচকাৰী, য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু যোগী আদিত্যনাথৰ ফটোৰ লগতে বিজেপিৰ ষ্টিকাৰ লগোৱা ফিচকাৰীত 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' শ্লোগান থকা ফিচকাৰী বিক্ৰী হৈছে ।

ইপিনে,প্ৰধানমন্ত্ৰী মোদী আৰু যোগী আদিত্যনাথ আৰু পদুম ফুলৰ ফটো সম্বলিত ফিচকাৰীত বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ শ্লোগান আছে । তদুপৰি মোদী মাস্ক আৰু পুষ্পা ২ বন্দুক আৰু কুঠাৰ ফিচকাৰীৰেও বজাৰ ভৰি পৰিছে । মোদী ফিচকাৰীত 200-700 টকা, মোদী মাস্ক 80-100 টকা, পুষ্পা 2 ফিচকাৰী 200-300 টকা দৰত বিক্ৰী হৈছে ।

এই প্ৰসংগত ফাঁচী বজাৰৰ এজন ব্যৱসায়ীয়ে কয়, "এইবাৰ বজাৰত মোদী আৰু পুস্পা 2 ফিচকাৰী আহিছে । প্ৰধানমন্ত্ৰী মোদীক যিহেতু জনসাধাৰণে ভাল পায় সেয়ে মোদীৰ ফটো সম্বলিত মাস্কল আৰু ফিচকাৰীৰ চাহিদা বৃদ্ধি পাইছে । গ্ৰাহকে আদৰি লৈছে । মোদী মাস্ক যোৱা বছৰ হোলীত উপলব্ধ হৈছিল যদিও এইবাৰ প্ৰথমবাৰৰ বাবে মোদী ফিচকাৰী আহিছে । মোদী মাস্ক আৰু ফিচকাৰীয়ে গ্ৰাহকক আকৰ্ষণ কৰিছে ।"

ফাকুৱাৰ সামগ্ৰী ক্ৰয় কৰিবলৈ অহা এগৰাকী গ্ৰাহকে কয়, "ফাকুৱালৈ মাজত মাথো দুটা দিন বাকী । ফাকুৱা পৰিয়ালৰ লগত উদযাপন কৰো । এইবাৰ ফাকুৱাৰ বজাৰলৈ আহি মোদী মাস্ক আৰু ফিচকাৰী দেখি আকৰ্ষিত হৈছো । ল'ৰা-ছোৱালীৰ বাবে মোদী মাস্ক ফিচকাৰী কিনিম । কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ল'ৰা-ছোৱালীহঁতে ভাল পায় । "

উল্লেখ্য যে ফাকুৱাৰ বজাৰত কানপুৰৰ পৰা অহা ব্যৱসায়ীসকলে প্ৰতি কিলোগ্ৰাম ফাকুগুড়ি ২০০ টকাকৈ বিক্ৰী কৰিছে । আনহাতে, হাৰবেল ফাকু ২০ টকাৰ পৰা ৪০০ টকা, ফিচকাৰী ৫০-১০০০ টকা, মাস্ক ৫০ টকাৰ পৰা ১০০ টকা, পাগুৰি ১০০-১৫০ টকা পৰ্যন্ত বিক্ৰী হৈছে । ফাকুৱাৰ সামগ্ৰীবোৰ দিল্লীৰ পৰা আহিছে ।

