ETV Bharat / state

শত্ৰু পক্ষৰ যুঁজাৰু বিমানৰ আক্ৰমণৰ পৰা গুৱাহাটীক ৰক্ষা কৰাৰ বিশেষ পদক্ষেপ

শনিবাৰে সন্ধিয়া ঘোষণা কৰা হয় যুদ্ধ বিৰতি । পিছে যুদ্ধৰ সময়ত উদ্ভৱ হোৱা পৰিস্থিতিৰ কিদৰে কৰিব মোকাবিলা ? এক প্ৰতিবেদন ।

Mock drill to protect against attacks from enemy fighter aircraft in Guwahati
শত্ৰু পক্ষৰ যুঁজাৰু বিমানৰ আক্ৰমণৰ পৰা গুৱাহাটীক ৰক্ষা কৰাৰ বিশেষ পদক্ষেপ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 4:13 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: ভাৰত-পাকিস্তানৰ যুদ্ধৰ পৰিস্থিতিৰ সময়তে সমগ্ৰ দেশতে সতৰ্কতা জাৰি কৰা হৈছে । বুধবাৰ অৰ্থাৎ ৭ মে'ত সমগ্ৰ দেশৰ লগতে অসমৰো ২০ টাকৈ স্থানত অসামৰিক প্ৰতিৰক্ষাৰ বাবে মকড্ৰিল অনুষ্ঠিত হোৱাৰ পিছতে ৰাজধানী চহৰ গুৱাহাটীৰ সুৰক্ষাৰ বাবে অসম চৰকাৰে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে ।

গুৱাহাটীত সুৰক্ষা ব্যৱস্থা আৰু যুদ্ধৰ সময়ত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে জাননী জাৰী কৰিছে । সেইমৰ্মে ৰাজধানী চহৰ গুৱাহাটীৰ সকলো ৱাৰ্ডতে শত্ৰু পক্ষৰ যুঁজাৰু বিমানৰ আক্ৰমণৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে অসামৰিক প্ৰতিৰক্ষা বিভাগে ব্যৱস্থা কৰিছে বিশেষ মকড্ৰিলৰ ।

শত্ৰু পক্ষৰ যুঁজাৰু বিমানৰ আক্ৰমণৰ পৰা গুৱাহাটীক ৰক্ষা কৰাৰ বিশেষ পদক্ষেপ (ETV Bharat Assam)

উল্লেখ্য যে সোমবাৰে দেশৰ গৃহ মন্ত্ৰণালয়ৰ অগ্নিনিৰ্বাপক সেৱা, অসামৰিক প্ৰতিৰক্ষা আৰু হোমগাৰ্ড বিভাগৰ মহা সঞ্চালকালয়ে এক জাননীযোগে ৭ মে’ বুধবাৰে কেইবাখনো ৰাজ্যক মকড্ৰিল কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল । তাৰ পিছত অসমৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটীৰ কাহিলীপাৰাৰ অসম বেটেলিয়ানত যোৱা বুধবাৰে মকড্ৰিল হয় ।

শনিবাৰে গুৱাহাটীৰ পাঁচ ঠাইত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা বিভাগৰ সহযোগত শত্ৰু পক্ষৰ যুঁজাৰু বিমানৰ আক্ৰমণৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে বিশেষ মকড্ৰিল অনুষ্ঠিত হয় ।

গুৱাহাটীৰ কামাখ্যা বিদ্যালয়, পাণ্ডুৰ আদৰ্শ বিদ্যালয়, বিদ্যা নিকেতন হাইস্কুলৰ, পাণ্ডু কলেজ আৰু গীতানগৰ হাইস্কুলৰ খেলপথাৰত মকড্ৰিল অনুষ্ঠিত হয় । এই মকড্ৰিলত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলেও অংশগ্ৰহণ কৰা দেখা যায় । বিশেষকৈ শক্ৰপক্ষৰ যুঁজাৰু বিমানৰ বোমা বিস্ফোৰণৰ দৰে জৰুৰী পৰিস্থিতিত কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগে, সেই বিষয়ে সুনিৰ্দিষ্ট প্ৰদৰ্শনৰ জৰিয়তে প্ৰশিক্ষণ দিয়া হয় ।

Mock drill to protect against attacks from enemy fighter aircraft in Guwahati
মকড্ৰিলৰ কিছু অংশ (ETV Bharat Assam)

লগতে বিধ্বস্ত এলেকাৰ পৰা কেনেদৰে আহতসকলক উদ্ধাৰ কৰা হয় আৰু চিকিৎসা সেৱা আগবঢ়োৱা হয় সেয়াও এই মকড্ৰিলত প্ৰদৰ্শন কৰা হয় । মকড্ৰিলৰ নেতৃত্ব দিয়া অসামৰিক প্ৰতিৰক্ষা বিভাগৰ প'ষ্ট ৱাৰ্ডেন শান্তনু ৰয় চৌধুৰীয়ে এই মকড্ৰিল প্ৰসংগ মন্তব্য প্ৰকাশ কৰে ।

তেওঁ কয়, "দুটা প্ৰট'কলৰ সজাগতা কৰি থকা হৈছে । প্ৰথমটো শত্ৰু পক্ষৰ যুঁজাৰু বিমানৰ আক্ৰমণৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি, সেই বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে বিশেষ মকড্ৰিল আৰু দ্বিতীয়টো ব্লেক আউট মকড্ৰিল । ব্লেক আউট মকড্ৰিল নিশাৰ আন্ধাৰত কৰিব লাগে এইটো পিছত কৰা হ'ব ।"

"আজিৰে পৰা আমি বিদ্যালয়, মহাবিদ্যালয় আৰু ৰাজহুৱা স্থানত কৰি আছো । কালি গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তই গুৱাহাটীৰ সকলো ৱাৰ্ডতে এই মকড্ৰিল কৰাৰ বাবে ৱাৰ্ড কাউন্সিলৰসকলক নিৰ্দেশ দি জাননী দিছে । ‌আমি গুৱাহাটীৰ সকলো ঠাইতে এই মকড্ৰিল অনুষ্ঠিত কৰি ৰাইজক সজাগ আৰু সতৰ্ক কৰি ৰখাৰ কাম অব্যাহত ৰাখিম ।" তেওঁ কয় ।

লগতে পঢ়ক: দেশ আগত পৰিয়াল পিছত... আধাতে ছুটী সামৰি ৰণলৈ ওলাল সেনাজোৱান - INDIA PAKISTAN TENSSIONS

ভাৰতীয় সেনাৰ সমৰ্থনত বৰপেটাত কংগ্ৰেছৰ জয় হিন্দ যাত্ৰা - CONGRESS JAI HIND YATRA