ETV Bharat / state

হঠাৎ আহিল ভূমিকম্প! বিধ্বস্ত হৈ পৰিল অট্টালিকা, চৌদিশে আৰ্তনাদ

বিধ্বস্ত হ'ল লখিমপুৰ বাণিজ্য মহাবিদ্যালয় ! কেনেকৈ বিধ্বস্ত হ'ল মহাবিদ্যালয়খন ?

Mock drill of SDRF and NDRF
ভূমিকম্প সন্দৰ্ভত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত মকড্ৰিল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 30, 2024 at 10:20 AM IST

3 Min Read
Choose ETV Bharat

লখিমপুৰ: লখিমপুৰত হুৱাদুৱা । ভূমিকম্পত বিধ্বস্ত হ'ল লখিমপুৰ বাণিজ্য মহাবিদ্যালয় । হতাহত চৈধ্যজন । উদ্ধাৰ কাৰ্যত নামিল সকলো উদ্ধাৰকাৰী বাহিনী । শুকুৰবাৰে পুৱা ১১ বজাত হঠাৎ হুৱাদুৱা লাগিল লখিমপুৰ নগৰত । ভূমিকম্পত বিধ্বস্ত হ'ল নগৰ এলেকাত থকা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অট্টালিকা !

জিলা প্ৰশাসনক লগে লগে ঘটনাৰ বিষয়ে জনোৱা হ'ল । খবৰ পাই দৌৰি আহিল জিলা প্ৰশাসনৰ বিষয়াসকল । উবুৰি খাই পৰিল আৰক্ষীৰ আটাইকেইটা বিভাগ । খন্তেকতে এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় । এছ ডি আৰ এফৰ পাছতে উদ্ধাৰ অভিযানত জঁপিয়াই পৰিল এন ডি আৰ এফ । সহযোগিতা আগবঢ়ালে অসামৰিক প্ৰতিৰক্ষা বিভাগ ।

অস্থায়ী শিবিৰ স্থাপন :

স্বাস্থ্য বিভাগেও তাৎক্ষণিকভাৱে অস্থায়ী শিবিৰ স্থাপন কৰি আহতসকলক চিকিৎসা প্ৰদান কৰিলে । অগ্নিনিৰ্বাপক বাহিনীয়েও সহযোগিতা আগবঢ়ালে এই অভিযানত । চৌদিশে কেৱল এম্বুলেন্স, জৰুৰী সেৱা, উদ্ধাৰকাৰী বাহিনীৰ গাড়ীৰ বিকট চাইৰেণ বাজি থাকিল । এক আতংকময় পৰিৱেশৰ মাজত চলিল উদ্ধাৰ কাৰ্য । মহাবিদ্যালয়খনৰ অত-তত ভাগি পৰা কোঠাৰ পৰা তাৎক্ষণিকভাৱে আহতসকলক উদ্ধাৰ কৰে উদ্ধাৰকাৰী বাহিনীসমূহে ।

ভূমিকম্পত দুজনৰ মৃত্যু :

দেৱালৰ চেপাত আৱদ্ধ হৈ পৰা লোকক কৃত্রিম বৈদ্যুতিক ব্যৱস্থাৰে দেৱাল কাটি উদ্ধাৰ কৰা হয় । ওপৰৰ পৰা ৰচীৰে নমাই উদ্ধাৰ কৰা হয় আহত লোকক । দুঘন্টা জোৰা এই অভিযানত মুঠ চৈধ্যজন আহত লোকক উদ্ধাৰ কৰা হয় । ইয়াৰে দুজনৰ মৃত্যু হয় । গুৰুতৰভাৱে আহত ছজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বাকী কেইজনক প্ৰাথমিক চিকিৎসাৰ অন্তত যাবলৈ দিয়া হয় । প্ৰায় দুঘন্টাজোৰা শ্বাসৰুদ্ধকাৰী এই উদ্ধাৰ অভিযানৰ এনেদৰেই সামৰণি পৰে ।

প্ৰকৃত ঘটনাটো :

উল্লেখ্য যে দৰাচলতে এয়া কোনো প্ৰকৃত প্ৰাকৃতিক দুৰ্যোগ নাছিল । এনেধৰণৰ দুৰ্যোগ হ'লে উদ্ধাৰকাৰী বাহিনীয়ে কেনেদৰে উদ্ধাৰ অভিযান চলাব তাৰ এক অনুশীলনহে আছিল । এনেধৰণৰ দুৰ্যোগৰ সময়ত উদ্ধাৰ অভিযানত কৰবাত কিবা খুট থাকিব পাৰে নেকি নাইবা জিলা প্ৰশাসনৰ পৰা উদ্ধাৰকাৰী বাহিনীসমূহৰ তাৎক্ষণিক সহযোগিতা সংপৃক্ত কৰাৰ উদ্দেশ্যৰে এই অনুশীলন চলোৱা হয় ।

ভূমিকম্প সন্দৰ্ভত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত মকড্ৰিল (ETV Bharat)

জিলাৰ অতিৰিক্ত আয়ুক্ত ড৹ টিংকুমনি বৰাই এই সন্দৰ্ভত কয়, "এনে ধৰণৰ দুৰ্যোগৰ সময়ত জনসাধাৰণৰে প্ৰশাসন বা উদ্ধাৰকাৰী বাহিনীৰ ওপৰত আস্থা ৰাখিব পাৰে সেই বাৰ্তা ৰাইজৰ বাবে এই অনুশীলনৰ জৰিয়তে প্ৰেৰণ কৰাৰ প্ৰয়াস কৰা হৈছে ।"

লগতে পঢ়ক:যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰতিনিয়ত সাজু SDRF, NDRF - Mock drill of SDRF and NDRF

বৰপেটা বি টি কলেজত অগ্নি নিৰ্বাপনৰ মকড্ৰিল