ধেমাজিত ভূমিকম্প ! আহত-আবদ্ধ লোকক তৎপৰতাৰে উদ্ধাৰ
শনিবাৰে দুপৰীয়া পুনৰ এক প্ৰৱল ভূমিকম্পই জোকাৰি গ’ল ধেমাজিক ! হঠাৎ চাৰিওফালে হাহাকাৰময় পৰিস্থিতি ৷ বিভিন্নজনৰ মৰণকাতৰ আৰ্তনাদ ৷

Published : March 1, 2025 at 6:46 PM IST
ধেমাজি : শনিবাৰে দুপৰীয়া পুনৰ এক প্ৰৱল ভূমিকম্পই জোকাৰি গ’ল ধেমাজিক ! হঠাৎ চাৰিওফালে হাহাকাৰময় পৰিস্থিতি ৷ বিভিন্নজনৰ মৰণকাতৰ আৰ্তনাদ ৷ এই জোকাৰণিৰ সৃষ্টি হোৱাৰ লগে লগে বিকট চাইৰেণ বজাই ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰকাৰী দল ।
ঘটনাস্থলীত উপস্থিত হয় এন ডি আৰ এফ, এছ ডি আৰ এফৰ লগতে অগ্নি নিৰ্বাপক বাহিনী, এম্বুলেন্স, আৰক্ষী, পৰিবহণ বিভাগৰ বিষয়া-কৰ্মী ৷ সকলোৱে যুদ্ধকালীন তৎপৰতাৰে আৰ্তজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ চিকিৎসক আৰু স্বাস্থ্যকৰ্মী উপস্থিত হৈ আহত আৰু আবদ্ধসকলক প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে ৷ ভূমিকম্পৰ প্ৰাৱল্য ইমানেই বেছি আছিল যে ইয়াৰ কম্পন সমগ্ৰ জিলাখনত অনুভূত হয় ৷
উল্লেখ্য যে ৰাজ্যত ধাৰাবাহিকভাৱে হৈ থকা ভূমিকম্প সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি ধেমাজিৰ তেলিজানৰ বাছ আস্থানত মকড্ৰিল কৰা হয় । ভূমিকম্প আহিলে কেনেদৰে বিভিন্ন জৰুৰীকালীন সেৱাত জড়িত থকা বিভাগসমূহৰ কৰ্মচাৰী আৰু বিষয়াসকলে তৎপৰতাৰে দুৰ্যোগত পৰা ৰাইজক উদ্ধাৰ কৰি উপযুক্ত চিকিৎসা প্ৰদান কৰিব পাৰে সেই উদ্দেশ্যে সকলোকে সাজু কৰাৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ উদ্যোগত শুকুৰবাৰে ধেমাজি তেলিজানৰ বাছ আস্থানত মকড্ৰিলৰ ব্যৱস্থা কৰে ৷

এইক্ষেত্ৰত জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়া লোহিত গগৈয়ে কয়, "জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ সৌজন্যত ভূমিকম্প হ’লে কেনে ব্যৱস্থা ল’ব লাগিব তাৰ ওপৰত দুদিনীয়াকৈ প্ৰশিক্ষণ সম্পন্ন হয় ৷ জৰুৰীকালীন সেৱাৰ লগত জড়িত এন ডি আৰ এফ, এছ ডি আৰ এফ, অগ্নিনিৰ্বাপক বাহিনী, মেডিকেল আদিৰ কৰ্মীয়ে প্ৰশাসনৰ বিষয়াৰ সৈতে মিলি কেনেদৰে কাম কৰিব তাৰ ওপৰত প্ৰশিক্ষণ দিয়ে ৷ "

জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াগৰাকীয়ে লগতে কয়, "এই প্ৰশিক্ষণৰ আলমতে শনিবাৰে ভূমিকম্প আৰু অগ্নি নিৰ্বাপকৰ ওপৰত এটা মকড্ৰিল বা আখৰা কৰিছো ৷ বৃহৎ পকীঘৰবোৰত ভূমিকম্প হ’লে ঘৰ ভাঙি বৈদ্যুতিক বিজুতি ঘটি অগ্নিকাণ্ডৰ সূত্ৰপাত হ’লে মানুহ কেনেকৈ উদ্ধাৰ কৰিব পাৰি তাৰ ওপৰত আখৰা কৰা হয় ৷ “

