ETV Bharat / state

বছৰি ২৫ হাজাৰ লোকক উপকৃত কৰাৰ লক্ষ্যৰে ভ্ৰাম্যমাণ চিকিৎসা সেৱা গোট মুকলি - MOBILE MEDICAL SERVICES UNIT

দুটা ভ্ৰাম্যমাণ চিকিৎসা ইউনিট আৰু এটা নাও চিকিৎসা ইউনিটে অসমৰ ১২ খন জিলা আৰু ১২ খন নদীৰ চৰ-চাপৰিত বসবাস কৰা লোকক আগবঢ়াব সেৱা ।

MOBILE MEDICAL SERVICES UNIT
বছৰি ২৫ হাজাৰ লোকক উপকৃত কৰাৰ লক্ষ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 30, 2025 at 10:27 PM IST

3 Min Read

গুৱাহাটী: ৰাজ্যৰ ভিতৰুৱা অঞ্চলকে ধৰি চৰাঞ্চলত প্ৰাথমিক স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে ভ্ৰাম্যমান চিকিৎস‍া সেৱা প্ৰযোজ্য কৰা হৈছে ।

স্মাইল ফাউণ্ডেশ্যনৰ সহযোগত এই পদক্ষেপ গ্ৰহণ কৰিছে এম এছ ডি ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেডে । ইয়াৰ বাবে মুকলি কৰা হৈছে 'এম এছ ডি স্মাইল অন বট ক্লিনিক' আৰু 'এম এছ ডি স্মাইল অন হুইলছ ম’বাইল মেডিকেল ইউনিট' ।

এই পদক্ষেপৰ লক্ষ্য হৈছে দৰং আৰু বৰপেটাকে ধৰি ১২ খন জিলা আৰু দক্ষিণ শালমাৰাৰ ১২ খন নদীৰ চৰ-চাপৰিৰ অভাৱগ্ৰস্ত জনসাধাৰণলৈ পোনপটীয়াকৈ গুণগত স্বাস্থ্যসেৱা সেৱা আগবঢ়োৱা । দুটা ভ্ৰাম্যমাণ চিকিৎসা ইউনিট আৰু এটা নাও ক্লিনিকৰে গঠিত এই কাৰ্যসূচীয়ে বছৰি ২৫ হাজাৰৰো অধিক হিতাধিকাৰীৰ কাষ চাপিব বুলি আশা কৰা হৈছে ৷

MOBILE MEDICAL SERVICES UNIT
ভ্ৰাম্যমাণ চিকিৎসা সেৱা গোট মুকলি (ETV Bharat Assam)

প্ৰতিটো ইউনিটত থকা চিকিৎসক, পেৰামেডিকেল কৰ্মচাৰী, নিদানমূলক সুবিধা আৰু পইণ্ট অৱ কেয়াৰ সেৱাই বিনামূলীয়াকৈ বহিঃৰোগীৰ পৰামৰ্শ (অ’ পি ডি) আৰু ঔষধ প্ৰদান কৰিব । এই পদক্ষেপৰ লক্ষ্য হৈছে প্ৰাথমিক স্বাস্থ্য সেৱাৰ উপলব্ধতা আৰু সুলভতা বৃদ্ধিৰ লগতে ব্যয় হ্ৰাস কৰা ।

ভ্ৰাম্যমাণ ইউনিটসমূহে প্ৰাথমিক স্বাস্থ্যসেৱা প্ৰদান কৰাৰ উপৰি চৰ-চাপৰিৰ লোকসমূহৰ মাজত মহিলাৰ স্বাস্থ্য, প্ৰতিষেধক, প্ৰসৱৰ আগৰ আৰু পিছৰ যত্নকে ধৰি মূল স্বাস্থ্য বিষয়সমূহৰ ওপৰত সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰিব ।

প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা পদ্ধতিৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে তথ্য, শিক্ষা আৰু যোগাযোগ কাৰ্যসূচীও গ্ৰহণ কৰা হ’ব । তদুপৰি এই কাৰ্যসূচীয়ে প্ৰয়োজনত উন্নতমানৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে প্ৰয়োজনীয় উপদেশ বা যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব ।

এই সন্দৰ্ভত এম এছ ডি ইণ্ডিয়াৰ মাণ্ডলিক পৰিচালন সঞ্চালক ৰেহান এ খানে কয়, "স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত এম এছ ডি ইণ্ডিয়াই বহু পূৰ্বৰ পৰাই কাম কৰি আহিছে । সমাজৰ অনগ্ৰসৰ লোকসকলৰ মাজত অত্যাৱশ্যকীয় স্বাস্থ্যসেৱা আগবঢ়োৱাৰ উদ্দেশ্যৰে আমাৰ নিগমে সামাজিক দায়বদ্ধতা কাৰ্যসূচী সম্প্ৰসাৰণ কৰিবলৈ পাই আমি গৌৰৱান্বিত । এই কাৰ্যসূচীয়ে প্ৰতিৰোধমূলক স্বাস্থ্যৰ বিষয়ে সজাগতা বৃদ্ধি, নিদানৰ হাৰ বৃদ্ধি, মাতৃৰ স্বাস্থ্য উন্নত কৰা আৰু শিশুৰ প্ৰতিষেধক প্ৰদানৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব, যাৰ ফলত সমাজৰ সামগ্ৰিক স্বাস্থ্য উন্নত হ'ব ।”

আনহাতে, স্মাইল ফাউণ্ডেশ্যনৰ সহ-প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী ট্ৰাষ্টী শান্তনু মিশ্ৰই কয়, “স্মাইল ফাউণ্ডেশ্যনৰ জৰিয়তে আমি সদায়েই সমাজৰ অভাৱগ্ৰস্ত লোকসকলৰ মাজত আমাৰ স্বাস্থ্যসেৱাৰ দৃষ্টিভংগী প্ৰক্ষেপ কৰি আহিছো । বিগত বহুবছৰ ধৰি আমি এই দৃষ্টিভংগীৰেই সমাজৰ দুৰ্বল জনসাধাৰণৰ মাজত মান সম্পন্ন চিকিৎসা সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে ব্ৰতী হৈ আহিছো ।"

লগতে পঢ়ক: অসমসহ উত্তৰ-পূবত মানসম্পন্ন ৰবৰ উৎপাদনৰ বাবে ১৪৫ কোটি টকাৰ বিশেষ প্ৰকল্প

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.