ভূমি বিবাদ : দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত মহিলাসহ আহত তিনিগৰাকী - Land Dispute
Land Dispute in Jonai : ভূমি কেন্দ্ৰিক সংঘাতৰ ফলত দুগৰাকী মহিলাসহ তিনিজন লোক গুৰুতৰভাৱে আহত হয় ৷ এটা ঘৰ নিৰ্মাণক কেন্দ্ৰ কৰিয়েই এই ঘটনাৰ সূত্ৰপাত হয় ৷

Published : July 28, 2024 at 8:41 PM IST
জোনাই, 28 জুলাই : ভূমি কেন্দ্ৰিক সংঘাতৰ বাবে মহিলাসহ আহত তিনিগৰাকী লোক ৷ দেওবাৰে ধেমাজি জিলাৰ জোনাইত সংঘটিত হয় এই ঘটনা ৷ জোনাইৰ জোন কাৰেঙত সংঘটিত হোৱা এই ভূমি কেন্দ্ৰিক সংঘাতৰ ফলত দুগৰাকী মহিলাসহ তিনিজন লোক গুৰুতৰভাৱে আহত হয় ৷
জানিব পৰামতে অঞ্চলটোৰ জনৈক কুলি নামৰ ব্যক্তিজনে তেওঁৰ দখলত থকা মাটিত ঘৰ নিৰ্মাণ কৰি থকাৰ সময়তে প্ৰায় বাৰ জনীয়া এটা দুৰ্বৃত্তৰ দলে কোনোধৰণৰ সোধ পোচ নকৰাকৈ আহি ব্যক্তিজনক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ তেনে সময়তে দুৰ্বৃত্তৰ প্ৰহাৰৰ পৰা ব্যক্তিজনক বচাবলৈ যাওঁতেই ভুক্তভোগীৰ পত্নী আৰু কন্যাকো দলটোৱে প্ৰহাৰ কৰে বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে ৷ পত্নী আৰু কন্যাক প্ৰচণ্ড মাৰপিট কৰাৰ লগতে গাৰ কাপোৰ ফালি গোপন অংগত হাত দিয়ে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷
ইফালে ঘটনা সন্দৰ্ভত জোনাই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈহে দিয়ে বুলি অভিযোগ তুলিছে ভুক্তভোগী পৰিয়ালটোৱে ৷ এই ঘটনাৰ পিচতে দুৰ্বৃত্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত ভুক্তভোগীয়ে জোনাই থানাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ লগতে এই ঘটনাত জড়িত প্ৰায় 12 গৰাকী ব্যক্তি ক্ৰমে চেনীৰাম মৰাং, কুলধৰ পেগু, বৰ্মন পেগু, কুশল দলে, ডাক্তৰ দলে, হৰিশ নৰহ, লক্ষীনাথ কুলি, কেশৱ লাগাছু, ৰাজেশ টাইড, গোলাপ পেগু, ঘনশ্যাম কুটুম আৰু সূভাষ পেগুৰ বিৰুদ্ধে জোনাই থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক : সাহিত্যিক ইছমাইল হুছেইনৰ বিৰুদ্ধে এজাহাৰ দাখিল - Ismail Hussain controversy

