বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সিদ্ধান্ত লৈয়ে পেলালে : কি সিদ্ধান্ত ক'লে নিজেই
২০২৬ ৰ বিধানসভা নিৰ্বাচনত এঘড়ী যুঁজাৰ মন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ । ২০২৯ ত সংসদীয় ৰাজনীতিলৈ যোৱাৰ ইচ্ছা কলিতাৰ ।

Published : March 9, 2025 at 11:55 AM IST
গুৱাহাটী: মিত্রদল বিজেপিৰে আসন বুজাবুজি হোৱা নাই যদিও ২০২৬ ৰ বিধানসভা নিৰ্বাচন প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈয়ে পেলালে অগপৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বিধায়কগৰাকীৰ সমষ্টিও নোহোৱা হ'ল । তাৰ ঠাইত নতুনকৈ চেণ্টেল গুৱাহাটী সমষ্টি হ'ল । লগতে সমষ্টিটোৰ সীমাৰো ব্যাপক সালসলনি হ'ল ।
শনিবাৰে অগপৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা । তাতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকীয়ে ব্যক্ত কৰে মনৰ কথা । তেওঁ কয়, "মই ১৯৮৫ চনৰ পৰাই নিৰ্বাচন খেলি আহিছোঁ । ২০১৬ চনৰ পৰা বিজেপিৰ মিত্রতাত নিৰ্বাচন খেলি আহিছোঁ । ২০২৬ত নিৰ্বাচন খেলাৰ সিদ্ধান্ত মই লৈয়ে থৈছোঁ । ২০২৯ত মই চিন্তা কৰিম ।"
তেওঁ লগতে কয়, "কাৰণ মই বহু বছৰ অসমৰ ৰাজনীতিত আছোঁ । গতিকে ২০২৯ত মই সংসদীয় ৰাজনীতিলৈ যোৱাৰ কথা চিন্তা কৰি আছোঁ । ২০২৯ত নতুন প্ৰজন্মক বিধানসভাৰ এই আসনখন এৰি দিয়াৰ পৰিকল্পনা মোৰ আছে ।"
দুই-এটা সংবাদ মাধ্যমত তেওঁৰ মন্তব্যৰ ভুল ব্যাখ্যা আগবঢ়োৱা হৈছে বুলি সদৰী কৰি বিধায়ক কলিতাই কয়, "দুদিন পূৰ্বে দুই-এটা সংবাদ মাধ্যমে ২০২৬ত মই নিৰ্বাচন নেখেলো বুলি প্ৰচাৰ চলাইছিল । সংবাদ মাধ্যমৰ গৰিমা অক্ষুন্ন ৰাখিব লাগে । এইটো মোৰ অনুৰোধ ।" তেওঁ লগতে কয়, "বিজেপিৰ লগত আমাৰ মিত্রতা ভৱিষ্যতেও অক্ষুন্ন থকাটো আমি বিচাৰোঁ । কাৰণ এন ডি এ চৰকাৰৰ দিনত ৰাজ্যৰ উন্নয়ন আৰু বিকাশ হৈছে । মৰ্যদা সহকাৰে এই মিত্রতা অক্ষুন্ন থকাটো মই বিচাৰোঁ ।"

