ETV Bharat / state

ইলেক্টৰেল বণ্ডৰ জড়িয়তে বিজেপিয়ে লয় ক’লা টকা: নন্দিতা দাস

Congress bank accounts freeze: বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল বকোৰ কংগ্ৰেছ বিধায়িকা নন্দিতা দাস ৷ বিজেপিয়ে প্ৰচাৰৰ নামত বহু টকা খৰচ কৰে বুলি উল্লেখ কৰি গেৰুৱা দলটোৰ বেংক একাউন্ট বন্ধ কৰি দিব লাগে বুলি কয় বিধায়িকাগৰাকীয়ে ৷

Congress bank accounts freeze
MLA Nandita Das
author img

By ETV Bharat Assamese Team

Published : February 16, 2024 at 8:52 PM IST

2 Min Read
Choose ETV Bharat
বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ নন্দিতা দাস

গুৱাহাটী, ১৬ ফেব্ৰুৱাৰী : ইলেক্টৰেল বণ্ড প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় আৰু আয়কৰ বিভাগে কংগ্ৰেছ দলৰ বেংক একাউণ্ট সাময়িকভাৱে বন্ধ কৰি দিয়াক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অসমতো বিৰোধীৰ মাজত সৃষ্টি হৈছে বৃহৎ প্ৰতিক্ৰিয়াৰ ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰছে বিধায়িকা নন্দিতা দাসৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

বকো সমষ্টিৰ কংগ্ৰেছ বিধায়িকা নন্দিতা দাসে কয় যে কংগ্ৰেছলৈ ভয় কৰিছে বিজেপিয়ে । সেয়ে নিৰ্বাচনত যাতে একাউণ্টৰ টকা খৰচ কৰিব নোৱাৰে তাৰ বাবেই এই ব্যৱস্থা লৈছে । আচলতে বিজেপিৰহে একাউণ্ট জব্দ হ’ব লাগে বুলি মন্তব্য বিধায়িকা গৰাকীৰ ৷ কিয়নো ইলেক্টৰেল বণ্ডৰ জৰিয়তে বিজেপিয়েহে লৈছে হাজাৰ হাজাৰ কোটি টকা ৷

বিধায়িকা নন্দিতা দাসে শুকুৰবাৰে দিছপুৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে বিজেপিৰ যি প্ৰচাৰ সেইবোৰ ৰাইজে দেখিছে, প্ৰয়োজনতকৈ বেছি খৰচ কৰি আছে ৷ এই টকাবোৰ ক’ৰ পৰা আহি আছে ? এই টকাবোৰ অবৈধ টকা ৷ বণ্ডৰ জড়িয়তে এই টকাবোৰ কোনে দিছে তাৰ কোনো প্ৰমাণ নাথাকে ৷ কোনে টকাখিনি দিছে সেয়া লুকুৱাই ৰখা হয় । বিজেপি ধনিক শ্ৰেণীৰ দল ৷ ঋণ মাফ কৰে ৷ গতিকে এই অবৈধ টকাবোৰ পুঁজিপতিয়ে বণ্ডৰ জড়িয়তে বিজেপিত জমা দিয়ে ৷

তেওঁ লগতে কয় যে, বিজেপিয়ে পুঁজিপতিৰ পৰা ক’লা টকা সংগ্ৰহ কৰে ৷ তেওঁলোকে পুঁজিপতিৰ হাজাৰ কোটি টকাৰ ঋণ মাফ কৰে । বিজেপিয়ে যে প্ৰয়োজনতকৈ বেছি টকা দলীয় কামত খৰচ কৰে সেই কথা এতিয়া প্ৰমাণ হৈ গ’ল । এই টকা ক’ৰ টকা বুলি প্ৰশ্ন কৰি নন্দিতা দাসে লগতে কয় যে বিজেপিৰ একাউণ্টত জমা থকা বৃহৎ অংকৰ অবৈধ টকাৰ লেনদেনবোৰ যাতে কৰিব নোৱাৰে তাৰ বাবে বিজেপিৰ একাউণ্টেই এতিয়া জব্দ কৰি দিব লাগে ৷

লগতে পঢ়ক: চিপিআই(এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ