গোলাঘাট : অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত কণ কণ শিক্ষাৰ্থীৰ জীৱন ৰক্ষা কৰিবলৈ গৈ শ্বহীদ হোৱা বীৰ জোৱান শৰৎ গগৈ ওৰফে লুকুৰ স্মৃতিত উন্মোচন কৰা হ'ল এটা আবক্ষ মূৰ্তি । গোলাঘাটত পৰিয়ালৰ সহযোগত নিৰ্মাণ কৰা বীৰ জোৱানৰ আবক্ষ মূৰ্তিটো উন্মোচন কৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ।
ঘটনাটো আছিল ২০২৩ চনৰ ৬ মে'ৰ । সেই সময়ত নাগালেণ্ডৰ ভিতৰুৱা অঞ্চল চাতাখাৰ সীমান্ত সুৰক্ষা বাহিনীৰ ১১১ নং বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত আছিল অসমৰ জোৱান শৰৎ গগৈ । জোৱানগৰাকীয়ে এখন পানীভৰ্তি টেংকাৰ লৈ কেম্পলৈ গৈ আছিল ।
হঠাৎ একাংশ ছাত্ৰ-ছাত্ৰী গীৰ্জাৰ পৰা ওলাই আহিছিল । তেওঁ চলাই অহা টেংকাৰখনৰ সন্মুখতে আছিল শিক্ষাৰ্থীসকল । তেতিয়া বীৰ জোৱানগৰাকীয়ে কণ কণ শিক্ষাৰ্থীসকলৰ জীৱন ৰক্ষা কৰিবলৈ বাহনখন আন এটা দিশলৈ লৈ যোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয় । সেই দুৰ্ঘটনাটোত জোৱানগৰাকী শ্বহীদ হয় ।
ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া এই মহান বীৰগৰাকীৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰখাৰ মানসেৰে পৰিয়ালৰ লোকে শ্বহীদ শৰৎ গগৈৰ আবক্ষ মূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত লয় । সেই মতে আটকধুনীয়াকৈ সাজি উলিয়ায় শ্বহীদ শৰৎ গগৈৰ এটা আৱক্ষ মূৰ্তি । বৃহস্পতিবাৰে এই আবক্ষ মূৰ্তি উন্মোচন কৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ।

মূৰ্তিটো উন্মোচন কৰি বিধায়ক মৃণাল শইকীয়াই কয়, "শ্বহীদ শৰৎ গগৈ ২০২৩ চনত নাগালেণ্ডত সীমান্ত সুৰক্ষা বাহিনীত কৰ্মৰত আছিল । ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন ৰক্ষা কৰিবলৈ যাওঁতে তেওঁ চলোৱা বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয় । তেওঁৰ স্মৃতিত তেওঁৰ পৰিয়ালে এটা আবক্ষ মূৰ্তি নিৰ্মাণ কৰিছিল আৰু মোক উন্মোচন কৰিবলৈ নিমন্ত্ৰণ জনাইছিল । শ্বহীদগৰাকীক আমি শ্ৰদ্ধাৰে সুঁৱৰিছো ।’’

আনহাতে এই সম্পৰ্কে শ্বহীদ শৰৎ গগৈৰ পত্নীয়ে কয়, "তেওঁ নাগালেণ্ডৰ চাতাখাত ১১১ নং বেটেলিয়নত নিয়োজিত হৈ আছিল । ২০২৩ চনৰ মে' মাহৰ ৬ তাৰিখে তেওঁ সন্ধিয়া ভাগত দুৰ্ঘটনাত পতিত হয় । প্ৰথম অৱস্থাত মোক অৱগত কৰা নাছিল, পৰিয়ালৰ বেলেগ সদস্যক জনাইছিল । তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন ৰক্ষা কৰিবলৈ যাওঁতে নিজৰ প্ৰাণ আহুতি দিছিল । আজি মই এগৰাকী শ্বহীদৰ পত্নী হিচাপে গৌৰৱান্বিত ।"
লগতে পঢ়ক :সেনা জোৱানৰ ওপৰত চলিল দলবদ্ধ আক্ৰমণ - SOLDIER ATTACKED AT UMRANGSO