ETV Bharat / state

বিজয়া দশমীত বিধায়ক চক্ৰধৰ গগৈয়ে কি আহ্বান জনালে ৰাইজক ?

Durga Idol immersion : বিজয়া দশমীত ভক্তই দেৱীক জনালে বিদায় । প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজত প্ৰতিমা বিসৰ্জন ।

Dibrugarh Durga Idol immersion
ডিব্ৰুগড়ত দেৱীক শেষ বিদায় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 13, 2024 at 5:31 PM IST

2 Min Read
Choose ETV Bharat

মৰাণ, ১৩ অক্টোবৰ: আজি বিজয়া দশমী । চাৰিদিনীয়া উৎসৱমুখৰ পৰিৱেশৰ অন্তত অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায়ৰ জনালে হাজাৰ হাজাৰ ভক্তই । এই সময়তেই খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৰাইজক সাৱধান হ'বলৈ জনালে আহ্বান ।

প্ৰতিকূল বতৰৰ মাজতো ডিব্ৰুগড় জিলাখনৰ খোৱাঙৰ গেমনৰ লগতে ব্ৰহ্মপুত্ৰৰ কাছাৰী ঘাটত দেৱীক শেষ বিদায় জনাবলৈ ওলাই আহিছে ভক্তসকল । পূৰ্বৰ দৰে ডিব্ৰুগড়ৰ খোৱাঙত বুঢ়ীদিহিং নদীত দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হৈছে । বিয়লিৰ পৰা আৰম্ভ হোৱা এই বিসৰ্জনৰ কাৰ্যসূচী সন্ধিয়া পৰ্যন্ত চলি থাকিব । আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজত প্ৰতিমাসমূহ বিসৰ্জন দিয়া হৈছে ।

ডিব্ৰুগড়ত দেৱীক শেষ বিদায় (ETV Bharat Assam)

এই বিসৰ্জনৰ দৃশ্য উপভোগ কৰিবলৈ বুঢ়ীদিহিঙৰ পাৰৰ লগতে গেমন দলঙত সহস্ৰাধিক লোকৰ সমাবেশ ঘটে । বিসৰ্জনস্থলীত কোনোধৰণৰ বিশৃংখল পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰবাবে পূজা সমিতিসমূহক কিছু নিয়ম বান্ধি দিয়ে প্ৰশাসনে । মৰাণ, খোৱাং, লেপেটকটা আদি ঠাইৰ লগতে কেইবাখনো চাহ-বাগিচাৰ দেৱী প্ৰতিমা ইয়াত বিসৰ্জন দিয়া হয় । প্ৰশাসনে জানিবলৈ দিয়া মতে, ১৮ খন দেৱী প্ৰতিমা বুঢ়ীদিহিং নদীত বিসৰ্জন দিয়া হ'ব ।

সকলোকে সাৱধান হ'বলৈ আহ্বান বিধায়ক চক্ৰধৰ গগৈৰ

খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই বিসৰ্জন স্থানত ব্যৱস্থাপনা তদাৰক কৰি সকলোকে শৃংখলাবদ্ধভাৱে সহযোগ কৰিবলৈ আহ্বান জনায় কয়, "এই বিসৰ্জন পৰ্বৰ সময়ত মা গোঁসানীলৈ সেৱা জনাইছো যাতে মায়ে বিদায়পৰত সকলোকে আশীৰ্বাদ দি যাওক । সকলোৰে কুশল-মংগল হওক । এই সময়ত সকলোকে সাৱধানতাৰে আজিৰ দিনটো পাৰ কৰিবলৈ আহ্বান জনাইছো । যিহেতু দেৱীক বিসৰ্জনৰ সময়ত কিছুমান ঘটনা-পৰিঘটনা হৈ যায়, তেনেধৰণৰ কোনো দুৰ্ঘটনা যাতে নহওক মই তাকেই কামনা কৰিছো । সকলোৱে সাৱধানতাৰে দেৱীক বিসৰ্জন দি ঘৰমুৱা হওক । "

আনহাতে, একেই উৎসৱমুখৰ পৰিৱেশত ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নদীৰ কছাৰী ঘাটত দেৱীক বিসৰ্জন দিয়া হয় । প্ৰশাসনে দেৱী বিসৰ্জনৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰে । দেৱী বিসৰ্জনস্থলীত কোনোধৰণৰ বিশৃংখল পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে । চহৰখনত অনুষ্ঠিত শতাধিক পূজাৰ মৃন্ময় প্ৰতিমা এই ঘাটত বিৰ্সজন দিয়া হৈছে ।

লগতে পঢ়ক:অশ্ৰুসিক্ত নয়নেৰে বছৰটোলৈ বিদায় মা দুৰ্গাক

চূণচালি ঘাটত শনিবাৰে ১৭ খন পূজাৰ প্ৰতিমা বিসৰ্জন; দেওবাৰেও অব্যাহত থাকিব বিসৰ্জন প্ৰক্ৰিয়া